--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বনেতা হ’ব খোজা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আন্তঃৰাষ্ট্ৰীয় স্তৰত ভাৰতৰ শিক্ষা-স্বাস্থ্য-অৰ্থনীতি আদিৰ ভাল উদাহৰণ দেখুৱাবলৈ হ’লে উত্তৰ প্ৰদেশ বা গুজৰাটলৈ নিব নোৱাৰিব। ইয়াৰ বাবে তেওঁ দাঙি ধৰিব লাগিব আন কেইখনমান ৰাজ্যৰ উদাহৰণহে। কেৰেলা হৈছে এনে কেইখনমান ৰাজ্যৰ এখন। উন্নয়নৰ ঢাক-ঢোল বজাই থকা গুজৰাট, উত্তৰ-প্ৰদেশ কিম্বা অসমতো স্বাস্থ্য, শিক্ষা আৰু অৰ্থনীতিৰ পুতৌ লগা অৱস্থা। তথাপিও সততে উন্নয়নৰ কথা কোৱা, নানা বিতৰ্কিত মন্তব্যৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম হৈ থকা নেতাই প্ৰতিনিধিত্ব কৰা ৰাজ্য কেইখনৰ বিধ্বস্ত ৰূপে হতচকিত কৰি তুলিছে দেশবাসীক। সংসদত বাজেট উত্থাপন কৰা পূৰ্বে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰামনে দাখিল কৰিছিল ২০২১-২২ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা। নিটি আয়োগৰ প্ৰতিবেদনৰ আধাৰত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে প্ৰস্তুত কৰিছিল এই সমীক্ষা। চৰকাৰী এই সমীক্ষাত অসমৰ উন্নয়নৰ ফোঁপোলা স্বৰূপটো নিৰ্লজভাৱে ধৰা পৰিছে। ইমানদিনে অসমৰ মুখ্যমন্ত্ৰী আৰু শাসকীয় বিজেপি দলৰ প্ৰায় সকলো নেতা মন্ত্ৰীয়ে অসমে উন্নতিৰ চৰম শিখৰত উপনীত হোৱাৰ কথা কৈ আহিলেও প্ৰকৃততে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ সৈতেই অসমে ফেৰ মাৰিবলৈ সক্ষম নহ’ল এই কথা নিৰ্মলা সীতাৰামনৰ অৰ্থনৈতিক সমীক্ষাত স্পষ্ট ৰূপত প্ৰকাশ পাইছে। অৰ্থাত্ ইমানদিনে অসমৰ মুখ্যমন্ত্ৰী আৰু আন নেতা-পালিনেতাসকলে অসমৰ জনসাধাৰণক ভুৱা তথ্যৰে বিপথে পৰিচালিত কৰি আহিছে, সেই কথা চৰকাৰী সমীক্ষাত ওলাই পৰিল। আনফালে কোনো ধৰণৰ প্ৰচাৰ-প্ৰসাৰত গুৰুত্ব নিদি নিৰৱে কাম কৰি যোৱা কেৰেলাই চৰকাৰী এই সমীক্ষাত শীৰ্ষ স্থানাৰোহণ কৰিছে। পৰম্পৰাগত সাজপাৰ পৰিধান কৰি এক অনাড়ম্বৰ জীৱন যাপন কৰা শীৰ্ষ স্থান প্ৰাপ্ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজন ভাৰতৰে বহু লোকৰ বাবে অপৰিচিত। বিজেপি-কংগ্ৰেছকে ধৰি সো-পন্থী নেতাৰ চকুৰ কূটা-দাঁতৰ শাল স্বৰূপ কমিউনিষ্ট নেতাজনে কিদৰে ৰাজ্যখনক ভাৰতৰ বাবে আদৰ্শ কৰি তুলিলে সেই কথা এতিয়া চৰ্চাৰ নিলগত। অৰ্থনৈতিক সমীক্ষা, ২০২১-২২ এ সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপটত বহু কেইটা প্ৰশ্নৰ অৱতাৰণা কৰিছে। কেৱল প্ৰদৰ্শনকামিতাই এখন ৰাজ্যক উন্নতিৰ দিশে লৈ নাযায়। তেনে ক্ষেত্ৰত ৰাজ্যৰ অৱস্থা চিন্তা নকৰি যোগী আদিত্যনাথকে ধৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি উদ্দেশ্যে উন্নয়ণৰ ঢাক-ঢোল বজাই কেৱল প্ৰচাৰতে গুৰুত্ব দি আছে? এনেকৈ দেশৰ আন্তঃগাঁঠনি আৰু জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নীত হ’বনে? কেৱল প্ৰচাৰ আৰু জনপ্ৰিয়তা অৰ্জন কৰিয়েই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বনেতা হ’ব পাৰিবনে? এনেবোৰ প্ৰশ্ন এতিয়া জনসাধাৰণৰ মনত। প্ৰচাৰ বিমুখ হৈয়ো নিৰৱে উন্নয়ণৰ জখলা কিদৰে বগাব পাৰি সেই আদৰ্শ ডাঙি ধৰি কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন সম্প্ৰতি সকলোৰে মনত নায়ক সদৃশ হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু