--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যসভাৰ নিৰ্বাচনৰ পাছতে হিমাচল প্ৰদেশ চৰকাৰত ৰাজনৈতিক সংকটে দেখা দিছে। পতনৰ দিশে অগ্ৰসৰ হৈছে কংগ্ৰেছশাসিত হিমাচলত সুখবিন্দৰ সিং সুখুৰ চৰকাৰ। মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চৰকাৰৰ বিৰুদ্ধে অনাস্থাৰ দাবী বিৰোধী বিজেপিৰ। 

কিয়নো, কালি অনুষ্ঠিত ৰাজ্যসভাৰ একমাত্ৰ আসনত বিজয়ী হৈছিল বিজেপি প্ৰাৰ্থী হৰ্ষ মহাজন। হিমাচল প্ৰদেশত ৰাজ্যসভাৰ একমাত্ৰ আসনৰ নিৰ্বাচনত কংগ্ৰেছ-বিজেপি উভয় দলৰ প্ৰাৰ্থীয়ে লাভ কৰিছিল ৩৪টাকৈ ভোট। যাৰ পাছত টছৰ জৰিয়তে হৰ্ষ মহাজনক বিজয়ী ঘোষণা কৰা হৈছিল। আনহাতে পৰাজিত হৈছিল কংগ্ৰেছ প্ৰাৰ্থী অভিষেক মনু সিংভী। এই নিৰ্বাচনৰ পাছতে এতিয়া হিমাচলত ৰাজনৈতিক সংকটে দেখা দিছে৷

কিয়নো ৬৮খন আসন বিশিষ্ট হিমাচল বিধানসভাত সুখবিন্দৰ সিং চৰকাৰে আস্থা হেৰুৱাওৱাৰ দাবী বিজেপিৰ। হিমাচল বিধানসভাৰ মেজিক নাম্বাৰ হৈছে ৩৫। কিন্তু ৪০ জন বিধায়ক থকাৰ পাছতো ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীয়ে লাভ কৰিছিল ৩৪ টা ভোট। যাৰ বাবে এতিয়া সুখবিন্দৰ সিং সুখুৰ চৰকাৰৰ বিৰুদ্ধে উঠিছে অনাস্থাৰ দাবী। বহুকেইগৰাকী কংগ্ৰেছী বিধায়ক বিজেপিৰ শিবিৰত যোগ দিয়াৰ দাবী গেৰুৱা দলটোৰ। কিয়নো ৰাজ্যসভাৰ নিৰ্বাচনত হিমাচলত  ৬ কংগ্ৰেছ বিধায়কে কৰিছিল ক্ৰছ ভোটিং।

যাৰ পাছতে এতিয়া হিমাচলত শাসনৰ গাদী ৰক্ষাৰ তৎপৰতা কংগ্ৰেছৰ। ৬ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে অনুশাসন ভংগৰ অভিযোগেৰে কংগ্ৰেছ নেতৃত্বই বিধানসভাত আনিলে দল বিৰোধী আইনৰ অধীনত বিধায়ক পদ খাৰিজৰ প্ৰস্তাৱ। তাৰ বিপৰীতে পদ এৰিবলৈ অমান্তি মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰাৰ খবৰ বিজেপি প্ৰচাৰিত উৰা বাতিৰ বুলি অভিহিত কংগ্ৰেছ নেতাগৰাকীৰ।

ইপিনে, আজি অনুষ্ঠিত হোৱা হিমাচল বিধানসভাৰ বাজেট অধিৱেশনৰ অধ্যক্ষই সদনৰ পৰা বহিষ্কাৰ কৰে ১৫ গৰাকীকৈ বিজেপি বিধায়কক। তাৰ বিপৰীতে বুধবাৰে পুৱা নিজৰ পদৰ পৰা পদত্যাগ কৰে হিমাচল প্ৰদেশৰ PWD মন্ত্ৰী বিক্ৰমাদিত্য। যাৰ লগে লগে মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ নেতৃত্বৰ প্ৰতি উঠিছে প্ৰশ্নচিহ্ন। তেনে পৰিস্থিতিত মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দিশে কংগ্ৰেছ নেতৃত্ব। 

ইতিমধ্যে, হিমাচলত উপস্থিত হৈছে কেন্দ্ৰীয় পৰ্যবেক্ষক ডি কে শিৱকুমাৰ। আজি সন্ধিয়াৰ পৰা আৰম্ভ হোৱা বিধায়িনী দলৰ বৈঠকত গ্ৰহণ কৰা হ’ব পাৰে নতুন মুখ্যমন্ত্ৰী সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত। ইতিমধ্যে নতুন মুখ্যমন্ত্ৰী পদৰ বাবে ব্যাপক চৰ্চাত মুকেশ অগ্নিহোত্ৰীৰ নাম। ইপিনে, প্ৰদেশখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা জয়ৰাম ঠাকুৰে ১৫ বিজেপি বিধায়কক নিলম্বনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে শীঘ্ৰেই পতন ঘটিব হিমাচলত কংগ্ৰেছ চৰকাৰৰ। বিজেপিৰ এনে দাবীৰ বিপৰীতে এতিয়া হিমাচলত কংগ্ৰেছৰ দুৰ্গ ৰক্ষাৰ কুচকাৱাজ অব্যাহত ৰাখিছে কংগ্ৰেছ নেতৃত্বই। মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ প্ৰতি নাৰাজ বিধায়কসকলে ইতিমধ্যে বাৰ্তালাপ কৰিছে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গে আৰু প্ৰিয়ংকা গান্ধীৰে। হিমাচলত অব্যাহত ৰাজনৈতিক সংকটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশেও৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ