--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুনৰ নিৰ্বাচনী গৰম বতাহে কোবাইছে দেশৰ ৰাজনীতি৷ নিৰ্বাচনী যুঁজলৈ সাজু হৈছে দেশৰ পাঁচখন ৰাজ্য৷ আৰম্ভ হৈছে নিৰ্বাচনী কুচ-কাৱাজো৷ ক্ষমতা দখলৰ লক্ষ্যৰে শাসক তথা বিৰোধী দল ইতিমধ্যে তৎপড় হৈ উঠিছে৷ ২০২২ৰ ফেব্ৰুৱাৰীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ক্ৰমে উত্তৰ-প্ৰদেশ, পঞ্জাব, গোৱা, উত্তৰাখণ্ড আৰু মনিপুৰত৷ আটাইকেইখন ৰাজ্যতে বিজেপি দলে নিজৰ দখলত অনাৰ চেষ্টা চলোৱাৰ সমান্তৰালকৈ বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছ আৰু আম আদমি পাৰ্টিয়ে বিশেষভাৱে নামি পৰিছে নিৰ্বাচনী যুঁজত৷

আজি উত্তৰ প্ৰদেশত কাশী বিশ্বনাথ প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কিছু অংশ শুভাৰম্ভ কৰিবলৈ ৰাজ্যখনত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ বৰ্তমান বিজেপিৰ শাসনতে থকা উত্তৰ প্ৰদেশ চৰকাৰখন পুনৰ দখলৰ চেষ্টাত নামি পৰিছে বিজেপি৷ ৩৩৯ কোটিটকীয়া প্ৰকল্প শুভাৰম্ভণীৰ বাবে ৰাজ্যখনত বিজেপিৰ বহুকেইজন মুখ্যমন্ত্ৰীও উপস্থিত হৈছে৷ ৰাজ্যখনত বিজেপিৰ প্ৰধান প্ৰত্য়াহ্বান হিচাপে সমাজবাদী দলটোৱে কিছু প্ৰভাৱ পেলাব যদিও সেয়া বিজেপিৰ বাবে মূৰৰ কামোৰণী নহয় বুলি ক'ব খোজে বিজেপিৰ নেতৃত্বই৷

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৩২৫তকৈ অধিক আসনত বিজেপি জয়ী হ'ব বুলি মন্তব্য কৰে৷ ইপিনে নিৰ্বাচনী যুঁজৰ পূৰ্বে শাসকীয় দলটোৰ পৰা দুজনকৈ বিধায়কে দেওবাৰে অখিলেশ যাদৱৰ নেতৃত্বাধীন সমাজবাদী পাৰ্টিত যোগদান কৰে৷ হিন্দু সংখ্যাগৰিষ্ঠ ৰাজ্যখনত ইতিমধ্যে বিজেপি চৰকাৰে আৰম্ভ কৰা মন্দিৰ নিৰ্মাণ কাৰ্যই বহু ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা চলাইছে৷ ৰাজ্যখনত পূৰ্বৰ পৰাই দুৰ্বল কংগ্ৰেছ দলৰ স্থিতিয়ে আগন্তুক বিধানসভা নিৰ্বাচনত কোনো প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা নাই৷

আনহাতে কৃষক বিদ্ৰোহৰ জুইয়ে বাৰুকৈয়ে প্ৰভাৱ পেলোৱা পঞ্জাবৰ ৰাজনীতিতো উত্থান পতন পৰিলক্ষিত হৈছে৷ কংগ্ৰেছৰ স্থিতি বিশেষকৈ পঞ্জাবত কিছু দেখিবলৈ পোৱা যায় যদিও বৰ্তমান সময়লৈ লক্ষ্য কৰিলে ৰাজ্যখনত আগন্তুক বিধানসভা নিৰ্বাচনত সাল-সলনি হয়টো দেখিবলৈ পোৱা যাব পাৰে৷ কংগ্ৰেছ দল পতনৰ মূলতে হৈছে ৰাজ্যখনৰ কংগ্ৰেছৰ অধ্যক্ষ নবজ্যোৎ সিং সিধুৰ ঘৰ বিভীষণৰ ৰূপ৷ সিধুৱে নিজ দলৰে চলোৱা বিভিন্ন সমালোচনা তথা দলীয় সংঘাত ফলশ্ৰুতিত প্ৰভাৱ পৰিব আগন্তুক নিৰ্বাচনত৷

আম আদমি পাৰ্টিয়ে স্থিতি সৱল কৰাৰ পূৰ্ণ সুযোগ লাভ

ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ নেতৃত্বকেন্দ্ৰীক স্থিতিৰ বাবেই পূৰ্বৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে পদত্যাগ কৰিছিল মুখ্যমন্ত্ৰী পদৰ পৰা৷ এনে পৰিস্থিতিত আসন্ন বিধানসভা নিৰ্বাচনত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টিয়ে স্থিতি সৱল কৰাৰ পূৰ্ণ সুযোগ লাভ কৰিব পাৰে৷ চি ভোটাৰৰ সমীক্ষা অনুসৰি আসন্ন বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ হাতৰ পৰা পঞ্জাব কাঢ়ি আনিব আপে৷ এই সমীক্ষাৰ ফলাফল অনুসৰি ৰাজ্যখনত ৩৪ শতাংশ ভোট আপে লাভ কৰাৰ সম্ভাৱনা আছে৷ আকালি মৰ্চাই ২০ শতাংশ আৰু বিজেপিয়ে মাত্ৰ ৩ শতাংশ হে লাভ কৰিব পাৰে ভোট৷ শেহতীয়া প্ৰচাৰিত খৱৰ অনুসৰি পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল৷ অৱশ্যে এই সন্দৰ্ভত এতিয়াও কোনো মন্তব্য প্ৰদান কৰা নাই আপৰ তৰফৰ পৰা৷

ইয়াৰ উপৰি গোৱা, উত্তৰাখণ্ড আৰু মণিপুৰতো শাসকীয় দলৰ প্ৰভাৱেই সৰ্বাধিক হোৱা দেখা গৈছে৷ সমীক্ষা অনুসৰি গোৱাত বিজেপিয়ে ৩০ শতাংশ আৰু কংগ্ৰেছে ২০ শতাংশ ভোট লাভ কৰাৰ লগতে আপে লাভ কৰিব পাৰে ২৪ শতাংশ ভোট লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে৷ উত্তৰাখণ্ডতো বিজেপি আৰু কংগ্ৰেছৰ মাজত হ'ব পাৰে যুঁজ৷ সমীক্ষা অনুসৰি বিজেপিয়ে ৰাজ্যখনত ৪০ শতাংশ আৰু কংগ্ৰেছে ৩৬শতাংশ লাভ কৰিব পাৰে৷ ৰাজ্যখনত আপৰ স্থিতিও সৱল দেখিবলৈ পোৱা গৈছে সমীক্ষাত৷ মনিপুৰতো শাসকীয় দলৰ স্থিতিয়ে শক্তিশালী দেখিবলৈ পোৱা গৈছে৷

পাঁচখন ৰাজ্যৰ নিৰ্বাচনী যুঁজত বিজেপি দলৰে স্থিতি শক্তিশালী যদিও এতিয়া প্ৰধান বিৰোধী দল হিচাপে আপৰ ভূমিকাহে বিশেষকৈ পৰিলক্ষিত হৈছে৷ পঞ্জাবতো কংগ্ৰেছৰ হাতৰ পৰা আপে শাসনভাৰ কঢ়াৰ পূৰ্ণ সম্ভাৱনা আছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ