--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মণিপুৰ আৰু ত্ৰিপুৰাবাসীৰ উন্নয়নৰ বাবে কেইবাটাও অভিলাষী উন্নয়নমূলক প্ৰকল্পৰ শুভ উদ্বোধনৰ উদ্দেশ্যে আজি মণিপুৰ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে আজি ইম্ফলত চাৰি হাজাৰ আঠ শ কোটি টকাৰ মুঠ ২২টা প্ৰকল্পৰ শুভ উদ্বোধন কৰে। আগৰতলাত মহাৰজা বীৰ বিক্ৰম বিমান বন্দৰত নতুন একত্রিত টাৰ্মিনেল ভৱনৰ উদ্বোধন কৰে। লগতে মণিপুৰত ১৮৫০ কোটি টকা ব্যয়েৰে ১৩টা প্ৰকল্প আৰু ২৯৫০ কোটি টকাৰ ৯টা প্ৰকল্পৰো উদ্বোধন কৰে।

আনহাতে ১৭০০ কোটি টকা ব্যয় সাপেক্ষে পাঁচটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুলি জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি উদ্বোধন কৰা এই প্ৰকল্পসমূহৰ অধিকাংশই হৈছে পথ আন্তঃগাঁথনি, খোৱাপানী যোগান, নগৰ উন্নয়ন, শিক্ষা, স্বাস্থ্য আৰু দক্ষতা বিকাশ। প্ৰধানমন্ত্ৰীগৰাকীৰ এই উদ্বোধনী কাৰ্যসূচীক লৈ উৎফুলিত হৈ পৰিছে মণিপুৰ আৰু ত্ৰিপুৰাবাসী। কিন্তু বিৰোধীয়ে চোকা সমালোচনা কৰি কয় যে এয়া কেৱল নিৰ্বাচনী টোপ, কাৰণ মণিপুৰ আৰু ত্ৰিপুৰা বিধানসভা নিৰ্বাচন সমাগত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ