--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত পৰকীয়া প্ৰেমৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰিছে। পৰকীয়া প্ৰেমৰ ফলত কিমান মানুহৰ জীৱন ধ্বংস হ'ল, কিমান পৰিয়াল ধ্বংস হ'ল তাৰ লেখ-জোখ নাই। পৰকীয়া প্ৰেমৰ ফলত বহুকেইটা হত্যাকাণ্ডও সংঘটিত হৈছে। ক্ষন্তেকীয়া সুখ ল'বলৈ গৈ পৰকীয়া প্ৰেমিক-প্ৰেমিকাৰ হাতত বহুজনেই হেৰুৱাইছে প্ৰাণ।

ভাৰতৰ দৰে সংস্কাৰেৰে পৰিপূৰ্ণ দেশখন পৰকীয়া প্ৰেমৰ পয়োভৰে বিষাক্ত কৰি তুলিছে। শেহতীয়া এক অধ্যয়ন অনুসৰি ভাৰতৰ ৬০ শতাংশ বিবাহিত পুৰুষ-মহিলাই পৰকীয়াত আসক্ত।

বিবাহিত পুৰুষ-মহিলাই আন কাৰোবাৰ লগত ফেণ্টাচিৰ জগতখনত বিচৰণ কৰাৰ অভ্যাস গঢ়ি তুলিছে। 

ছ'চিয়েল মিডিয়াৰ জোৰত পৰকীয়া প্ৰেম অধিক দূৰলৈকে শিপাইছে। পৰকীয়া প্ৰেমত মত্ত হৈ বহু পতি-পত্নীয়ে পাহৰি গৈছে নিজৰ সুখৰ সংসাৰখনৰ কথা। একেজন সংগীৰ সৈতে একেলগে কটোৱাটো কিছুমানৰ বাবে অসম্ভৱ যেন হৈ পৰিছে। সেয়েহে ভিন্ন জনৰ সৈতে গঢ়ি তুলিছে শাৰীৰিক আৰু মানসিক সম্পৰ্ক। 

আজিকালি বহু লোকে বৈবাহিক কন্দল বা শাৰীৰিক চাহিদা পূৰণ নোহোৱাৰ অজুহাতত পৰকীয়াত আসক্ত হৈ পৰিছে। কিছুমানে জীৱনসংগীৰ নানা সমস্যাৰ কথা কৈ অন্যৰ সৈতে পৰকীয়া প্ৰেমত লিপ্ত হৈ পৰিছে।

গ্লিডেনৰ এক অধ্যয়নত কিছুমান চাঞ্চল্যকৰ তথ্য পোৱা গৈছে। ২৫ৰ পৰা ৫০ বছৰৰ ভিতৰৰ বিবাহিত পুৰুষ-মহিলাই ক্ৰমান্বয়ে বিবাহ 
বিবাহ বহিৰ্ভূত সম্পৰ্ক গঢ়িবলৈ আসক্ত হৈ পৰিছে।

সমীক্ষাত অংশগ্ৰহণ কৰা ৬০ শতাংশতকৈ অধিক লোকে অগতানুগতিক ডেটিং পদ্ধতি ব্যৱহাৰ কৰিছিল।

গ্লিডেনৰ সমীক্ষাৰ তথ্য অনুসৰি ৩৬ শতাংশ মহিলা আৰু ৩৫ শতাংশ পুৰুষ অনলাইন প্লেটফৰ্মত ফ্লাৰ্ট কৰাৰ প্ৰতি আকৰ্ষিত হয়। 

এইবোৰ কথাই নিজ বংশ, পৰিয়ালক ধ্বংস কৰাৰ লগতে সমাজলৈও ছটিয়াইছে বিষবাষ্প।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ