--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিধানসভা নিৰ্বাচনলৈ মাথোঁ কেইটিমান দিন বাকী থকা অৱস্থাত ঘনাই সলনি হৈছে পঞ্জাবৰ নিৰ্বাচনী প্ৰেক্ষাপট৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা চৰণজিৎ সিং চান্নীৰ ভতিজাক ভূপিন্দাৰ সিং হানিক প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) এটা অবৈধ বালি খনন গোচৰত গ্ৰেপ্তাৰ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ তদন্তকাৰী সংস্থাটোৱে কালি সন্ধিয়া হানিক জিম্মাত লৈছিল আৰু আজি তেওঁক চিবিআই আদালতত হাজিৰ কৰোৱা হ’ব। সংস্থাটোৰ মতে, হানিক যোৱা নিশা ‘মানি লণ্ডাৰিং প্ৰতিৰোধ আইন’ৰ (পিএমএলএ) ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা মাহত, ইডিয়ে হানিৰ বাসভৱন চৌহদত অভিযান চলাই ৮ কোটি জব্দ কৰিছিল। পঞ্জাবত অবৈধ বালি খনন কাৰ্যৰ সন্দৰ্ভত এই অভিযান চলোৱা হৈছিল। এক বিবৃতিত প্ৰৱৰ্তন সঞ্চালকালয়ে কৈছিল যে, তালাচীৰ সময়ত অবৈধ বালি খনন আৰু সম্পত্তিৰ লেনদেন, মোবাইল ফোন, নগদ ২১ লাখতকৈ অধিক মূল্যৰ সোণ আৰু ১২ লাখ টকাৰ এটা ৰোলেক্স ঘড়ীৰ লগতে বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰা হৈছিল। এই অভিযানৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি চান্নীয়ে সাংবাদিকক কৈছিল যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ আত্মীয়সকলকো সেই ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়ত তালাচী চলোৱা হৈছিল আৰু তেওঁক, তেওঁৰ মন্ত্ৰী আৰু কংগ্ৰেছ দলৰ সদস্যসকলক ‘হেঁচা’ দিবলৈ পঞ্জাবত ইডিয়ে একেই আৰ্হি অনুসৰণ কৰিছে। তদন্তকাৰী সংস্থাৰ চাপ নিয়ন্ত্ৰণ কৰিবলৈ সাজু বুলি উল্লেখ কৰি গোচৰটোৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই মুখ্যমন্ত্ৰী চান্নীয়ে সদৰি কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ