--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাতিটোৰ ভিতৰতে সৌভাগ্যৰ চকৰি ঘূৰিলে এজন লোকৰ। পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগনাৰ মন্দিৰবজাৰৰ মুলদিয়া অঞ্চলৰ বাসিন্দা লোকনাথ মণ্ডলে লটাৰীত জিকে এক কোটি টকা। লোকনাথ পেছাত এজন দৰ্জী। তেওঁৰ এখন দোকান আছে। কিন্তু মহামাৰী ক'ৰনাৰ পাছত তেওঁৰ ব্যৱসায় আগৰ দৰে নোহোৱা হ'ল। 

লোকনাথে প্ৰায়ে লটাৰীৰ টিকট কিনিছিল এই আশাত যে তেওঁৰ ভাগ্য সলনি হ'ব। শুকুৰবাৰে বিয়লিও তেওঁ একেধৰণৰ টিকট কিনিছিল। কিন্তু নিশা লটাৰীৰ ফলাফল ঘোষণা কৰাৰ পাছতো লোকনাথে বিশ্বাস কৰিব পৰা নাছিল যে এনেদৰে সপোন বাস্তৱায়িত হ’ব। তেতিয়া ঘড়ীত ৰাতি ৮ বাজিছিল। ফলাফল ঘোষণাৰ পিছতে হতভম্ব হৈ পৰে লোকনাথ। সম্বিত ঘূৰি অহাৰ লগে লগে তেওঁ পোনে পোনে মন্দিৰবজাৰ থানালৈ ৰাওণা হয়। পুলিচ কেইজনক সেই খবৰ দি তেওঁ ঘৰলৈ উভতি আহে।

লোকনাথ কোটিপতি হোৱাৰ খবৰটো অঞ্চলটোত বিয়পিবলৈ বেছি সময় নালাগিল। ক্ষন্তেকতে গোটেই গোটেই অঞ্চলটোত উন্মাদনা বিয়পি পৰিল। লোকনাথ থানালৈ যোৱাৰ সময়ত তেওঁৰ ওচৰ-চুবুৰীয়া সকলো তেওঁৰ পিছে পিছে গৈছিল। লোকনাথে কৈছিল, "মোৰ ঘৰত এগৰাকী পত্নী, সৰু ছোৱালী আৰু মা-দেউতা আছে।" মোৰ পৰিয়ালটো দুখীয়া। এতিয়া আশাৰ ৰেঙণি দেখিছোঁ।”

কিন্তু এই টকাৰে কি কৰিব লোকনাথে? আৱেগক ধৰি ৰাখিব নোৱাৰি তেওঁ কান্দি কান্দি ক'লে, "বহু বেয়া সময় পাৰ হৈ গ'ল। মূৰৰ ওপৰত চালি এখনো বনাব পৰা নাছিলো। এইবাৰ সেই সপোন বাস্তৱায়িত হব। মই মোৰ ছোৱালীজনীক ভালকৈ পঢ়া-শুনা কৰোৱাম।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ