--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুনৰ নিৰ্বাচনী গৰম বতাহে কোবাইছে দেশৰ ৰাজনীতি৷ নিৰ্বাচনী যুঁজলৈ সাজু হৈছে দেশৰ পাঁচখন ৰাজ্য৷ আৰম্ভ হৈছে নিৰ্বাচনী কুচ-কাৱাজো৷ ক্ষমতা দখলৰ লক্ষ্যৰে শাসক তথা বিৰোধী দল ইতিমধ্যে তৎপড় হৈ উঠিছে৷ ২০২২ৰ ফেব্ৰুৱাৰীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ক্ৰমে উত্তৰ-প্ৰদেশ, পঞ্জাব, গোৱা, উত্তৰাখণ্ড আৰু মনিপুৰত৷ আটাইকেইখন ৰাজ্যতে বিজেপি দলে নিজৰ দখলত অনাৰ চেষ্টা চলোৱাৰ সমান্তৰালকৈ বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছ আৰু আম আদমি পাৰ্টিয়ে বিশেষভাৱে নামি পৰিছে নিৰ্বাচনী যুঁজত৷

আজি উত্তৰ প্ৰদেশত কাশী বিশ্বনাথ প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কিছু অংশ শুভাৰম্ভ কৰিবলৈ ৰাজ্যখনত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ বৰ্তমান বিজেপিৰ শাসনতে থকা উত্তৰ প্ৰদেশ চৰকাৰখন পুনৰ দখলৰ চেষ্টাত নামি পৰিছে বিজেপি৷ ৩৩৯ কোটিটকীয়া প্ৰকল্প শুভাৰম্ভণীৰ বাবে ৰাজ্যখনত বিজেপিৰ বহুকেইজন মুখ্যমন্ত্ৰীও উপস্থিত হৈছে৷ ৰাজ্যখনত বিজেপিৰ প্ৰধান প্ৰত্য়াহ্বান হিচাপে সমাজবাদী দলটোৱে কিছু প্ৰভাৱ পেলাব যদিও সেয়া বিজেপিৰ বাবে মূৰৰ কামোৰণী নহয় বুলি ক'ব খোজে বিজেপিৰ নেতৃত্বই৷

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৩২৫তকৈ অধিক আসনত বিজেপি জয়ী হ'ব বুলি মন্তব্য কৰে৷ ইপিনে নিৰ্বাচনী যুঁজৰ পূৰ্বে শাসকীয় দলটোৰ পৰা দুজনকৈ বিধায়কে দেওবাৰে অখিলেশ যাদৱৰ নেতৃত্বাধীন সমাজবাদী পাৰ্টিত যোগদান কৰে৷ হিন্দু সংখ্যাগৰিষ্ঠ ৰাজ্যখনত ইতিমধ্যে বিজেপি চৰকাৰে আৰম্ভ কৰা মন্দিৰ নিৰ্মাণ কাৰ্যই বহু ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা চলাইছে৷ ৰাজ্যখনত পূৰ্বৰ পৰাই দুৰ্বল কংগ্ৰেছ দলৰ স্থিতিয়ে আগন্তুক বিধানসভা নিৰ্বাচনত কোনো প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা নাই৷

আনহাতে কৃষক বিদ্ৰোহৰ জুইয়ে বাৰুকৈয়ে প্ৰভাৱ পেলোৱা পঞ্জাবৰ ৰাজনীতিতো উত্থান পতন পৰিলক্ষিত হৈছে৷ কংগ্ৰেছৰ স্থিতি বিশেষকৈ পঞ্জাবত কিছু দেখিবলৈ পোৱা যায় যদিও বৰ্তমান সময়লৈ লক্ষ্য কৰিলে ৰাজ্যখনত আগন্তুক বিধানসভা নিৰ্বাচনত সাল-সলনি হয়টো দেখিবলৈ পোৱা যাব পাৰে৷ কংগ্ৰেছ দল পতনৰ মূলতে হৈছে ৰাজ্যখনৰ কংগ্ৰেছৰ অধ্যক্ষ নবজ্যোৎ সিং সিধুৰ ঘৰ বিভীষণৰ ৰূপ৷ সিধুৱে নিজ দলৰে চলোৱা বিভিন্ন সমালোচনা তথা দলীয় সংঘাত ফলশ্ৰুতিত প্ৰভাৱ পৰিব আগন্তুক নিৰ্বাচনত৷

আম আদমি পাৰ্টিয়ে স্থিতি সৱল কৰাৰ পূৰ্ণ সুযোগ লাভ

ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ নেতৃত্বকেন্দ্ৰীক স্থিতিৰ বাবেই পূৰ্বৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে পদত্যাগ কৰিছিল মুখ্যমন্ত্ৰী পদৰ পৰা৷ এনে পৰিস্থিতিত আসন্ন বিধানসভা নিৰ্বাচনত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টিয়ে স্থিতি সৱল কৰাৰ পূৰ্ণ সুযোগ লাভ কৰিব পাৰে৷ চি ভোটাৰৰ সমীক্ষা অনুসৰি আসন্ন বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ হাতৰ পৰা পঞ্জাব কাঢ়ি আনিব আপে৷ এই সমীক্ষাৰ ফলাফল অনুসৰি ৰাজ্যখনত ৩৪ শতাংশ ভোট আপে লাভ কৰাৰ সম্ভাৱনা আছে৷ আকালি মৰ্চাই ২০ শতাংশ আৰু বিজেপিয়ে মাত্ৰ ৩ শতাংশ হে লাভ কৰিব পাৰে ভোট৷ শেহতীয়া প্ৰচাৰিত খৱৰ অনুসৰি পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল৷ অৱশ্যে এই সন্দৰ্ভত এতিয়াও কোনো মন্তব্য প্ৰদান কৰা নাই আপৰ তৰফৰ পৰা৷

ইয়াৰ উপৰি গোৱা, উত্তৰাখণ্ড আৰু মণিপুৰতো শাসকীয় দলৰ প্ৰভাৱেই সৰ্বাধিক হোৱা দেখা গৈছে৷ সমীক্ষা অনুসৰি গোৱাত বিজেপিয়ে ৩০ শতাংশ আৰু কংগ্ৰেছে ২০ শতাংশ ভোট লাভ কৰাৰ লগতে আপে লাভ কৰিব পাৰে ২৪ শতাংশ ভোট লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে৷ উত্তৰাখণ্ডতো বিজেপি আৰু কংগ্ৰেছৰ মাজত হ'ব পাৰে যুঁজ৷ সমীক্ষা অনুসৰি বিজেপিয়ে ৰাজ্যখনত ৪০ শতাংশ আৰু কংগ্ৰেছে ৩৬শতাংশ লাভ কৰিব পাৰে৷ ৰাজ্যখনত আপৰ স্থিতিও সৱল দেখিবলৈ পোৱা গৈছে সমীক্ষাত৷ মনিপুৰতো শাসকীয় দলৰ স্থিতিয়ে শক্তিশালী দেখিবলৈ পোৱা গৈছে৷

পাঁচখন ৰাজ্যৰ নিৰ্বাচনী যুঁজত বিজেপি দলৰে স্থিতি শক্তিশালী যদিও এতিয়া প্ৰধান বিৰোধী দল হিচাপে আপৰ ভূমিকাহে বিশেষকৈ পৰিলক্ষিত হৈছে৷ পঞ্জাবতো কংগ্ৰেছৰ হাতৰ পৰা আপে শাসনভাৰ কঢ়াৰ পূৰ্ণ সম্ভাৱনা আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ড্ৰ'নেৰে নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা
যোৰহাটত ভোগদৈ নৈ, টোকোলাই জানৰ বেদখলত প্রশাসন মৌন কিয়?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভংগ কৰিলে ইন্দিৰা গান্ধীৰ অভিলেখ
গৰমৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে নেকি ? সেৱন কৰক এই কেইটা পানীয়
কাৰ্গিল বিজয় দিৱস: ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি, অপাৰেচন বিজয়ৰ ২৬ বছৰ পূর্তি
মালদ্বীপৰ ৰাষ্ট্ৰপতি, সমগ্র কেবিনেটে আদৰিলে প্রধানমন্ত্রী মোদীক
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ৰাছিয়াৰ তেল উদ্যোগৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ই ইউৰ
মহিলাসকলে ৪০ বছৰৰ পাছত এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰক
অসম চৰকাৰৰ বিৰুদ্ধে মমতাৰ জেহাদ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদ