--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘জৰুৰীকালীন অৱস্থাতকৈ দেশৰ বৰ্তমানৰ অৱস্থা বহুত বেছি বিপজ্জনক।’ ‘নিউজক্লিক’ৰ ওপৰত চলা আক্ৰমণৰ পাছত বৃহস্পতিবাৰে প্ৰখ্যাত কথাশিল্পী অৰুন্ধতী ৰয়ে  প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এনেদৰে৷ 

‘নিউজক্লিক’ৰ সৈতে জড়িত প্ৰায় ৫০গৰাকী লোকৰ ওপৰত চলোৱা অভিযানৰ প্ৰতিবাদত বুধবাৰে সাংবাদিকসকলে নতুন দিল্লীৰ প্ৰেছ ক্লাব অব্ ইণ্ডিয়াত একত্ৰিত হোৱাৰ সময়ত লেখক অৰুন্ধতী ৰয়ে ‘দ্য ৱায়াৰ’ক কয় যে জৰুৰীকালীন অৱস্থাতকৈও দেশৰ বৰ্তমানৰ অৱস্থা বহুত বেছি বিপদজ্জনক। 

তেওঁ লগতে কয় যে কেৱল সীমিত সময়ৰ বাবেহে জৰুৰীকালীন অৱস্থা জাৰি কৰিব পাৰি৷ কিন্তু বিজেপি আৰু নৰেন্দ্ৰ মোদীয়ে গণৰাজ্যৰ প্ৰকৃতি সলনি কৰাৰ প্ৰচেষ্টা আৰু সংবিধান আৰু জনসাধাৰণৰ কণ্ঠস্বৰ দমন কৰাৰ প্ৰচেষ্টাক পুনৰ ক্ষমতালৈ নিৰ্বাচিত হ’লে বাধাহীনভাৱে অব্যাহত ৰাখিব পাৰে। তেওঁ সতৰ্ক কৰি কয়, যদি বিজেপিয়ে ২০২৪ চনত নিৰ্বাচনত জয়লাভ কৰে, তেন্তে ভাৰত গণতান্ত্ৰিক দেশ হৈ নাথাকিব৷

লেখক-কৰ্মীজনে লগতে কৈছিল যে মূলসুঁতিৰ সংবাদ মাধ্যমক আৰু সংবাদ মাধ্যম হিচাপে গণ্য কৰিব নোৱাৰি। ‘নিউজক্লিক’ৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থ আৰু ৱেব পৰ্টেলৰ এইচআৰ-মুৰব্বী অমিত চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত তেওঁ কয়, ডিজিটেল ক্ষেত্ৰত থকা সাংবাদিকসকলে সাংবাদিকতাৰ এক নতুন ধাৰা আৰম্ভ কৰিছে, যিয়ে চৰকাৰৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে।

ৰয়ে প্ৰশ্ন কৰি লগতে কয়, সাংবাদিকতা আৰু সন্ত্ৰাসবাদৰ মাজত কেনেকৈ কোনো সীমা নাথাকিব পাৰে? তেওঁলোকে কেনেকৈ ব্যাখ্যা অবিহনে সাংবাদিকৰ সামগ্ৰী জব্দ কৰিব পাৰে? তেওঁ কয় যে মোদী চৰকাৰে ইতিমধ্যে প্ৰতিক্ৰিয়াশীল নিয়ম জাৰি কৰিছে যিয়ে ইয়াক ভুৱা বাতৰি কি নিৰ্দেশ দিবলৈ অনুমতি দিব আৰু সংবাদ মাধ্যমৰ ওপৰত এনে আক্ৰমণৰ অৰ্থ হ’ব যে চৰকাৰৰ পক্ষত থকা বাতৰিহে ৰাইজৰ ওচৰলৈ আহিব।

লেখকগৰাকীয়ে লগতে কৈছিল যে ‘নিউজক্লিক’ৰ সৈতে জড়িত ব্যক্তিসকলৰ ওপৰত চলোৱা অভিযানে দেখুৱাইছে যে মোদী চৰকাৰ যথেষ্ট ভয়ত আছে। তেওঁ কৈছিল যে সাংবাদিকসকলৰ ওপৰত অভিযান আৰু গ্ৰেপ্তাৰক বিহাৰৰ জাতিপিয়লৰ পৰা ৰাইজৰ মনোযোগ বিচলিত কৰাৰ চৰকাৰৰ প্ৰচেষ্টা হিচাপে চোৱা উচিত নহয়। 

বুৰঞ্জীবিদ ৰামচন্দ্ৰ গুহই ‘দ্য ৱায়াৰ’ক কৈছিল যে মোদীৰ দৰে ইন্দিৰা গান্ধীও আধিপত্যবাদী আছিল। কিন্তু মোদীৰ বিপৰীতে তেওঁ সংখ্যাগৰিষ্ঠতাবাদী নাছিল। তেওঁ ধৰ্মৰ ভিত্তিত বৈষম্য কৰা নাছিল। আমি এই ধৰণৰ শাসনব্যৱস্থা আগতে দেখিছিলোঁ আৰু সেইবোৰ পাৰ হৈ গৈছে। এইটোও পাৰ হ’ব৷

অধিবক্তা প্ৰশান্ত ভূষণে কৈছিল যে নিউজক্লিক আৰু ইয়াৰ সৈতে জড়িত ব্যক্তিসকলৰ ওপৰত অভিযান বহুক্ষেত্ৰত অবৈধ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু