--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চাকৰিৰ মহঙা বজাৰ। নিবনুৱাৰ ভৰত ভাৰাক্ৰান্ত দেশ। এনে সময়তে কিবা নহয় কিবা এটা কাম পাবলৈ উদগ্ৰীৱ হৈ আছে বহু নিবনুৱা। কিন্তু এনে চাকৰিৰ বিজ্ঞাপনো এতিয়া ৰাজহুৱাকৈ প্ৰকাশ পাবলৈ ধৰিছে যি চাকৰি হয়ো কোনেও প্ৰকাশ্যে কৰিবলৈ আগুৱাই নাহিব। হয়, উত্তৰাখণ্ডত এতিয়া চাকৰি ওলাইছে।

'জিগলো'  অৰ্থাৎ পুৰুষ যৌন কৰ্মীৰ চাকৰি।  আৰক্ষী থানাৰ সন্মুখতে এনে প্লেবয় বিচাৰি পোষ্টাৰো লগোৱা হৈছে। এনে পোষ্টাৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে আৰক্ষীয়ে  মানুহক  এনে ধৰণৰ পোষ্টাৰৰ দ্বাৰা প্ৰভাৱান্বিত  নহ'বলৈ আহ্বান জনাইছে।

উত্তৰাখণ্ডৰ কোটদ্বাৰত এনে ধৰণৰ পোষ্টাৰ অলিয়ে-গলিয়ে ওলমি থকা দেখিবলৈ পোৱা গৈছে।  

পোষ্টাৰৰ ছবি এতিয়া ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। 'প্লে বয়' চাকৰিৰ পোষ্টাৰত লিখা আছে, "পুৰুষসকলে প্ৰতিদিনে ৫,০০০ ৰ পৰা ১০,০০০ টকা উপাৰ্জন কৰিবলৈ এছক'ৰ্ট কোম্পানীত যোগদান কৰক।" 

পোষ্টাৰত এটা হোৱাটছএপ নম্বৰো দিয়া হৈছে। অৱশ্যে, আৰক্ষীয়ে  কোনে পোষ্টাৰখন লগাইছে সেই বিষয়ত তদন্ত আৰম্ভ কৰিছে।

এনে পোষ্টাৰ লগোৱা লোকক চিনাক্ত কৰিবলৈ চহৰখনৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে।

এজন আৰক্ষী বিষয়াই সংবাদমাধ্যমক কয়, " স্থানীয় আৱাসীসকলেহে প্ৰথমে পোষ্টাৰৰ বিষয়ে অৱগত কৰিছিল। পোষ্টাৰত থকা ফোন নম্বৰৰ সৈতে যোগাযোগ কৰা হৈছিল। কিন্তু ফোনটো বন্ধ আছিল। অৱস্থানটো পৰীক্ষা কৰাৰ পিছতফোন নম্বৰটো দিল্লী আৰু হাৰিয়ানাৰ সীমান্তত পোৱা গৈছে।"  

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ