--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ বাবে উত্তৰ প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰীক চুলতানপুৰৰ এখন আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ জিয়া হৈছিল।মন্ত্ৰীজনে আদালতত হাজিৰ হোৱাৰ পিছতে  ন্যায়াধীশ চাইমা চিদ্দিকী আলমে মন্ত্ৰীজনক  ৫০০ টকাৰ  জৰিমনা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে।

উত্তৰ প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰী মায়াংকেশ্বৰ শৰণ সিঙৰ বিৰুদ্ধে ২০১৭ চনত নিৰ্বাচনত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছিল।   চুলতানপুৰৰ  আদালতে গোচৰটো সন্দৰ্ভত শুনানিগ্ৰহণ কৰি  মন্ত্ৰী জনক নিৰ্দোষী ঘোষণা কৰে।উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত মন্ত্ৰীজনৰ বিৰুদ্ধে গোচৰটোও ইতিমধ্যে  বন্ধ কৰা হৈছে।

মন্ত্ৰীজনৰ অধিবক্তাই আদালতক কয়  যে গোচৰটো ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত  ৰুজু কৰা হৈছিল । মন্ত্ৰীজনে আমেঠিত অনুষ্ঠিত এখন সভাত  নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উঠিছিল। মন্ত্ৰী জনৰ লগতে  প্ৰায় ১৫০ জন অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে নিৰ্বাচনী  আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছিল। ইয়াৰ পিছত ২০১৯ চনত মন্ত্ৰীজনক এই গোচৰত আদালতলৈ মতা হৈছিল। তেওঁৰ বিৰুদ্ধে  অভিযোগনামাও দাখিল কৰা হৈছিল।

ইয়াৰ পিছত, মন্ত্ৰীজনে উচ্চ ন্যায়ালয়ত এটা  গোচৰ ৰুজু কৰে। শেহতীয়াকৈ মন্ত্ৰীগৰাকীয়ে কৈছে  যে জৰিমনা আদায় দিয়াৰ  পিছত উচ্চ ন্যায়ালয়ে সংশ্লিষ্ট আদালতক গোচৰটো সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে।তাৰেই পৰিণতিত ২০১৭ চনৰ পৰা চলি থকা গোচৰটো বন্ধ কৰিবলৈ চুলতানপুৰৰ আদালতেও নিৰ্দেশ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু