--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত যেন হিন্দু উপাস্য দেৱতাসকলক লৈ আৱেগ সৃষ্টি কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে৷ঈশ্বৰ থাকে সদায় শুদ্ধ আৰু সত্য কাম কৰাসকলৰ সৈতে, লোভী অথবা অসত্য মানুহৰ সৈতে ঈশ্বৰে কেতিয়াও সংগ নিদিয়ে৷শেহতীয়াকৈ ৰামায়ণৰ আধাৰত নিৰ্মিত বুলি কোৱা ‘আদিপুৰুষ’ ছবিখন প্ৰদৰ্শন কৰা প্ৰতিটো হলতে হনুমানৰ বাবে এখন আসন সংৰক্ষিত কৰা হৈছিল। এতিয়ালৈকে হলসমূহত ভগৱান হনুমান উপনীত হ’ল নে নাই সেই সম্পৰ্কে কোনো খবৰ নাই যদিও সাধাৰণ দৰ্শকে নিশ্চিতভাৱে হলৰ পৰা আঁতৰি থাকিল সেই কথা সুস্পষ্ট হৈ পৰিছে। সকলো হিচাপত গ্ৰেণ্ড বুলি কোৱা এই ছবিখন ইতিমধ্যে ফ্লপ বুলি প্ৰমাণিত হৈছে।

চলচ্চিত্ৰ উদ্যোগে সদায় যিকোনো বস্তুকে ট্ৰেণ্ড হিচাপে ল’বলৈ ভাল পায়, কিন্তু ইয়াৰ বাবে যিকোনো ছবিৰ সফলতা জুখিবলৈ মাত্ৰ এটা হিচাপ প্ৰয়োগ হয় সেয়া হ’ল বক্স অফিচ। এই পৰিসৰত বহু হিন্দুত্ব ভিত্তিক ছবি সফল হৈছে, যাৰ বাবে আন চলচ্চিত্ৰ নিৰ্মাতাসকলেও এই পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত হৈছে। কিন্তু যদি এখন ‘দ্য কাশ্মীৰ ফাইলছে' বৃহৎ উপাৰ্জন কৰে, তেন্তে তেওঁৰ দৰে বহুত আছে যিয়ে জনসাধাৰণৰ মাজত একেধৰণৰ আৱেগ সৃষ্টি কৰিব বিচাৰে। নিজৰ ৰাষ্ট্ৰীয়তাবাদী ভাৱ প্ৰদৰ্শন কৰিবলৈ আগ্ৰহী অক্ষয় কুমাৰৰ ফ্লপৰ ধাৰাবাহিকতাৰ ভিতৰত অন্যতম সম্ৰাট পৃথ্বীৰাজ আছিল তেনে এক চলচ্চিত্ৰৰ দুৰ্যোগ!

আৰু এতিয়া এই তালিকাত আন এটা নামে যোগ দিছে যাৰ নাম হ’ল ‘আদিপুৰুষ’। যিখন দেশত ৰামায়ণৰ লগত সকলোৱে পৰিচিত, সেইখন দেশত ৰামায়ণ হিট হ’ব লাগিছিল যদিও এতিয়া ইয়াক ফ্লপ ঘোষণা কৰা হৈছে। বক্স অফিচৰ বিশ্লেষক ত্বৰণ আদৰ্শে এটা টুইটত ইয়াক অত্যন্ত হতাশাজনক বুলি অভিহিত কৰে। এনে লাগে যেন ভাৰতীয় দৰ্শক গ্ৰন্থখনৰ সৈতে পৰিচিত আৰু শাসকীয় দলে ৰামক সমগ্ৰ দেশৰ উপাস্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিলেও চিনেমা দৰ্শকসকলে এতিয়াও স্পেচিয়েল ইফেক্ট, সস্তীয়া সংলাপ আৰু দুৰ্বল ভিজুৱেলৰ বাবে দৰ্শকে সমালোচনা কৰা দেখা গ’ল৷

তদুপৰি সদ্যসমাপ্ত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে প্ৰভূ বজৰংবলীৰ নামেৰে ভোটভিক্ষা কৰিছিল যদিও ফলাফলত শোচনীয়ভাৱে পৰাজয় বৰণ কৰে৷পৰৱৰ্তী সময়ত ভগৱানে অসত্যৰ সংগ নিদিয়ে বুলি কংগ্ৰেছে বিজেপিক তীব্ৰভাৱে সমালোচনা কৰা দেখা গ’ল৷এই বিষয়সমূহকে লৈ ভাৰতীয় ৰাজনীতি আৰু চলচ্চিত্ৰ উদ্যোগ দুয়োখন ক্ষেত্ৰতে বৰ্তমান প্ৰতিক্ৰিয়া দেখা গৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস