--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাখী সাৱন্তৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। এই ভিডিঅ'টোত ৰাখীয়ে নিজৰ প্ৰেম জীৱনৰ কথা কোৱা নাই আৰু নিজৰ কৰ্ম জীৱনৰ কথাও কোৱা নাই। এই ভিডিঅ’টোত ৰাখীয়ে কৈছে যে তেওঁ এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ৰাজনীতিৰ পথাৰত ভৰি দিব। কেৱল এয়াই নহয়, ভিডিঅ’টোত ৰাখীয়ে অভিনেত্ৰী তথা সাংসদ হেমা মালিনীক ধন্যবাদ জনোৱাৰ লগতে প্ৰাক্তন টিভি অভিনেত্ৰী, মন্ত্ৰী স্মৃতি ইৰাণীৰ বিষয়েও কিছু কথা কৈছে। প’ষ্ট কৰাৰ কিছু সময়ৰ পাছতে এই ভিডিঅ’টো ক্ৰমান্বয়ে ভাইৰেল হৈ পৰে আৰু অনুৰাগীসকলে ইয়াকে লৈ ভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। 

ৰাখী সাৱন্তই কয় যে তেওঁ ৰাজনীতিত যোগদান কৰিবলৈ সকলো সাজু হৈছে আৰু এইবাৰ ২০২২ চনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে। ৰাখীয়ে কয় যে এই কথাটো ‘গোপন’ আছিল আৰু মোদীজী আৰু অমিত শ্বাহে কথাটো প্ৰকাশ কৰিবলৈ ওলাইছিল যদিও এতিয়া তেওঁ নিজেই সকলোকে এই কথা জনাইছে।

কিছুদিন আগতে হেমা মালিনীয়ে এটা বিবৃতি দিছিল য’ত তেওঁ কৈছিল যে কাইলৈ হয়তো ৰাখী সাৱন্তেও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। এই বিষয়ক লৈ ৰাখীয়ে হেমাক কটাক্ষ কৰিবলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিছে। অৱশ্যে ভিডিঅ'টোত ৰাখীয়ে হেমা মালিনীকো ধন্যবাদো জনাইছে।

ভিডিঅ’টোত ৰাখী সাৱন্তই কৈছে যে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সকলো ফালৰ সাজু হৈছে আৰু লগতে তেওঁ অতিশয় উৎসাহিত হৈছে। আনকি ৰাখী সাৱন্তই নিৰ্বাচনত ভালদৰে যুঁজিব বুলিও কৈছে আৰু নিজকে ‘স্মৃতি ইৰাণী পাৰ্ট ২’ বুলিও অভিহিত কৰিছে। ৰাখীয়ে ভিডিঅ’টোত অনুৰাগীসকলক সমৰ্থন কৰিবলৈ অনুৰোধ জনাইছে আৰু তেওঁলোকৰ সম্পূৰ্ণ সহযোগিতা আৰু সমৰ্থন বিচাৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ