--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ কেৰালাৰ কোচিৰ আৱৰ্জনাত লগা জুই মুঠেও নিৰ্বাপিত হোৱা নাই৷ এনে পৰিস্থিতিত  কেৰালাৰ চৰকাৰে নিউয়ৰ্ক অগ্নি নিৰ্বাপক বাহিনীৰ পৰা সহায় বিচাৰিছে৷ প্ৰদূষিত ধোঁৱা এতিয়া সমগ্ৰ কোচি চহৰতে বিয়পি পৰিছে। কেৰালাৰ চৰকাৰে  এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাষ চাপিছে। কোচিৰ প্ৰশাসনে ইতিমধ্যে জুই নুমুৱাবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে৷ 

কিন্তু সফল হোৱা নাই৷ এনে পৰিস্থিতিত কেৰালাৰ বাওঁ চৰকাৰে 'সাম্ৰাজ্যবাদী' আমেৰিকাৰ সহায় বিচাৰিছে। এৰ্নাকুলামৰ জিলা উপায়ুক্ত উমেশে কয়  যে তেওঁলোকে নিউয়ৰ্কৰ অগ্নি নিৰ্বাপক বিভাগৰ উপ-মুৰব্বী জৰ্জ হিলিৰ সৈতে আলোচনা কৰিছে। হিলিয়ে কৈছে যে আৱৰ্জনাৰ স্তূপৰ ৯৫  শতাংশ জুই পানীৰে নিৰ্বাপিত কৰিব লাগিব। ইয়াৰ উপৰি ছাইত জুই জ্বলি থকা  ঠাইবোৰত পৃথক ব্যৱস্থা  ল’ব লাগিব।  

আমেৰিকা যুক্তৰাষ্ট্ৰৰ অগ্নি নিৰ্বাপক বিভাগে আগতে প্লাষ্টিকৰ আৱৰ্জনা থকা অঞ্চলত জুই নিয়ন্ত্ৰণ কৰিবলৈ পৰামৰ্শ দিছে।  কোচি পৌৰ নিগমৰ মতে, অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ দিনে-ৰাতি যুঁজ দি আছে। কিন্তু কেতিয়া পৰিস্থিতি স্বাভাৱিক হ'ব সেয়া কোনেও ক’ব পৰা নাই৷ 

২ মাৰ্চত ব্ৰহ্মপুৰম আৱৰ্জনা প্ৰকল্পত সংঘটিত জুই ৫ মাৰ্চ ভিতৰত নিয়ন্ত্ৰণ কৰা হৈছিল । কিন্তু কোচি চহৰ খন সম্পূৰ্ণ ৰূপে  ধোঁৱাই ছানি ধৰিছে। কেৰালা উচ্চ ন্যায়ালয়ে এনে গুৰুতৰ পৰিস্থি সন্দৰ্ভত কৰ্তৃপক্ষক শেষ সময়সীমা বান্ধি দিছে  আৰু চৰকাৰক এক কাৰ্য পৰিকল্পনা দাখিল কৰিবলৈ কৈছে। যোৱা সপ্তাহত ব্ৰহ্মপুৰমৰ আৱৰ্জনা প্ৰকল্পত আৰম্ভ হোৱা এই অগ্নিকাণ্ডৰ ফলত ৰাজ্যখনৰ বাণিজ্যিক ৰাজধানী কোচিত বায়ুৰ মান হ্ৰাস পাইছে। 

মানুহে এতিয়া আনকি উশাহ লোৱাত কষ্ট পাইছে। কেৰালা প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ ৱেবছাইটৰ তথ্যই কোচিৰ বায়ুত পিএম ২.৫ পিএম ১০ কণিকাৰ স্তৰ দেখুৱাইছে যি নিৰ্ধাৰিত মানৰ ওপৰত। অৱৰুদ্ধ আৱাসীসকলক বাহিৰলৈ ওলাই গ'লে এন-৯৫ মুখা পিন্ধিবলৈ কোৱা হৈছে, আৰু বিদ্যালয়বোৰে নিম্ন শ্ৰেণীৰ শিশুসকলক ঘৰত থাকিবলৈ কৈছে।এৰ্নাকুলাম জিলা প্ৰশাসনে স্বাস্থ্য সতৰ্কতা হিচাপে পৰৱৰ্তী দুদিনৰ বাবে মহাবিদ্যালয়কে ধৰি সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement