--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বনেতা হ’ব খোজা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আন্তঃৰাষ্ট্ৰীয় স্তৰত ভাৰতৰ শিক্ষা-স্বাস্থ্য-অৰ্থনীতি আদিৰ ভাল উদাহৰণ দেখুৱাবলৈ হ’লে উত্তৰ প্ৰদেশ বা গুজৰাটলৈ নিব নোৱাৰিব। ইয়াৰ বাবে তেওঁ দাঙি ধৰিব লাগিব আন কেইখনমান ৰাজ্যৰ উদাহৰণহে। কেৰেলা হৈছে এনে কেইখনমান ৰাজ্যৰ এখন। উন্নয়নৰ ঢাক-ঢোল বজাই থকা গুজৰাট, উত্তৰ-প্ৰদেশ কিম্বা অসমতো স্বাস্থ্য, শিক্ষা আৰু অৰ্থনীতিৰ পুতৌ লগা অৱস্থা। তথাপিও সততে উন্নয়নৰ কথা কোৱা, নানা বিতৰ্কিত মন্তব্যৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম হৈ থকা নেতাই প্ৰতিনিধিত্ব কৰা ৰাজ্য কেইখনৰ বিধ্বস্ত ৰূপে হতচকিত কৰি তুলিছে দেশবাসীক। সংসদত বাজেট উত্থাপন কৰা পূৰ্বে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰামনে দাখিল কৰিছিল ২০২১-২২ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা। নিটি আয়োগৰ প্ৰতিবেদনৰ আধাৰত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে প্ৰস্তুত কৰিছিল এই সমীক্ষা। চৰকাৰী এই সমীক্ষাত অসমৰ উন্নয়নৰ ফোঁপোলা স্বৰূপটো নিৰ্লজভাৱে ধৰা পৰিছে। ইমানদিনে অসমৰ মুখ্যমন্ত্ৰী আৰু শাসকীয় বিজেপি দলৰ প্ৰায় সকলো নেতা মন্ত্ৰীয়ে অসমে উন্নতিৰ চৰম শিখৰত উপনীত হোৱাৰ কথা কৈ আহিলেও প্ৰকৃততে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ সৈতেই অসমে ফেৰ মাৰিবলৈ সক্ষম নহ’ল এই কথা নিৰ্মলা সীতাৰামনৰ অৰ্থনৈতিক সমীক্ষাত স্পষ্ট ৰূপত প্ৰকাশ পাইছে। অৰ্থাত্ ইমানদিনে অসমৰ মুখ্যমন্ত্ৰী আৰু আন নেতা-পালিনেতাসকলে অসমৰ জনসাধাৰণক ভুৱা তথ্যৰে বিপথে পৰিচালিত কৰি আহিছে, সেই কথা চৰকাৰী সমীক্ষাত ওলাই পৰিল। আনফালে কোনো ধৰণৰ প্ৰচাৰ-প্ৰসাৰত গুৰুত্ব নিদি নিৰৱে কাম কৰি যোৱা কেৰেলাই চৰকাৰী এই সমীক্ষাত শীৰ্ষ স্থানাৰোহণ কৰিছে। পৰম্পৰাগত সাজপাৰ পৰিধান কৰি এক অনাড়ম্বৰ জীৱন যাপন কৰা শীৰ্ষ স্থান প্ৰাপ্ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজন ভাৰতৰে বহু লোকৰ বাবে অপৰিচিত। বিজেপি-কংগ্ৰেছকে ধৰি সো-পন্থী নেতাৰ চকুৰ কূটা-দাঁতৰ শাল স্বৰূপ কমিউনিষ্ট নেতাজনে কিদৰে ৰাজ্যখনক ভাৰতৰ বাবে আদৰ্শ কৰি তুলিলে সেই কথা এতিয়া চৰ্চাৰ নিলগত। অৰ্থনৈতিক সমীক্ষা, ২০২১-২২ এ সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপটত বহু কেইটা প্ৰশ্নৰ অৱতাৰণা কৰিছে। কেৱল প্ৰদৰ্শনকামিতাই এখন ৰাজ্যক উন্নতিৰ দিশে লৈ নাযায়। তেনে ক্ষেত্ৰত ৰাজ্যৰ অৱস্থা চিন্তা নকৰি যোগী আদিত্যনাথকে ধৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি উদ্দেশ্যে উন্নয়ণৰ ঢাক-ঢোল বজাই কেৱল প্ৰচাৰতে গুৰুত্ব দি আছে? এনেকৈ দেশৰ আন্তঃগাঁঠনি আৰু জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নীত হ’বনে? কেৱল প্ৰচাৰ আৰু জনপ্ৰিয়তা অৰ্জন কৰিয়েই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বনেতা হ’ব পাৰিবনে? এনেবোৰ প্ৰশ্ন এতিয়া জনসাধাৰণৰ মনত। প্ৰচাৰ বিমুখ হৈয়ো নিৰৱে উন্নয়ণৰ জখলা কিদৰে বগাব পাৰি সেই আদৰ্শ ডাঙি ধৰি কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন সম্প্ৰতি সকলোৰে মনত নায়ক সদৃশ হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মোদী-ট্ৰাম্পৰ টেলিফোনিক বাৰ্তালাপ: পশ্চিম এছিয়াৰ শান্তি আৰু দ্বিপাক্ষিক মিত্ৰতাৰ নতুন দিশ
হাচিফা খানমক নিজৰ কন্যাৰূপে স্বীকৃতি দি আজমলে ল’লে আজীৱন শিক্ষাৰ দায়িত্ব
উজনিৰ চাহ ব্যৱসায়ী-ক্ষুদ্ৰ খেতিয়কৰ হাহাকাৰ, বন্ধ হ'ল যোৰহাটৰ চাহ নিলাম কেন্দ্ৰ
টীয়কৰ জ্যোতি বিদ্যাপীঠত বিদ্যালয় খোলাৰ প্ৰথমটো দিনতে জাতীয় সাজ-পাৰ পৰিধান শিক্ষক-শিক্ষাৰ্থী-কৰ্মচাৰীৰ
তিনিখন বিধেয়ক সদনত উত্থাপনৰ বাবে সংসদৰ অনুমোদন, লোকসভাৰ আসন বৃদ্ধিৰ বিতৰ্ক আৰম্ভ
বাক্সাৰ বৰমাত লটাৰীৰ নামত ভয়ংকৰ প্ৰবঞ্চনা; আৰক্ষীৰ কাষ চাপিল ভাগ্যৱান বিজেতা!
বহু ঔষধি গুণেৰে সমৃদ্ধ অমৰা; বিতংকৈ জানো আহক
অহা বৰ্ষৰ পৰা মেট্ৰিক পৰীক্ষাত নাথাকিব শীর্ষ স্থানৰ তালিকা
চিৰাঙৰ বিজনীত ঘৰত কোনো নথকাৰ সুযোগত কিশোৰীক মাৰপিট ৩ যুৱকৰ
শাৰীৰিক প্ৰত্যাহ্বানক নেওচি মেট্ৰিক পৰীক্ষাত উজলিল নিজজুৰীয়াৰ আতিফ আহমেদ
মন্থৰ হ'ব বিশ্বৰ অৰ্থনৈতিক বিকাশ:ক্রিষ্টালিনা জৰ্জিভা
বিহাৰৰ কাটিহাৰত শোকাৱহ পথ দুৰ্ঘটনা: বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ১৩ জনৰ মৃত্যু, আহত ৩০জন
৯২ বছৰীয়া কিংবদন্তি গায়িকা আশা ভোশলে চিকিৎসালয়ত ভৰ্তি: নাতিনীয়েকে জনালে স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ খবৰ
ভুলবশতঃ আনৰ UPI একাউণ্টত টকা পঠিয়াইছে নেকি? চিন্তা নকৰিব, এইদৰে ঘূৰাই পাব পাৰে আপোনাৰ ধন