--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন ৰাজ্যত এতিয়া গৰাকী নথকা পথৰ কুুকুৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে৷ কেৰালাত পথৰ কুকুৰে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই দিল্লীতো পথৰ কুকুৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে৷ দিল্লীত ৰাস্তাৰ কুকুৰে কামোৰাৰ ফলত দুজন ভাতৃৰ শোকাৱহ  মৃত্যু ঘটিছে। কুকুৰে কামোৰাৰ ফলত শুক্ৰবাৰে এটি সাত বছৰীয়া লৰা মৃত্যু হয়। দেওবাৰেও তেওঁৰ পাঁচ বছৰীয়া ভায়েকৰ মৃত্যু হয়। দিল্লীৰ এই শোকাৱহ ঘটনাটোৰ বাবে কোন দায়ী তাকে লৈ  এতিয়া প্ৰশ্ন উত্থাপন হৈছে৷ 

ককুৰৰ কামোৰত মৃত্যু ঘটা আনন্দ আৰু আদিত্য দিল্লীৰ সিন্ধি শিবিৰ অঞ্চলৰ এটা বসতিত বাস কৰিছিল। শুক্ৰবাৰে ঘৰৰ  পৰা ওলাই অহাৰ পিছতে সাত বছৰীয়া আনন্দ নিৰুদ্দেশ হৈছিল।  অনুসন্ধানৰ পিছত তেওঁৰ ক্ষতবিক্ষত মৃতদেহটো পোৱা গৈছিল।

 আৰক্ষীয়ে জনোৱা অনুসৰি আনন্দৰ কুকুৰৰ কামোৰত মৃত্যু হৈছিল। ঘটনাটোৰ দুদিন পিছত তেওঁৰ ভাতৃক পথৰ কুকুৰে আক্ৰমণ কৰে৷ আনন্দৰ ভায়েক আদিত্যই দেওবাৰে আবেলি ঘৰৰ  পৰা বাহৰলৈ ওলাই  গৈছিল। কিছু সময়ৰ পিছত দেখা গৈছিল যে ৫ বছৰীয়া আদিত্যক কেইবাটাও কুকুৰে আগুৰি ধৰিছিল। 

কুকুৰৰ আক্ৰমণত তেওঁ গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ মাটিত বাগৰি পৰিছিল। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও  চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। দিল্লী আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু