--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সু-স্বাস্থ্যৰ বাবে ব্যায়াম অতি প্ৰয়োজনীয়৷ ৱাটাৰলু বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ নেতৃত্বত এটা দলে ব্যায়াম কেনেদৰে কৰিব লাগে আৰু ইয়াৰ কেইবাটাও গুণাগুণৰ বিষয়ে মন্তব্য আগবঢ়ায়৷ যাৰ ভিতৰত আছে স্বাস্থ্যৱান হৃদযন্ত্ৰ, মধুমেহ ৰোগ দূৰৈত ৰখা আৰু মেদবহুলতাৰ পৰা সুৰক্ষিত কৰা। গৱেষকৰ দলটোৰ মতে ব্যায়ামে চকুৰ কিছুমান ৰোগ নিৰ্মূলত সহায় কৰে৷ এৰোবিক ব্যায়াম কৰাৰ পাছত চকুপানী নিঃসৰণ চকুৰ খজুৱতি আদি হোৱাৰ পৰা সকাহ দিয়াৰ আন এক প্ৰতিকাৰ হ’ব পাৰে। তেওঁলোকৰ অধ্যয়নটোত এথলীট আৰু সাধাৰণৰ ক্ষেত্ৰত চকুপানী নিঃসৰণ আৰু খজুৱতিৰ ওপৰত গৱেষণা কৰিছিল৷ ট্ৰেডমিল ব্যায়াম কৰাৰ পাছত বিভিন্ন প্ৰভাৱ পৰিলক্ষিত হৈছিল৷ এই তথ্যসমূহ 'পৰীক্ষামূলক চকু গৱেষণা' নামৰ আলোচনীত প্ৰকাশিত হৈছিল। এই অধ্যয়নটোত জড়িত আছিল কেপ কোষ্ট বিশ্ববিদ্যালয়ৰ চেমুৱেল আবোকী, চেকিয়েৰ নামাহা আৰু মাইকেল নটডিৰ লগতে ঘানাৰ আৱাৰ লেডী অব গ্ৰেছ হাস্পতালৰ য়াও ওচেই আকোটো৷ অধ্যয়নটোত পোৱা গৈছিল যে, যেতিয়াই আমি চকু টিপি থাকোঁ, আমাৰ চকু পানীৰ ফিল্মত আৱৰি থাকে নিগৰি আহে৷ চকু সঘনাই খালী হাতেৰে মচি থকাটো উচিত নহয়৷ যাৰ ফলত চকুত বেয়া বেক্টেৰিয়াৰ প্ৰভাৱ পৰিব পাৰে আৰু ধূলি মাকতি লাগিব পাৰে৷ আমি যদি সঘনাই ব্যায়াম কৰো আমাৰ মাজত থকা কামৰ হেঁচা কিছুমানে হ্ৰাস হয়৷ মনটো সুস্থিৰ হয় আৰু লগতে ই চকুৰ বাবেও সুফলদায়ক হয়৷ গৱেষকৰ দলটোৰ মতে, আমি ব্যায়াম কৰিলে ৰোগ বৃদ্ধি হোৱাৰ কাৰকবোৰ কিছু পৰিমাণে হ্ৰাস পাব পাৰে; যাৰ ফলত আমাৰ শৰীৰ সুস্থ থাকিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ