--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এইবাৰ আন এগৰাকী কংগ্ৰেছীয়ে মন মেলিছে বিজেপিৰ মন্ত্ৰ জপাৰ! কংগ্ৰেছ দলৰ সংগঠনহীন অৱস্থা, দলটোৰ নেতৃত্বহীনতা আৰু ইটোক পাছত সিটো নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছত দলটোৰ অস্তিত্ব সংকটাপন্ন হৈ পৰিছে। বিভিন্ন উচ্চাকাংক্ষী নেতাই দল ত্যাগ কৰি পচন্দৰ আশ্ৰয় বাছি লৈছে। উজনিত একপ্ৰকাৰ ভেটি উছন হৈছে কংগ্ৰেছ দলৰ। নিৰ্বাচনত বৃহৎ পৰাজয়ৰ সন্মুখীন হোৱাই নহয় যিবোৰ সমষ্টিত দলটোৱে জয়লাভ কৰিছিল সেইবোৰৰ বিধায়কেও সাংগো-পাংগসহ যোগ দিছে শাসকীয় দলত। এই পৰিক্ৰমা এতিয়াও শেষ হোৱা নাই আৰু এই প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে। কেইবাগৰাকীও নেতা-বিধায়কে কংগ্ৰেছৰ পৰা আহি বিজেপি বা বিজেপিৰ সহযোগী দল অগপত চামিল হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইয়াৰ মাজতে এগৰাকী জ্যেষ্ঠ নেতাৰ এক কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।


সোমবাৰে দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ জালনী ক্লাবত অনুষ্ঠিত হৈছিল আৰক্ষী অধীক্ষকসকলৰ সন্মিলন। এই সন্মিলনত অসম আৰক্ষীৰ শীৰ্ষ পদবীধাৰীসকলৰ লগতে শাসকীয় বিজেপি দলৰ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ নেতা উপস্থিত আছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বৈঠকত নেতৃত্ব দিছিল। তাৎপৰ্যপূৰ্ণভাৱে এই বৈঠকত উপস্থিত আছিল কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ। শাসকীয় দলৰ নেতা-মন্ত্ৰীৰ সৈতে পৱনসিং ঘাটোৱাৰৰ এই অংশগ্ৰহণ বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। কিহৰ বাবে শাসক পক্ষৰে এই নিকটতা বজাই ৰাখিবলৈ চেষ্টা কৰিছে ঘাটোৱাৰৰ দৰে জ্যেষ্ঠ কংগ্ৰেছীয়ে। ইয়াৰ উত্তৰ হিচাপে এটা কথা সহজেই অনুমান কৰিব পাৰি যে, অহা এপ্ৰিল মাহত খালী হ’বলগীয়া ৰাজ্যসভাৰ দুখন আসনেই এইক্ষেত্ৰত বিশেষ প্ৰভাৱশালী ভূমিকা গ্ৰহণ কৰিব পাৰে।

অহা এপ্ৰিল মাহত খালী হ’ব কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা আৰু ৰাণী নৰহৰ আসন দুখন। এই আসন দুখন দখল কৰিবলৈ কংগ্ৰেছৰ এতিয়া সংখ্যাৰ জোৰ নাই। এখন আসন কংগ্ৰেছৰ হাতলৈ যোৱাৰ সম্ভৱনা আছে যদিও এই আসনখন ৰিপুন বৰাই অধিকাৰ কৰাৰ সম্ভাৱনা আছে। তাৰ বিপৰীতে ঘাটোৱাৰে যদিহে বিজেপিৰ প্ৰথম পচন্দৰ প্ৰাৰ্থী হিচাপে এই আসনত লাভ কৰে তেন্তে তেওঁ অতি সহজতে নিৰ্বাচিত হ’বলৈ সক্ষম হ’ব। সেয়েহে, এতিয়া পৱন সিং ঘাটোৱাৰৰ দৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতায়ো শাসকীয় দলৰ সৈতে নৈকট্য বৃদ্ধিৰ চেষ্টা কৰা বুলি ধাৰণা কৰা হৈছে। চাহ জনগোষ্ঠীৰ এই গুৰুত্বপূৰ্ণ নেতাগৰাকীৰ কংগ্ৰেছ বিমুখিতাই প্ৰকৃততে কংগ্ৰেছৰ অতি সাম্প্ৰতিক বাস্তৱিকতাকো তুলি ধৰিছে। দলটোৰ এই ক্ষয়িষ্ণু ৰূপে নতুন প্ৰজন্মক আকৰ্ষিত কৰাটো বাদেই পুৰণি প্ৰজন্মৰ নেতাসকলকো ক্ৰমাৎ দলবিমুখ কৰি তোলাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ