--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গণতন্ত্ৰ ৰক্ষাৰ যুঁজত ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়৷নিৰ্বাচনৰ পূৰ্বে মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত এখন আৱেদন দাখিল কৰা হয়। এই বিষয়ত উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰ, কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগ সকলোকে জাননী জাৰি কৰিছে। এই বিষয়টো বিনামূলীয়া ঘোষণাৰ ওপৰত ইতিমধ্যে বিচাৰাধীন আবেদনৰ লগতো সংযোজন কৰা হৈছে। আবেদনকাৰী ভট্টুলাল জৈনে কয় যে নিৰ্বাচনী লাভালাভৰ বাবে নিৰ্মাণ কৰা আঁচনিসমূহে শেষত সাধাৰণ জনতাৰ ওপৰত বোজা জাপি দিয়ে।

ৰাজস্থান আৰু মধ্যপ্ৰদেশত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ বাবে এনে আঁচনি ঘোষণা কৰা হৈছে, য’ত তেওঁলোকক নগদ ধন দিয়া হ’ব। ইয়াক ‘ফ্ৰীবিজ’ বুলিও কোৱা হৈছে। উচ্চতম ন্যায়ালয়ে ইয়াৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয় যে নিৰ্বাচনৰ পূৰ্বে সকলো ধৰণৰ প্ৰতিশ্ৰুতি দিয়া হয়। এই সন্দৰ্ভত আবেদনকাৰীৰ অধিবক্তাই কয় যে ইয়াত আমি কেৱল প্ৰতিশ্ৰুতিৰ কথা কোৱা নাই। ইয়াৰ বাবেই নেট ৱৰ্থ ঋণাত্মক হৈ পৰিছে। 

মুখ্য ন্যায়াধীশে সোধে যে,“ আপুনি ইয়ালৈ কিয় আহিছে? আপোনাৰ শুনানি উচ্চ ন্যায়ালয়ত হোৱা নাছিল নেকি? আবেদনকাৰীৰ অধিবক্তাই কয় যে ৰাজস্থানকে ধৰি দুখন ৰাজ্যত ফ্ৰীবিজৰ গোচৰ পোহৰলৈ আহিছে। শুনানিৰ সময়ত আবেদনকাৰীৰ অধিবক্তাই কয় যে জনস্বাৰ্থ কি আৰু কি নহয় তাৰ মাজত ৰেখা আঁকিব লাগিব। চৰকাৰক নগদ ধন বিতৰণ কৰিবলৈ দিয়াতকৈ নিষ্ঠুৰ একোৱেই নাই। এই সকলোবোৰ আৰম্ভ হয় নিৰ্বাচনৰ মাত্ৰ ছমাহৰ আগতে।”

অধিবক্তাগৰাকীয়ে কয় যে শেষত কৰদাতা জনসাধাৰণে বোজা বহন কৰিবলগীয়া হয়। বিষয়টো শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশে কেন্দ্ৰীয় চৰকাৰ, নিৰ্বাচন আয়োগ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানলৈ জাননী জাৰি কৰে। তদুপৰি এই জাননীৰ উত্তৰ চাৰি সপ্তাহৰ ভিতৰত কেন্দ্ৰ,ৰাজ্য আৰু নিৰ্বাচন আয়োগক দিবলৈ কোৱা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু