--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন ৰাজ্যত এতিয়া গৰাকী নথকা পথৰ কুুকুৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে৷ কেৰালাত পথৰ কুকুৰে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই দিল্লীতো পথৰ কুকুৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে৷ দিল্লীত ৰাস্তাৰ কুকুৰে কামোৰাৰ ফলত দুজন ভাতৃৰ শোকাৱহ  মৃত্যু ঘটিছে। কুকুৰে কামোৰাৰ ফলত শুক্ৰবাৰে এটি সাত বছৰীয়া লৰা মৃত্যু হয়। দেওবাৰেও তেওঁৰ পাঁচ বছৰীয়া ভায়েকৰ মৃত্যু হয়। দিল্লীৰ এই শোকাৱহ ঘটনাটোৰ বাবে কোন দায়ী তাকে লৈ  এতিয়া প্ৰশ্ন উত্থাপন হৈছে৷ 

ককুৰৰ কামোৰত মৃত্যু ঘটা আনন্দ আৰু আদিত্য দিল্লীৰ সিন্ধি শিবিৰ অঞ্চলৰ এটা বসতিত বাস কৰিছিল। শুক্ৰবাৰে ঘৰৰ  পৰা ওলাই অহাৰ পিছতে সাত বছৰীয়া আনন্দ নিৰুদ্দেশ হৈছিল।  অনুসন্ধানৰ পিছত তেওঁৰ ক্ষতবিক্ষত মৃতদেহটো পোৱা গৈছিল।

 আৰক্ষীয়ে জনোৱা অনুসৰি আনন্দৰ কুকুৰৰ কামোৰত মৃত্যু হৈছিল। ঘটনাটোৰ দুদিন পিছত তেওঁৰ ভাতৃক পথৰ কুকুৰে আক্ৰমণ কৰে৷ আনন্দৰ ভায়েক আদিত্যই দেওবাৰে আবেলি ঘৰৰ  পৰা বাহৰলৈ ওলাই  গৈছিল। কিছু সময়ৰ পিছত দেখা গৈছিল যে ৫ বছৰীয়া আদিত্যক কেইবাটাও কুকুৰে আগুৰি ধৰিছিল। 

কুকুৰৰ আক্ৰমণত তেওঁ গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ মাটিত বাগৰি পৰিছিল। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও  চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। দিল্লী আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ