--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়া পাতি সংসাৰ কৰাৰ ৮ বছৰৰ পাছতহে এগৰাকী মহিলাই গম পালে যে তেওঁৰ স্বামী পূৰ্বতে এগৰাকী মহিলা হে আছিল। এই কথা জানিব পাৰি মহিলাগৰাকীৰ মূৰত আকাশী সৰগ ভাগি পৰিছে। আঠ বছৰ আগতে যেতিয়া ববিতাই (নাম সলনি কৰা হৈছে) বিয়া পাতিছিল, তেতিয়া তেওঁ সপোনতো ভবা নাছিল যে তেওঁৰ স্বামী পূৰ্বতে মহিলা আছিল। 

গুজৰাটৰ বদোদৰাৰ ৪০ বছৰীয়া ববিতা ২০১৪ চনত বিবাহপাশত আবদ্ধ হৈছিল। বিয়াৰ ৮ বছৰৰ পাছতহে ববিতাই গম পালে যে তেওঁ যাক বিয়া কৰালে সেইজন প্ৰকৃততে মহিলাহে আছিল। লিংগ সলনি কৰি তেওঁ পুৰুষ হৈছিল। মহিলাগৰাকীয়ে বুধবাৰে গোত্ৰী আৰক্ষীত এজাহাৰ দাখিল কৰি স্বামী বিৰাজ বৰ্ধনে প্ৰতাৰণা কৰি বিয়া পতাৰ লগতে অস্বাভাৱিক যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উত্থাপন কৰে। মহিলাগৰাকীয়ে এজাহাৰত স্বামীৰ পৰিয়ালৰ লোকৰ নামো উল্লেখ কৰিছে। আৰক্ষীক ববিতাই জনোৱা মতে, বিৰাজ বৰ্ধনক মেট্ৰিমনিয়েল চাইটৰ জৰিয়তে লগ পাইছিল। ৯ বছৰ পূৰ্বে দুয়ো চিনাকি হৈছিল। ২০১১ চনত পথ দুৰ্ঘটনাত মৃত্যু হৈছিল ববিতাৰ প্ৰথম স্বামীৰ আৰু তেওঁলোকৰ ১৪ বছৰীয়া কন্যা সন্তানো আছিল।

আৰক্ষীৰ মতে, ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত পৰিয়ালৰ সদস্যৰ উপস্থিতিত ববিতা আৰু বিৰাজ বিবাহপাশত আবদ্ধ হৈছিল আৰু আনকি দুয়ো হানিমুনত কাশ্মীৰলৈও গৈছিল। কিন্তু বিৰাজে হানিমুনত ববিতাৰ পৰা বিভিন্ন অজুহাত দেখুৱাই আঁতৰি থাকিল। ববিতাই যেতিয়া তেওঁক হেঁচা দিছিল, তেতিয়া বিৰাজে কৈছিল যে কেইবছৰমান আগতে ৰাছিয়াত তেওঁৰ লগত সংঘটিত হোৱা এটা দুৰ্ঘটনাই তেওঁক যৌন সম্পৰ্ক কৰাৰ ক্ষেত্ৰত অক্ষম কৰি তুলিলে কিন্তু দুটামান সৰু সৰু অস্ত্ৰোপচাৰৰ পিছতেই তেওঁ সম্পূৰ্ণ সুস্থ হৈ পৰিব বুলি ববিতাক জনাইছিল।

২০২০ চনৰ জানুৱাৰী মাহত বিৰাজে ববিতাক জনাইছিল যে তেওঁ মেদবহুলতা হ্ৰাস কৰিবলৈ বেৰিয়াট্ৰিক অস্ত্ৰোপচাৰ কৰিব বিচাৰে। সেইবাবে তেওঁ কলকাতালৈ গৈছিল। পাছত বিৰাজে প্ৰকাশ কৰে যে তেওঁ প্ৰকৃততে পুৰুষৰ অংগ লগাবৰ বাবেহে অস্ত্ৰোপচাৰ কৰাইছিল।

ববিতাই আৰক্ষীক জনোৱা মতে, বিৰাজে তেওঁৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক স্থাপন কৰিবলৈ আৰম্ভ কৰিছিল আৰু লগতে এই বিষয়ে কাৰোবাৰ লগত কথা পাতিলে পৰিণাম ভয়াৱহ হব বুলি ভাবুকিও দিছিল। মহিলাগৰাকীয়ে লগতে অভিযোগ কৰে যে বিৰাজে ববিতাৰ নামত ৯০ লাখ টকাৰ ঋণ লৈ  ফ্লেট এটাও ক্ৰয় কৰিছে। গোত্ৰিৰ আৰক্ষী পৰিদৰ্শকএম কে গুৰজাৰে জনোৱা মতে অভিযুক্তক আটক কৰি দিল্লীৰ পৰা বদোদৰালৈ অনা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী