--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত পৰকীয়া প্ৰেমৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰিছে। পৰকীয়া প্ৰেমৰ ফলত কিমান মানুহৰ জীৱন ধ্বংস হ'ল, কিমান পৰিয়াল ধ্বংস হ'ল তাৰ লেখ-জোখ নাই। পৰকীয়া প্ৰেমৰ ফলত বহুকেইটা হত্যাকাণ্ডও সংঘটিত হৈছে। ক্ষন্তেকীয়া সুখ ল'বলৈ গৈ পৰকীয়া প্ৰেমিক-প্ৰেমিকাৰ হাতত বহুজনেই হেৰুৱাইছে প্ৰাণ।

ভাৰতৰ দৰে সংস্কাৰেৰে পৰিপূৰ্ণ দেশখন পৰকীয়া প্ৰেমৰ পয়োভৰে বিষাক্ত কৰি তুলিছে। শেহতীয়া এক অধ্যয়ন অনুসৰি ভাৰতৰ ৬০ শতাংশ বিবাহিত পুৰুষ-মহিলাই পৰকীয়াত আসক্ত।

বিবাহিত পুৰুষ-মহিলাই আন কাৰোবাৰ লগত ফেণ্টাচিৰ জগতখনত বিচৰণ কৰাৰ অভ্যাস গঢ়ি তুলিছে। 

ছ'চিয়েল মিডিয়াৰ জোৰত পৰকীয়া প্ৰেম অধিক দূৰলৈকে শিপাইছে। পৰকীয়া প্ৰেমত মত্ত হৈ বহু পতি-পত্নীয়ে পাহৰি গৈছে নিজৰ সুখৰ সংসাৰখনৰ কথা। একেজন সংগীৰ সৈতে একেলগে কটোৱাটো কিছুমানৰ বাবে অসম্ভৱ যেন হৈ পৰিছে। সেয়েহে ভিন্ন জনৰ সৈতে গঢ়ি তুলিছে শাৰীৰিক আৰু মানসিক সম্পৰ্ক। 

আজিকালি বহু লোকে বৈবাহিক কন্দল বা শাৰীৰিক চাহিদা পূৰণ নোহোৱাৰ অজুহাতত পৰকীয়াত আসক্ত হৈ পৰিছে। কিছুমানে জীৱনসংগীৰ নানা সমস্যাৰ কথা কৈ অন্যৰ সৈতে পৰকীয়া প্ৰেমত লিপ্ত হৈ পৰিছে।

গ্লিডেনৰ এক অধ্যয়নত কিছুমান চাঞ্চল্যকৰ তথ্য পোৱা গৈছে। ২৫ৰ পৰা ৫০ বছৰৰ ভিতৰৰ বিবাহিত পুৰুষ-মহিলাই ক্ৰমান্বয়ে বিবাহ 
বিবাহ বহিৰ্ভূত সম্পৰ্ক গঢ়িবলৈ আসক্ত হৈ পৰিছে।

সমীক্ষাত অংশগ্ৰহণ কৰা ৬০ শতাংশতকৈ অধিক লোকে অগতানুগতিক ডেটিং পদ্ধতি ব্যৱহাৰ কৰিছিল।

গ্লিডেনৰ সমীক্ষাৰ তথ্য অনুসৰি ৩৬ শতাংশ মহিলা আৰু ৩৫ শতাংশ পুৰুষ অনলাইন প্লেটফৰ্মত ফ্লাৰ্ট কৰাৰ প্ৰতি আকৰ্ষিত হয়। 

এইবোৰ কথাই নিজ বংশ, পৰিয়ালক ধ্বংস কৰাৰ লগতে সমাজলৈও ছটিয়াইছে বিষবাষ্প।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু