--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকত বিপৰ্যয়ৰ পিছত মধ্য প্ৰদেশতো বিজেপিৰ একেই দশা হ’ব পাৰে বুলি বিভিন্ন মহলত চৰ্চা চলিছে। এনে সময়তে নিৰ্বাচনমুখী মধ্য প্ৰদেশত মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাঁচ খন বন্দে ভাৰত এক্সপ্ৰেছ মুকলি কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে ভূপালৰ ৰাণী কমলাপতি ৰেল ষ্টেচনত সেউজীয়া পতাকা জোকাৰি ভূপালৰ পৰা ইন্দোৰলৈ আৰু ভূপালৰ পৰা জবলপুৰলৈ দুখন বন্দে ভাৰত ৰে'লৰ শুভাৰম্ভ কৰে। উল্লেখ্য এই বছৰৰ শেষৰ ফালে মধ্য প্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। মঙলবাৰেই প্ৰধানমন্ত্ৰীয়ে আৰু তিনিখন বন্দে ভাৰত ৰে'ল উদ্বোধন কৰে। সেইবোৰ হৈছে মাদগাঁও (গোৱা)-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছ, ধাৰৱাড-বেংগালুৰু বন্দে ভাৰত এক্সপ্ৰেছ আৰু হাতিয়া-পাটনা বন্দে ভাৰত এক্সপ্ৰেছ। ৰে’ল কেই খন মুকলি কৰি মোদীয়ে কয়"এই ৰে'লসমূহে মধ্য প্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, গোৱা, বিহাৰ আৰু ঝাৰখণ্ডত যোগাযোগ উন্নত কৰিব"।


ৰে’ল মুকলি অনুষ্ঠানত মোদীৰ সৈতে ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, মধ্যপ্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল, মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ আৰু জ্যোতিৰাদিত্য সিন্ধিয়া উপস্থিত থাকে। চৰকাৰী অনুষ্ঠানৰ পিছত মোদীয়ে ৰাজ্যখনৰ ১০  লাখ বুথ পৰ্যায়ৰ বিজেপি কৰ্মীৰ সৈতে এক ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰে। 

প্ৰধানমন্ত্ৰী মোদীয়ে আজি নিৰ্বাচনমুখী মধ্য প্ৰদেশত দলৰ "মেৰা বুথ সবচে মজবুত" প্ৰচাৰৰ অধীনত দলীয় কৰ্মীসকলক সম্বোধন কৰি প্ৰশ্ন কৰে যে ইছলামত  'তিনি তালাক' অপৰিহাৰ্য নেকি?  ইজিপ্ত, ইণ্ডোনেছিয়া, কাটাৰ, জৰ্ডান, চিৰিয়া, বাংলাদেশ আৰু পাকিস্তানৰ দৰে মুছলমান সংখ্যাগৰিষ্ঠ দেশসমূহত কিয় এয়া  প্ৰচলিত কৰা নহয়। মোদীয়ে   ইউনিফৰ্ম চিভিল কোড প্ৰয়োজনীয়তাৰ কথা আজি পুনৰবাৰ দোহাৰে।  ইউনিফৰ্ম চিভিল কোড এতিয়া বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰৰ অংশ হৈ  পৰিছে বুলিও মোদীয়ে উল্লেখ কৰে।তেওঁ কয় যে "এটা পৰিয়ালৰ বিভিন্ন সদস্যৰ বাবে বিভিন্ন নিয়ম ৰখাটো সঠিক কথা নহয় আৰু এখন দেশে দুটা আইনৰ ওপৰত চলিব নোৱাৰে।’’










FOLLOW US F
POPULAR
FEATURE
TRENDY
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ