--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ডেংগুত আক্ৰান্ত হৈ মৃত্যুক সাবটিলে এগৰাকী বিজেপি বিধায়িকাই। গুজৰাটৰ উনঝা সমষ্টিৰ বিজেপি বিধায়িকা আশাবেন পেটেলৰ দেহাৱসান ঘটে দেওবাৰে। ডেংগুত আক্ৰান্ত হোৱাৰ পাছতে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল বিধায়িকাগৰাকী। ডিচেম্বৰৰ ৭ তাৰিখে জ্বৰত আক্ৰান্ত হোৱাৰ পাছতে বিধায়িকাগৰাকীৰ শৰীৰত ডেংগুৰ অৱস্থিতি ধৰা পৰে। বিধায়িকা আশাবেন পেটেলক বৃহস্পতিবাৰে আহমেদাবাদৰ জায়দুছ হাস্পতালত ভৰ্তি কৰোৱা হয়।

ডেংগুত আক্ৰান্ত হোৱাৰ ফলত প্ৰথমে আশাবেন পেটেলৰ লিভাৰ ক্ষতিগ্ৰস্ত হয় আৰু পৰৱৰ্তী সময়ত দেহৰ অন্যান্য অংগও ক্ষতিগ্ৰস্ত হয়। বিধায়িকা পেটেল দিল্লী ভ্ৰমণত গৈছিল। দিল্লীৰ পৰা উভতি অহাৰ পাছতে তেওঁৰ শৰীৰক ডেংগু ৰোগে আক্ৰমণ কৰে বুলি ধাৰণা কৰা হৈছে। গুজৰাট বিধানসভালৈ আশাবেন পেটেল প্ৰথমে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁ বিজেপিত যোগদান কৰিছিল। মৃত্যুৰ সময়ত বিধায়িকাগৰাকীৰ বয়স হৈছিল ৪৪ বছৰ। আশাবেন পেটেল এই বছৰৰ এপ্ৰিল-মে মাহত কোভিড-19 মহামাৰীৰ দ্বিতীয় ঢৌৰ সময়তো সংক্ৰমিত হৈছিল। তেওঁৰ অকাল মৃত্যুত গুজৰাটৰ ৰাজনৈতিক মহলত পৰিছে গভীৰ শোকৰ ছাঁ।

আৰু পঢ়কঃ গাড়ীত সদায় ৰাখক এই ৬ টা বস্তু; সকলো বিপদ-সংকটৰ পৰা পাব সুৰক্ষা


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ