--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এইবাৰ আন এগৰাকী কংগ্ৰেছীয়ে মন মেলিছে বিজেপিৰ মন্ত্ৰ জপাৰ! কংগ্ৰেছ দলৰ সংগঠনহীন অৱস্থা, দলটোৰ নেতৃত্বহীনতা আৰু ইটোক পাছত সিটো নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছত দলটোৰ অস্তিত্ব সংকটাপন্ন হৈ পৰিছে। বিভিন্ন উচ্চাকাংক্ষী নেতাই দল ত্যাগ কৰি পচন্দৰ আশ্ৰয় বাছি লৈছে। উজনিত একপ্ৰকাৰ ভেটি উছন হৈছে কংগ্ৰেছ দলৰ। নিৰ্বাচনত বৃহৎ পৰাজয়ৰ সন্মুখীন হোৱাই নহয় যিবোৰ সমষ্টিত দলটোৱে জয়লাভ কৰিছিল সেইবোৰৰ বিধায়কেও সাংগো-পাংগসহ যোগ দিছে শাসকীয় দলত। এই পৰিক্ৰমা এতিয়াও শেষ হোৱা নাই আৰু এই প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে। কেইবাগৰাকীও নেতা-বিধায়কে কংগ্ৰেছৰ পৰা আহি বিজেপি বা বিজেপিৰ সহযোগী দল অগপত চামিল হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইয়াৰ মাজতে এগৰাকী জ্যেষ্ঠ নেতাৰ এক কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।


সোমবাৰে দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ জালনী ক্লাবত অনুষ্ঠিত হৈছিল আৰক্ষী অধীক্ষকসকলৰ সন্মিলন। এই সন্মিলনত অসম আৰক্ষীৰ শীৰ্ষ পদবীধাৰীসকলৰ লগতে শাসকীয় বিজেপি দলৰ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ নেতা উপস্থিত আছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বৈঠকত নেতৃত্ব দিছিল। তাৎপৰ্যপূৰ্ণভাৱে এই বৈঠকত উপস্থিত আছিল কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ। শাসকীয় দলৰ নেতা-মন্ত্ৰীৰ সৈতে পৱনসিং ঘাটোৱাৰৰ এই অংশগ্ৰহণ বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। কিহৰ বাবে শাসক পক্ষৰে এই নিকটতা বজাই ৰাখিবলৈ চেষ্টা কৰিছে ঘাটোৱাৰৰ দৰে জ্যেষ্ঠ কংগ্ৰেছীয়ে। ইয়াৰ উত্তৰ হিচাপে এটা কথা সহজেই অনুমান কৰিব পাৰি যে, অহা এপ্ৰিল মাহত খালী হ’বলগীয়া ৰাজ্যসভাৰ দুখন আসনেই এইক্ষেত্ৰত বিশেষ প্ৰভাৱশালী ভূমিকা গ্ৰহণ কৰিব পাৰে।

অহা এপ্ৰিল মাহত খালী হ’ব কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা আৰু ৰাণী নৰহৰ আসন দুখন। এই আসন দুখন দখল কৰিবলৈ কংগ্ৰেছৰ এতিয়া সংখ্যাৰ জোৰ নাই। এখন আসন কংগ্ৰেছৰ হাতলৈ যোৱাৰ সম্ভৱনা আছে যদিও এই আসনখন ৰিপুন বৰাই অধিকাৰ কৰাৰ সম্ভাৱনা আছে। তাৰ বিপৰীতে ঘাটোৱাৰে যদিহে বিজেপিৰ প্ৰথম পচন্দৰ প্ৰাৰ্থী হিচাপে এই আসনত লাভ কৰে তেন্তে তেওঁ অতি সহজতে নিৰ্বাচিত হ’বলৈ সক্ষম হ’ব। সেয়েহে, এতিয়া পৱন সিং ঘাটোৱাৰৰ দৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতায়ো শাসকীয় দলৰ সৈতে নৈকট্য বৃদ্ধিৰ চেষ্টা কৰা বুলি ধাৰণা কৰা হৈছে। চাহ জনগোষ্ঠীৰ এই গুৰুত্বপূৰ্ণ নেতাগৰাকীৰ কংগ্ৰেছ বিমুখিতাই প্ৰকৃততে কংগ্ৰেছৰ অতি সাম্প্ৰতিক বাস্তৱিকতাকো তুলি ধৰিছে। দলটোৰ এই ক্ষয়িষ্ণু ৰূপে নতুন প্ৰজন্মক আকৰ্ষিত কৰাটো বাদেই পুৰণি প্ৰজন্মৰ নেতাসকলকো ক্ৰমাৎ দলবিমুখ কৰি তোলাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু