--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিধানসভা নিৰ্বাচনলৈ মাথোঁ কেইটিমান দিন বাকী থকা অৱস্থাত ঘনাই সলনি হৈছে পঞ্জাবৰ নিৰ্বাচনী প্ৰেক্ষাপট৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা চৰণজিৎ সিং চান্নীৰ ভতিজাক ভূপিন্দাৰ সিং হানিক প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) এটা অবৈধ বালি খনন গোচৰত গ্ৰেপ্তাৰ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ তদন্তকাৰী সংস্থাটোৱে কালি সন্ধিয়া হানিক জিম্মাত লৈছিল আৰু আজি তেওঁক চিবিআই আদালতত হাজিৰ কৰোৱা হ’ব। সংস্থাটোৰ মতে, হানিক যোৱা নিশা ‘মানি লণ্ডাৰিং প্ৰতিৰোধ আইন’ৰ (পিএমএলএ) ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা মাহত, ইডিয়ে হানিৰ বাসভৱন চৌহদত অভিযান চলাই ৮ কোটি জব্দ কৰিছিল। পঞ্জাবত অবৈধ বালি খনন কাৰ্যৰ সন্দৰ্ভত এই অভিযান চলোৱা হৈছিল। এক বিবৃতিত প্ৰৱৰ্তন সঞ্চালকালয়ে কৈছিল যে, তালাচীৰ সময়ত অবৈধ বালি খনন আৰু সম্পত্তিৰ লেনদেন, মোবাইল ফোন, নগদ ২১ লাখতকৈ অধিক মূল্যৰ সোণ আৰু ১২ লাখ টকাৰ এটা ৰোলেক্স ঘড়ীৰ লগতে বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰা হৈছিল। এই অভিযানৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি চান্নীয়ে সাংবাদিকক কৈছিল যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ আত্মীয়সকলকো সেই ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়ত তালাচী চলোৱা হৈছিল আৰু তেওঁক, তেওঁৰ মন্ত্ৰী আৰু কংগ্ৰেছ দলৰ সদস্যসকলক ‘হেঁচা’ দিবলৈ পঞ্জাবত ইডিয়ে একেই আৰ্হি অনুসৰণ কৰিছে। তদন্তকাৰী সংস্থাৰ চাপ নিয়ন্ত্ৰণ কৰিবলৈ সাজু বুলি উল্লেখ কৰি গোচৰটোৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই মুখ্যমন্ত্ৰী চান্নীয়ে সদৰি কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু