--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাখী সাৱন্তৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। এই ভিডিঅ'টোত ৰাখীয়ে নিজৰ প্ৰেম জীৱনৰ কথা কোৱা নাই আৰু নিজৰ কৰ্ম জীৱনৰ কথাও কোৱা নাই। এই ভিডিঅ’টোত ৰাখীয়ে কৈছে যে তেওঁ এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ৰাজনীতিৰ পথাৰত ভৰি দিব। কেৱল এয়াই নহয়, ভিডিঅ’টোত ৰাখীয়ে অভিনেত্ৰী তথা সাংসদ হেমা মালিনীক ধন্যবাদ জনোৱাৰ লগতে প্ৰাক্তন টিভি অভিনেত্ৰী, মন্ত্ৰী স্মৃতি ইৰাণীৰ বিষয়েও কিছু কথা কৈছে। প’ষ্ট কৰাৰ কিছু সময়ৰ পাছতে এই ভিডিঅ’টো ক্ৰমান্বয়ে ভাইৰেল হৈ পৰে আৰু অনুৰাগীসকলে ইয়াকে লৈ ভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। 

ৰাখী সাৱন্তই কয় যে তেওঁ ৰাজনীতিত যোগদান কৰিবলৈ সকলো সাজু হৈছে আৰু এইবাৰ ২০২২ চনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে। ৰাখীয়ে কয় যে এই কথাটো ‘গোপন’ আছিল আৰু মোদীজী আৰু অমিত শ্বাহে কথাটো প্ৰকাশ কৰিবলৈ ওলাইছিল যদিও এতিয়া তেওঁ নিজেই সকলোকে এই কথা জনাইছে।

কিছুদিন আগতে হেমা মালিনীয়ে এটা বিবৃতি দিছিল য’ত তেওঁ কৈছিল যে কাইলৈ হয়তো ৰাখী সাৱন্তেও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। এই বিষয়ক লৈ ৰাখীয়ে হেমাক কটাক্ষ কৰিবলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিছে। অৱশ্যে ভিডিঅ'টোত ৰাখীয়ে হেমা মালিনীকো ধন্যবাদো জনাইছে।

ভিডিঅ’টোত ৰাখী সাৱন্তই কৈছে যে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সকলো ফালৰ সাজু হৈছে আৰু লগতে তেওঁ অতিশয় উৎসাহিত হৈছে। আনকি ৰাখী সাৱন্তই নিৰ্বাচনত ভালদৰে যুঁজিব বুলিও কৈছে আৰু নিজকে ‘স্মৃতি ইৰাণী পাৰ্ট ২’ বুলিও অভিহিত কৰিছে। ৰাখীয়ে ভিডিঅ’টোত অনুৰাগীসকলক সমৰ্থন কৰিবলৈ অনুৰোধ জনাইছে আৰু তেওঁলোকৰ সম্পূৰ্ণ সহযোগিতা আৰু সমৰ্থন বিচাৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু