--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গণতন্ত্ৰ ৰক্ষাৰ যুঁজত ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়৷নিৰ্বাচনৰ পূৰ্বে মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত এখন আৱেদন দাখিল কৰা হয়। এই বিষয়ত উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰ, কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগ সকলোকে জাননী জাৰি কৰিছে। এই বিষয়টো বিনামূলীয়া ঘোষণাৰ ওপৰত ইতিমধ্যে বিচাৰাধীন আবেদনৰ লগতো সংযোজন কৰা হৈছে। আবেদনকাৰী ভট্টুলাল জৈনে কয় যে নিৰ্বাচনী লাভালাভৰ বাবে নিৰ্মাণ কৰা আঁচনিসমূহে শেষত সাধাৰণ জনতাৰ ওপৰত বোজা জাপি দিয়ে।

ৰাজস্থান আৰু মধ্যপ্ৰদেশত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ বাবে এনে আঁচনি ঘোষণা কৰা হৈছে, য’ত তেওঁলোকক নগদ ধন দিয়া হ’ব। ইয়াক ‘ফ্ৰীবিজ’ বুলিও কোৱা হৈছে। উচ্চতম ন্যায়ালয়ে ইয়াৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয় যে নিৰ্বাচনৰ পূৰ্বে সকলো ধৰণৰ প্ৰতিশ্ৰুতি দিয়া হয়। এই সন্দৰ্ভত আবেদনকাৰীৰ অধিবক্তাই কয় যে ইয়াত আমি কেৱল প্ৰতিশ্ৰুতিৰ কথা কোৱা নাই। ইয়াৰ বাবেই নেট ৱৰ্থ ঋণাত্মক হৈ পৰিছে। 

মুখ্য ন্যায়াধীশে সোধে যে,“ আপুনি ইয়ালৈ কিয় আহিছে? আপোনাৰ শুনানি উচ্চ ন্যায়ালয়ত হোৱা নাছিল নেকি? আবেদনকাৰীৰ অধিবক্তাই কয় যে ৰাজস্থানকে ধৰি দুখন ৰাজ্যত ফ্ৰীবিজৰ গোচৰ পোহৰলৈ আহিছে। শুনানিৰ সময়ত আবেদনকাৰীৰ অধিবক্তাই কয় যে জনস্বাৰ্থ কি আৰু কি নহয় তাৰ মাজত ৰেখা আঁকিব লাগিব। চৰকাৰক নগদ ধন বিতৰণ কৰিবলৈ দিয়াতকৈ নিষ্ঠুৰ একোৱেই নাই। এই সকলোবোৰ আৰম্ভ হয় নিৰ্বাচনৰ মাত্ৰ ছমাহৰ আগতে।”

অধিবক্তাগৰাকীয়ে কয় যে শেষত কৰদাতা জনসাধাৰণে বোজা বহন কৰিবলগীয়া হয়। বিষয়টো শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশে কেন্দ্ৰীয় চৰকাৰ, নিৰ্বাচন আয়োগ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানলৈ জাননী জাৰি কৰে। তদুপৰি এই জাননীৰ উত্তৰ চাৰি সপ্তাহৰ ভিতৰত কেন্দ্ৰ,ৰাজ্য আৰু নিৰ্বাচন আয়োগক দিবলৈ কোৱা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ