--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাতিটোৰ ভিতৰতে সৌভাগ্যৰ চকৰি ঘূৰিলে এজন লোকৰ। পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগনাৰ মন্দিৰবজাৰৰ মুলদিয়া অঞ্চলৰ বাসিন্দা লোকনাথ মণ্ডলে লটাৰীত জিকে এক কোটি টকা। লোকনাথ পেছাত এজন দৰ্জী। তেওঁৰ এখন দোকান আছে। কিন্তু মহামাৰী ক'ৰনাৰ পাছত তেওঁৰ ব্যৱসায় আগৰ দৰে নোহোৱা হ'ল। 

লোকনাথে প্ৰায়ে লটাৰীৰ টিকট কিনিছিল এই আশাত যে তেওঁৰ ভাগ্য সলনি হ'ব। শুকুৰবাৰে বিয়লিও তেওঁ একেধৰণৰ টিকট কিনিছিল। কিন্তু নিশা লটাৰীৰ ফলাফল ঘোষণা কৰাৰ পাছতো লোকনাথে বিশ্বাস কৰিব পৰা নাছিল যে এনেদৰে সপোন বাস্তৱায়িত হ’ব। তেতিয়া ঘড়ীত ৰাতি ৮ বাজিছিল। ফলাফল ঘোষণাৰ পিছতে হতভম্ব হৈ পৰে লোকনাথ। সম্বিত ঘূৰি অহাৰ লগে লগে তেওঁ পোনে পোনে মন্দিৰবজাৰ থানালৈ ৰাওণা হয়। পুলিচ কেইজনক সেই খবৰ দি তেওঁ ঘৰলৈ উভতি আহে।

লোকনাথ কোটিপতি হোৱাৰ খবৰটো অঞ্চলটোত বিয়পিবলৈ বেছি সময় নালাগিল। ক্ষন্তেকতে গোটেই গোটেই অঞ্চলটোত উন্মাদনা বিয়পি পৰিল। লোকনাথ থানালৈ যোৱাৰ সময়ত তেওঁৰ ওচৰ-চুবুৰীয়া সকলো তেওঁৰ পিছে পিছে গৈছিল। লোকনাথে কৈছিল, "মোৰ ঘৰত এগৰাকী পত্নী, সৰু ছোৱালী আৰু মা-দেউতা আছে।" মোৰ পৰিয়ালটো দুখীয়া। এতিয়া আশাৰ ৰেঙণি দেখিছোঁ।”

কিন্তু এই টকাৰে কি কৰিব লোকনাথে? আৱেগক ধৰি ৰাখিব নোৱাৰি তেওঁ কান্দি কান্দি ক'লে, "বহু বেয়া সময় পাৰ হৈ গ'ল। মূৰৰ ওপৰত চালি এখনো বনাব পৰা নাছিলো। এইবাৰ সেই সপোন বাস্তৱায়িত হব। মই মোৰ ছোৱালীজনীক ভালকৈ পঢ়া-শুনা কৰোৱাম।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু