--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যসভাৰ নিৰ্বাচনৰ পাছতে হিমাচল প্ৰদেশ চৰকাৰত ৰাজনৈতিক সংকটে দেখা দিছে। পতনৰ দিশে অগ্ৰসৰ হৈছে কংগ্ৰেছশাসিত হিমাচলত সুখবিন্দৰ সিং সুখুৰ চৰকাৰ। মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চৰকাৰৰ বিৰুদ্ধে অনাস্থাৰ দাবী বিৰোধী বিজেপিৰ। 

কিয়নো, কালি অনুষ্ঠিত ৰাজ্যসভাৰ একমাত্ৰ আসনত বিজয়ী হৈছিল বিজেপি প্ৰাৰ্থী হৰ্ষ মহাজন। হিমাচল প্ৰদেশত ৰাজ্যসভাৰ একমাত্ৰ আসনৰ নিৰ্বাচনত কংগ্ৰেছ-বিজেপি উভয় দলৰ প্ৰাৰ্থীয়ে লাভ কৰিছিল ৩৪টাকৈ ভোট। যাৰ পাছত টছৰ জৰিয়তে হৰ্ষ মহাজনক বিজয়ী ঘোষণা কৰা হৈছিল। আনহাতে পৰাজিত হৈছিল কংগ্ৰেছ প্ৰাৰ্থী অভিষেক মনু সিংভী। এই নিৰ্বাচনৰ পাছতে এতিয়া হিমাচলত ৰাজনৈতিক সংকটে দেখা দিছে৷

কিয়নো ৬৮খন আসন বিশিষ্ট হিমাচল বিধানসভাত সুখবিন্দৰ সিং চৰকাৰে আস্থা হেৰুৱাওৱাৰ দাবী বিজেপিৰ। হিমাচল বিধানসভাৰ মেজিক নাম্বাৰ হৈছে ৩৫। কিন্তু ৪০ জন বিধায়ক থকাৰ পাছতো ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীয়ে লাভ কৰিছিল ৩৪ টা ভোট। যাৰ বাবে এতিয়া সুখবিন্দৰ সিং সুখুৰ চৰকাৰৰ বিৰুদ্ধে উঠিছে অনাস্থাৰ দাবী। বহুকেইগৰাকী কংগ্ৰেছী বিধায়ক বিজেপিৰ শিবিৰত যোগ দিয়াৰ দাবী গেৰুৱা দলটোৰ। কিয়নো ৰাজ্যসভাৰ নিৰ্বাচনত হিমাচলত  ৬ কংগ্ৰেছ বিধায়কে কৰিছিল ক্ৰছ ভোটিং।

যাৰ পাছতে এতিয়া হিমাচলত শাসনৰ গাদী ৰক্ষাৰ তৎপৰতা কংগ্ৰেছৰ। ৬ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে অনুশাসন ভংগৰ অভিযোগেৰে কংগ্ৰেছ নেতৃত্বই বিধানসভাত আনিলে দল বিৰোধী আইনৰ অধীনত বিধায়ক পদ খাৰিজৰ প্ৰস্তাৱ। তাৰ বিপৰীতে পদ এৰিবলৈ অমান্তি মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰাৰ খবৰ বিজেপি প্ৰচাৰিত উৰা বাতিৰ বুলি অভিহিত কংগ্ৰেছ নেতাগৰাকীৰ।

ইপিনে, আজি অনুষ্ঠিত হোৱা হিমাচল বিধানসভাৰ বাজেট অধিৱেশনৰ অধ্যক্ষই সদনৰ পৰা বহিষ্কাৰ কৰে ১৫ গৰাকীকৈ বিজেপি বিধায়কক। তাৰ বিপৰীতে বুধবাৰে পুৱা নিজৰ পদৰ পৰা পদত্যাগ কৰে হিমাচল প্ৰদেশৰ PWD মন্ত্ৰী বিক্ৰমাদিত্য। যাৰ লগে লগে মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ নেতৃত্বৰ প্ৰতি উঠিছে প্ৰশ্নচিহ্ন। তেনে পৰিস্থিতিত মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দিশে কংগ্ৰেছ নেতৃত্ব। 

ইতিমধ্যে, হিমাচলত উপস্থিত হৈছে কেন্দ্ৰীয় পৰ্যবেক্ষক ডি কে শিৱকুমাৰ। আজি সন্ধিয়াৰ পৰা আৰম্ভ হোৱা বিধায়িনী দলৰ বৈঠকত গ্ৰহণ কৰা হ’ব পাৰে নতুন মুখ্যমন্ত্ৰী সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত। ইতিমধ্যে নতুন মুখ্যমন্ত্ৰী পদৰ বাবে ব্যাপক চৰ্চাত মুকেশ অগ্নিহোত্ৰীৰ নাম। ইপিনে, প্ৰদেশখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা জয়ৰাম ঠাকুৰে ১৫ বিজেপি বিধায়কক নিলম্বনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে শীঘ্ৰেই পতন ঘটিব হিমাচলত কংগ্ৰেছ চৰকাৰৰ। বিজেপিৰ এনে দাবীৰ বিপৰীতে এতিয়া হিমাচলত কংগ্ৰেছৰ দুৰ্গ ৰক্ষাৰ কুচকাৱাজ অব্যাহত ৰাখিছে কংগ্ৰেছ নেতৃত্বই। মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ প্ৰতি নাৰাজ বিধায়কসকলে ইতিমধ্যে বাৰ্তালাপ কৰিছে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গে আৰু প্ৰিয়ংকা গান্ধীৰে। হিমাচলত অব্যাহত ৰাজনৈতিক সংকটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশেও৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু