--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত যেন হিন্দু উপাস্য দেৱতাসকলক লৈ আৱেগ সৃষ্টি কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে৷ঈশ্বৰ থাকে সদায় শুদ্ধ আৰু সত্য কাম কৰাসকলৰ সৈতে, লোভী অথবা অসত্য মানুহৰ সৈতে ঈশ্বৰে কেতিয়াও সংগ নিদিয়ে৷শেহতীয়াকৈ ৰামায়ণৰ আধাৰত নিৰ্মিত বুলি কোৱা ‘আদিপুৰুষ’ ছবিখন প্ৰদৰ্শন কৰা প্ৰতিটো হলতে হনুমানৰ বাবে এখন আসন সংৰক্ষিত কৰা হৈছিল। এতিয়ালৈকে হলসমূহত ভগৱান হনুমান উপনীত হ’ল নে নাই সেই সম্পৰ্কে কোনো খবৰ নাই যদিও সাধাৰণ দৰ্শকে নিশ্চিতভাৱে হলৰ পৰা আঁতৰি থাকিল সেই কথা সুস্পষ্ট হৈ পৰিছে। সকলো হিচাপত গ্ৰেণ্ড বুলি কোৱা এই ছবিখন ইতিমধ্যে ফ্লপ বুলি প্ৰমাণিত হৈছে।

চলচ্চিত্ৰ উদ্যোগে সদায় যিকোনো বস্তুকে ট্ৰেণ্ড হিচাপে ল’বলৈ ভাল পায়, কিন্তু ইয়াৰ বাবে যিকোনো ছবিৰ সফলতা জুখিবলৈ মাত্ৰ এটা হিচাপ প্ৰয়োগ হয় সেয়া হ’ল বক্স অফিচ। এই পৰিসৰত বহু হিন্দুত্ব ভিত্তিক ছবি সফল হৈছে, যাৰ বাবে আন চলচ্চিত্ৰ নিৰ্মাতাসকলেও এই পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত হৈছে। কিন্তু যদি এখন ‘দ্য কাশ্মীৰ ফাইলছে' বৃহৎ উপাৰ্জন কৰে, তেন্তে তেওঁৰ দৰে বহুত আছে যিয়ে জনসাধাৰণৰ মাজত একেধৰণৰ আৱেগ সৃষ্টি কৰিব বিচাৰে। নিজৰ ৰাষ্ট্ৰীয়তাবাদী ভাৱ প্ৰদৰ্শন কৰিবলৈ আগ্ৰহী অক্ষয় কুমাৰৰ ফ্লপৰ ধাৰাবাহিকতাৰ ভিতৰত অন্যতম সম্ৰাট পৃথ্বীৰাজ আছিল তেনে এক চলচ্চিত্ৰৰ দুৰ্যোগ!

আৰু এতিয়া এই তালিকাত আন এটা নামে যোগ দিছে যাৰ নাম হ’ল ‘আদিপুৰুষ’। যিখন দেশত ৰামায়ণৰ লগত সকলোৱে পৰিচিত, সেইখন দেশত ৰামায়ণ হিট হ’ব লাগিছিল যদিও এতিয়া ইয়াক ফ্লপ ঘোষণা কৰা হৈছে। বক্স অফিচৰ বিশ্লেষক ত্বৰণ আদৰ্শে এটা টুইটত ইয়াক অত্যন্ত হতাশাজনক বুলি অভিহিত কৰে। এনে লাগে যেন ভাৰতীয় দৰ্শক গ্ৰন্থখনৰ সৈতে পৰিচিত আৰু শাসকীয় দলে ৰামক সমগ্ৰ দেশৰ উপাস্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিলেও চিনেমা দৰ্শকসকলে এতিয়াও স্পেচিয়েল ইফেক্ট, সস্তীয়া সংলাপ আৰু দুৰ্বল ভিজুৱেলৰ বাবে দৰ্শকে সমালোচনা কৰা দেখা গ’ল৷

তদুপৰি সদ্যসমাপ্ত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে প্ৰভূ বজৰংবলীৰ নামেৰে ভোটভিক্ষা কৰিছিল যদিও ফলাফলত শোচনীয়ভাৱে পৰাজয় বৰণ কৰে৷পৰৱৰ্তী সময়ত ভগৱানে অসত্যৰ সংগ নিদিয়ে বুলি কংগ্ৰেছে বিজেপিক তীব্ৰভাৱে সমালোচনা কৰা দেখা গ’ল৷এই বিষয়সমূহকে লৈ ভাৰতীয় ৰাজনীতি আৰু চলচ্চিত্ৰ উদ্যোগ দুয়োখন ক্ষেত্ৰতে বৰ্তমান প্ৰতিক্ৰিয়া দেখা গৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ