--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ কেৰালাৰ কোচিৰ আৱৰ্জনাত লগা জুই মুঠেও নিৰ্বাপিত হোৱা নাই৷ এনে পৰিস্থিতিত  কেৰালাৰ চৰকাৰে নিউয়ৰ্ক অগ্নি নিৰ্বাপক বাহিনীৰ পৰা সহায় বিচাৰিছে৷ প্ৰদূষিত ধোঁৱা এতিয়া সমগ্ৰ কোচি চহৰতে বিয়পি পৰিছে। কেৰালাৰ চৰকাৰে  এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাষ চাপিছে। কোচিৰ প্ৰশাসনে ইতিমধ্যে জুই নুমুৱাবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে৷ 

কিন্তু সফল হোৱা নাই৷ এনে পৰিস্থিতিত কেৰালাৰ বাওঁ চৰকাৰে 'সাম্ৰাজ্যবাদী' আমেৰিকাৰ সহায় বিচাৰিছে। এৰ্নাকুলামৰ জিলা উপায়ুক্ত উমেশে কয়  যে তেওঁলোকে নিউয়ৰ্কৰ অগ্নি নিৰ্বাপক বিভাগৰ উপ-মুৰব্বী জৰ্জ হিলিৰ সৈতে আলোচনা কৰিছে। হিলিয়ে কৈছে যে আৱৰ্জনাৰ স্তূপৰ ৯৫  শতাংশ জুই পানীৰে নিৰ্বাপিত কৰিব লাগিব। ইয়াৰ উপৰি ছাইত জুই জ্বলি থকা  ঠাইবোৰত পৃথক ব্যৱস্থা  ল’ব লাগিব।  

আমেৰিকা যুক্তৰাষ্ট্ৰৰ অগ্নি নিৰ্বাপক বিভাগে আগতে প্লাষ্টিকৰ আৱৰ্জনা থকা অঞ্চলত জুই নিয়ন্ত্ৰণ কৰিবলৈ পৰামৰ্শ দিছে।  কোচি পৌৰ নিগমৰ মতে, অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ দিনে-ৰাতি যুঁজ দি আছে। কিন্তু কেতিয়া পৰিস্থিতি স্বাভাৱিক হ'ব সেয়া কোনেও ক’ব পৰা নাই৷ 

২ মাৰ্চত ব্ৰহ্মপুৰম আৱৰ্জনা প্ৰকল্পত সংঘটিত জুই ৫ মাৰ্চ ভিতৰত নিয়ন্ত্ৰণ কৰা হৈছিল । কিন্তু কোচি চহৰ খন সম্পূৰ্ণ ৰূপে  ধোঁৱাই ছানি ধৰিছে। কেৰালা উচ্চ ন্যায়ালয়ে এনে গুৰুতৰ পৰিস্থি সন্দৰ্ভত কৰ্তৃপক্ষক শেষ সময়সীমা বান্ধি দিছে  আৰু চৰকাৰক এক কাৰ্য পৰিকল্পনা দাখিল কৰিবলৈ কৈছে। যোৱা সপ্তাহত ব্ৰহ্মপুৰমৰ আৱৰ্জনা প্ৰকল্পত আৰম্ভ হোৱা এই অগ্নিকাণ্ডৰ ফলত ৰাজ্যখনৰ বাণিজ্যিক ৰাজধানী কোচিত বায়ুৰ মান হ্ৰাস পাইছে। 

মানুহে এতিয়া আনকি উশাহ লোৱাত কষ্ট পাইছে। কেৰালা প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ ৱেবছাইটৰ তথ্যই কোচিৰ বায়ুত পিএম ২.৫ পিএম ১০ কণিকাৰ স্তৰ দেখুৱাইছে যি নিৰ্ধাৰিত মানৰ ওপৰত। অৱৰুদ্ধ আৱাসীসকলক বাহিৰলৈ ওলাই গ'লে এন-৯৫ মুখা পিন্ধিবলৈ কোৱা হৈছে, আৰু বিদ্যালয়বোৰে নিম্ন শ্ৰেণীৰ শিশুসকলক ঘৰত থাকিবলৈ কৈছে।এৰ্নাকুলাম জিলা প্ৰশাসনে স্বাস্থ্য সতৰ্কতা হিচাপে পৰৱৰ্তী দুদিনৰ বাবে মহাবিদ্যালয়কে ধৰি সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু