--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়া পাতি সংসাৰ কৰাৰ ৮ বছৰৰ পাছতহে এগৰাকী মহিলাই গম পালে যে তেওঁৰ স্বামী পূৰ্বতে এগৰাকী মহিলা হে আছিল। এই কথা জানিব পাৰি মহিলাগৰাকীৰ মূৰত আকাশী সৰগ ভাগি পৰিছে। আঠ বছৰ আগতে যেতিয়া ববিতাই (নাম সলনি কৰা হৈছে) বিয়া পাতিছিল, তেতিয়া তেওঁ সপোনতো ভবা নাছিল যে তেওঁৰ স্বামী পূৰ্বতে মহিলা আছিল। 

গুজৰাটৰ বদোদৰাৰ ৪০ বছৰীয়া ববিতা ২০১৪ চনত বিবাহপাশত আবদ্ধ হৈছিল। বিয়াৰ ৮ বছৰৰ পাছতহে ববিতাই গম পালে যে তেওঁ যাক বিয়া কৰালে সেইজন প্ৰকৃততে মহিলাহে আছিল। লিংগ সলনি কৰি তেওঁ পুৰুষ হৈছিল। মহিলাগৰাকীয়ে বুধবাৰে গোত্ৰী আৰক্ষীত এজাহাৰ দাখিল কৰি স্বামী বিৰাজ বৰ্ধনে প্ৰতাৰণা কৰি বিয়া পতাৰ লগতে অস্বাভাৱিক যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উত্থাপন কৰে। মহিলাগৰাকীয়ে এজাহাৰত স্বামীৰ পৰিয়ালৰ লোকৰ নামো উল্লেখ কৰিছে। আৰক্ষীক ববিতাই জনোৱা মতে, বিৰাজ বৰ্ধনক মেট্ৰিমনিয়েল চাইটৰ জৰিয়তে লগ পাইছিল। ৯ বছৰ পূৰ্বে দুয়ো চিনাকি হৈছিল। ২০১১ চনত পথ দুৰ্ঘটনাত মৃত্যু হৈছিল ববিতাৰ প্ৰথম স্বামীৰ আৰু তেওঁলোকৰ ১৪ বছৰীয়া কন্যা সন্তানো আছিল।

আৰক্ষীৰ মতে, ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত পৰিয়ালৰ সদস্যৰ উপস্থিতিত ববিতা আৰু বিৰাজ বিবাহপাশত আবদ্ধ হৈছিল আৰু আনকি দুয়ো হানিমুনত কাশ্মীৰলৈও গৈছিল। কিন্তু বিৰাজে হানিমুনত ববিতাৰ পৰা বিভিন্ন অজুহাত দেখুৱাই আঁতৰি থাকিল। ববিতাই যেতিয়া তেওঁক হেঁচা দিছিল, তেতিয়া বিৰাজে কৈছিল যে কেইবছৰমান আগতে ৰাছিয়াত তেওঁৰ লগত সংঘটিত হোৱা এটা দুৰ্ঘটনাই তেওঁক যৌন সম্পৰ্ক কৰাৰ ক্ষেত্ৰত অক্ষম কৰি তুলিলে কিন্তু দুটামান সৰু সৰু অস্ত্ৰোপচাৰৰ পিছতেই তেওঁ সম্পূৰ্ণ সুস্থ হৈ পৰিব বুলি ববিতাক জনাইছিল।

২০২০ চনৰ জানুৱাৰী মাহত বিৰাজে ববিতাক জনাইছিল যে তেওঁ মেদবহুলতা হ্ৰাস কৰিবলৈ বেৰিয়াট্ৰিক অস্ত্ৰোপচাৰ কৰিব বিচাৰে। সেইবাবে তেওঁ কলকাতালৈ গৈছিল। পাছত বিৰাজে প্ৰকাশ কৰে যে তেওঁ প্ৰকৃততে পুৰুষৰ অংগ লগাবৰ বাবেহে অস্ত্ৰোপচাৰ কৰাইছিল।

ববিতাই আৰক্ষীক জনোৱা মতে, বিৰাজে তেওঁৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক স্থাপন কৰিবলৈ আৰম্ভ কৰিছিল আৰু লগতে এই বিষয়ে কাৰোবাৰ লগত কথা পাতিলে পৰিণাম ভয়াৱহ হব বুলি ভাবুকিও দিছিল। মহিলাগৰাকীয়ে লগতে অভিযোগ কৰে যে বিৰাজে ববিতাৰ নামত ৯০ লাখ টকাৰ ঋণ লৈ  ফ্লেট এটাও ক্ৰয় কৰিছে। গোত্ৰিৰ আৰক্ষী পৰিদৰ্শকএম কে গুৰজাৰে জনোৱা মতে অভিযুক্তক আটক কৰি দিল্লীৰ পৰা বদোদৰালৈ অনা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু