--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চাকৰিৰ মহঙা বজাৰ। নিবনুৱাৰ ভৰত ভাৰাক্ৰান্ত দেশ। এনে সময়তে কিবা নহয় কিবা এটা কাম পাবলৈ উদগ্ৰীৱ হৈ আছে বহু নিবনুৱা। কিন্তু এনে চাকৰিৰ বিজ্ঞাপনো এতিয়া ৰাজহুৱাকৈ প্ৰকাশ পাবলৈ ধৰিছে যি চাকৰি হয়ো কোনেও প্ৰকাশ্যে কৰিবলৈ আগুৱাই নাহিব। হয়, উত্তৰাখণ্ডত এতিয়া চাকৰি ওলাইছে।

'জিগলো'  অৰ্থাৎ পুৰুষ যৌন কৰ্মীৰ চাকৰি।  আৰক্ষী থানাৰ সন্মুখতে এনে প্লেবয় বিচাৰি পোষ্টাৰো লগোৱা হৈছে। এনে পোষ্টাৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে আৰক্ষীয়ে  মানুহক  এনে ধৰণৰ পোষ্টাৰৰ দ্বাৰা প্ৰভাৱান্বিত  নহ'বলৈ আহ্বান জনাইছে।

উত্তৰাখণ্ডৰ কোটদ্বাৰত এনে ধৰণৰ পোষ্টাৰ অলিয়ে-গলিয়ে ওলমি থকা দেখিবলৈ পোৱা গৈছে।  

পোষ্টাৰৰ ছবি এতিয়া ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। 'প্লে বয়' চাকৰিৰ পোষ্টাৰত লিখা আছে, "পুৰুষসকলে প্ৰতিদিনে ৫,০০০ ৰ পৰা ১০,০০০ টকা উপাৰ্জন কৰিবলৈ এছক'ৰ্ট কোম্পানীত যোগদান কৰক।" 

পোষ্টাৰত এটা হোৱাটছএপ নম্বৰো দিয়া হৈছে। অৱশ্যে, আৰক্ষীয়ে  কোনে পোষ্টাৰখন লগাইছে সেই বিষয়ত তদন্ত আৰম্ভ কৰিছে।

এনে পোষ্টাৰ লগোৱা লোকক চিনাক্ত কৰিবলৈ চহৰখনৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে।

এজন আৰক্ষী বিষয়াই সংবাদমাধ্যমক কয়, " স্থানীয় আৱাসীসকলেহে প্ৰথমে পোষ্টাৰৰ বিষয়ে অৱগত কৰিছিল। পোষ্টাৰত থকা ফোন নম্বৰৰ সৈতে যোগাযোগ কৰা হৈছিল। কিন্তু ফোনটো বন্ধ আছিল। অৱস্থানটো পৰীক্ষা কৰাৰ পিছতফোন নম্বৰটো দিল্লী আৰু হাৰিয়ানাৰ সীমান্তত পোৱা গৈছে।"  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু