--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকত বিপৰ্যয়ৰ পিছত মধ্য প্ৰদেশতো বিজেপিৰ একেই দশা হ’ব পাৰে বুলি বিভিন্ন মহলত চৰ্চা চলিছে। এনে সময়তে নিৰ্বাচনমুখী মধ্য প্ৰদেশত মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাঁচ খন বন্দে ভাৰত এক্সপ্ৰেছ মুকলি কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে ভূপালৰ ৰাণী কমলাপতি ৰেল ষ্টেচনত সেউজীয়া পতাকা জোকাৰি ভূপালৰ পৰা ইন্দোৰলৈ আৰু ভূপালৰ পৰা জবলপুৰলৈ দুখন বন্দে ভাৰত ৰে'লৰ শুভাৰম্ভ কৰে। উল্লেখ্য এই বছৰৰ শেষৰ ফালে মধ্য প্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। মঙলবাৰেই প্ৰধানমন্ত্ৰীয়ে আৰু তিনিখন বন্দে ভাৰত ৰে'ল উদ্বোধন কৰে। সেইবোৰ হৈছে মাদগাঁও (গোৱা)-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছ, ধাৰৱাড-বেংগালুৰু বন্দে ভাৰত এক্সপ্ৰেছ আৰু হাতিয়া-পাটনা বন্দে ভাৰত এক্সপ্ৰেছ। ৰে’ল কেই খন মুকলি কৰি মোদীয়ে কয়"এই ৰে'লসমূহে মধ্য প্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, গোৱা, বিহাৰ আৰু ঝাৰখণ্ডত যোগাযোগ উন্নত কৰিব"।


ৰে’ল মুকলি অনুষ্ঠানত মোদীৰ সৈতে ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, মধ্যপ্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল, মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ আৰু জ্যোতিৰাদিত্য সিন্ধিয়া উপস্থিত থাকে। চৰকাৰী অনুষ্ঠানৰ পিছত মোদীয়ে ৰাজ্যখনৰ ১০  লাখ বুথ পৰ্যায়ৰ বিজেপি কৰ্মীৰ সৈতে এক ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰে। 

প্ৰধানমন্ত্ৰী মোদীয়ে আজি নিৰ্বাচনমুখী মধ্য প্ৰদেশত দলৰ "মেৰা বুথ সবচে মজবুত" প্ৰচাৰৰ অধীনত দলীয় কৰ্মীসকলক সম্বোধন কৰি প্ৰশ্ন কৰে যে ইছলামত  'তিনি তালাক' অপৰিহাৰ্য নেকি?  ইজিপ্ত, ইণ্ডোনেছিয়া, কাটাৰ, জৰ্ডান, চিৰিয়া, বাংলাদেশ আৰু পাকিস্তানৰ দৰে মুছলমান সংখ্যাগৰিষ্ঠ দেশসমূহত কিয় এয়া  প্ৰচলিত কৰা নহয়। মোদীয়ে   ইউনিফৰ্ম চিভিল কোড প্ৰয়োজনীয়তাৰ কথা আজি পুনৰবাৰ দোহাৰে।  ইউনিফৰ্ম চিভিল কোড এতিয়া বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰৰ অংশ হৈ  পৰিছে বুলিও মোদীয়ে উল্লেখ কৰে।তেওঁ কয় যে "এটা পৰিয়ালৰ বিভিন্ন সদস্যৰ বাবে বিভিন্ন নিয়ম ৰখাটো সঠিক কথা নহয় আৰু এখন দেশে দুটা আইনৰ ওপৰত চলিব নোৱাৰে।’’










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস