--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সু-স্বাস্থ্যৰ বাবে ব্যায়াম অতি প্ৰয়োজনীয়৷ ৱাটাৰলু বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ নেতৃত্বত এটা দলে ব্যায়াম কেনেদৰে কৰিব লাগে আৰু ইয়াৰ কেইবাটাও গুণাগুণৰ বিষয়ে মন্তব্য আগবঢ়ায়৷ যাৰ ভিতৰত আছে স্বাস্থ্যৱান হৃদযন্ত্ৰ, মধুমেহ ৰোগ দূৰৈত ৰখা আৰু মেদবহুলতাৰ পৰা সুৰক্ষিত কৰা। গৱেষকৰ দলটোৰ মতে ব্যায়ামে চকুৰ কিছুমান ৰোগ নিৰ্মূলত সহায় কৰে৷ এৰোবিক ব্যায়াম কৰাৰ পাছত চকুপানী নিঃসৰণ চকুৰ খজুৱতি আদি হোৱাৰ পৰা সকাহ দিয়াৰ আন এক প্ৰতিকাৰ হ’ব পাৰে। তেওঁলোকৰ অধ্যয়নটোত এথলীট আৰু সাধাৰণৰ ক্ষেত্ৰত চকুপানী নিঃসৰণ আৰু খজুৱতিৰ ওপৰত গৱেষণা কৰিছিল৷ ট্ৰেডমিল ব্যায়াম কৰাৰ পাছত বিভিন্ন প্ৰভাৱ পৰিলক্ষিত হৈছিল৷ এই তথ্যসমূহ 'পৰীক্ষামূলক চকু গৱেষণা' নামৰ আলোচনীত প্ৰকাশিত হৈছিল। এই অধ্যয়নটোত জড়িত আছিল কেপ কোষ্ট বিশ্ববিদ্যালয়ৰ চেমুৱেল আবোকী, চেকিয়েৰ নামাহা আৰু মাইকেল নটডিৰ লগতে ঘানাৰ আৱাৰ লেডী অব গ্ৰেছ হাস্পতালৰ য়াও ওচেই আকোটো৷ অধ্যয়নটোত পোৱা গৈছিল যে, যেতিয়াই আমি চকু টিপি থাকোঁ, আমাৰ চকু পানীৰ ফিল্মত আৱৰি থাকে নিগৰি আহে৷ চকু সঘনাই খালী হাতেৰে মচি থকাটো উচিত নহয়৷ যাৰ ফলত চকুত বেয়া বেক্টেৰিয়াৰ প্ৰভাৱ পৰিব পাৰে আৰু ধূলি মাকতি লাগিব পাৰে৷ আমি যদি সঘনাই ব্যায়াম কৰো আমাৰ মাজত থকা কামৰ হেঁচা কিছুমানে হ্ৰাস হয়৷ মনটো সুস্থিৰ হয় আৰু লগতে ই চকুৰ বাবেও সুফলদায়ক হয়৷ গৱেষকৰ দলটোৰ মতে, আমি ব্যায়াম কৰিলে ৰোগ বৃদ্ধি হোৱাৰ কাৰকবোৰ কিছু পৰিমাণে হ্ৰাস পাব পাৰে; যাৰ ফলত আমাৰ শৰীৰ সুস্থ থাকিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু