--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ডেংগুত আক্ৰান্ত হৈ মৃত্যুক সাবটিলে এগৰাকী বিজেপি বিধায়িকাই। গুজৰাটৰ উনঝা সমষ্টিৰ বিজেপি বিধায়িকা আশাবেন পেটেলৰ দেহাৱসান ঘটে দেওবাৰে। ডেংগুত আক্ৰান্ত হোৱাৰ পাছতে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল বিধায়িকাগৰাকী। ডিচেম্বৰৰ ৭ তাৰিখে জ্বৰত আক্ৰান্ত হোৱাৰ পাছতে বিধায়িকাগৰাকীৰ শৰীৰত ডেংগুৰ অৱস্থিতি ধৰা পৰে। বিধায়িকা আশাবেন পেটেলক বৃহস্পতিবাৰে আহমেদাবাদৰ জায়দুছ হাস্পতালত ভৰ্তি কৰোৱা হয়।

ডেংগুত আক্ৰান্ত হোৱাৰ ফলত প্ৰথমে আশাবেন পেটেলৰ লিভাৰ ক্ষতিগ্ৰস্ত হয় আৰু পৰৱৰ্তী সময়ত দেহৰ অন্যান্য অংগও ক্ষতিগ্ৰস্ত হয়। বিধায়িকা পেটেল দিল্লী ভ্ৰমণত গৈছিল। দিল্লীৰ পৰা উভতি অহাৰ পাছতে তেওঁৰ শৰীৰক ডেংগু ৰোগে আক্ৰমণ কৰে বুলি ধাৰণা কৰা হৈছে। গুজৰাট বিধানসভালৈ আশাবেন পেটেল প্ৰথমে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁ বিজেপিত যোগদান কৰিছিল। মৃত্যুৰ সময়ত বিধায়িকাগৰাকীৰ বয়স হৈছিল ৪৪ বছৰ। আশাবেন পেটেল এই বছৰৰ এপ্ৰিল-মে মাহত কোভিড-19 মহামাৰীৰ দ্বিতীয় ঢৌৰ সময়তো সংক্ৰমিত হৈছিল। তেওঁৰ অকাল মৃত্যুত গুজৰাটৰ ৰাজনৈতিক মহলত পৰিছে গভীৰ শোকৰ ছাঁ।

আৰু পঢ়কঃ গাড়ীত সদায় ৰাখক এই ৬ টা বস্তু; সকলো বিপদ-সংকটৰ পৰা পাব সুৰক্ষা


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু