--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ বাবে উত্তৰ প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰীক চুলতানপুৰৰ এখন আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ জিয়া হৈছিল।মন্ত্ৰীজনে আদালতত হাজিৰ হোৱাৰ পিছতে  ন্যায়াধীশ চাইমা চিদ্দিকী আলমে মন্ত্ৰীজনক  ৫০০ টকাৰ  জৰিমনা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে।

উত্তৰ প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰী মায়াংকেশ্বৰ শৰণ সিঙৰ বিৰুদ্ধে ২০১৭ চনত নিৰ্বাচনত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছিল।   চুলতানপুৰৰ  আদালতে গোচৰটো সন্দৰ্ভত শুনানিগ্ৰহণ কৰি  মন্ত্ৰী জনক নিৰ্দোষী ঘোষণা কৰে।উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত মন্ত্ৰীজনৰ বিৰুদ্ধে গোচৰটোও ইতিমধ্যে  বন্ধ কৰা হৈছে।

মন্ত্ৰীজনৰ অধিবক্তাই আদালতক কয়  যে গোচৰটো ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত  ৰুজু কৰা হৈছিল । মন্ত্ৰীজনে আমেঠিত অনুষ্ঠিত এখন সভাত  নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উঠিছিল। মন্ত্ৰী জনৰ লগতে  প্ৰায় ১৫০ জন অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে নিৰ্বাচনী  আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছিল। ইয়াৰ পিছত ২০১৯ চনত মন্ত্ৰীজনক এই গোচৰত আদালতলৈ মতা হৈছিল। তেওঁৰ বিৰুদ্ধে  অভিযোগনামাও দাখিল কৰা হৈছিল।

ইয়াৰ পিছত, মন্ত্ৰীজনে উচ্চ ন্যায়ালয়ত এটা  গোচৰ ৰুজু কৰে। শেহতীয়াকৈ মন্ত্ৰীগৰাকীয়ে কৈছে  যে জৰিমনা আদায় দিয়াৰ  পিছত উচ্চ ন্যায়ালয়ে সংশ্লিষ্ট আদালতক গোচৰটো সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে।তাৰেই পৰিণতিত ২০১৭ চনৰ পৰা চলি থকা গোচৰটো বন্ধ কৰিবলৈ চুলতানপুৰৰ আদালতেও নিৰ্দেশ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ