--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা নৱজোত সিং সিদ্ধুৱে তেওঁৰ হ’বলগীয়া বোৱাৰীক বিশ্বৰ আগত চিনাকি কৰাই দিলে। সোমবাৰে দুৰ্গা-অষ্টমী উপলক্ষে সিদ্ধুৱে তেওঁৰ পৰিয়ালৰ কিছু ছবি শ্বেয়াৰ কৰে। পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি নৱজোৎ সিং সিদ্ধুৱে কয় যে তেওঁৰ পুত্ৰই মাতৃৰ ইচ্ছা পূৰণ কৰি গংগা নদীৰ পাৰত হ’বলগীয়া বোৱাৰীক ‘প্ৰমিজ বেণ্ড’ বান্ধিছিল। এই সময়ছোৱাত পৰিয়ালৰ সুখ সকলোৰে মুখত স্পষ্টকৈ দেখা গৈছিল।

নৱজোত সিং সিদ্ধুৱে তেওঁৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত এই ছবিসমূহ শ্বেয়াৰ কৰে। ছবিসমূহত সিদ্ধুক পত্নী নৱজোত কৌৰ, কন্যা ৰবিয়া সিদ্ধু, পুত্ৰ কৰণ সিদ্ধু আৰু হ’বলগীয়া বোৱাৰী ইনায়ত ৰন্ধাৱাৰ সৈতে দেখা গৈছে। ছবিবোৰ শ্বেয়াৰ কৰি সিদ্ধুৱে ক’লে যে মোৰ ল’ৰাটোৱে মাকৰ ইচ্ছা পূৰণ কৰিলে। দুৰ্গা-অষ্টমীৰ শুভ দিনটোত মাতৃ গংগাৰ কোলাত এক নতুন আৰম্ভণি হৈছে। আমাৰ বোৱাৰী ইনায়ত ৰন্ধাৱাৰ লগত সকলোকে চিনাকি কৰাই দিব বিচাৰিছো। দুয়োজনে ইজনে সিজনক ‘প্ৰমিজ বেণ্ড’ বান্ধিছে।


কংগ্ৰেছ নেতাগৰাকীয়ে ছবি শ্বেয়াৰ কৰাৰ পাছত টুইটাৰ ব্যৱহাৰকাৰীসকলে তেওঁক আৰু তেওঁৰ পুত্ৰক অভিনন্দন জনায়। এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছিল যে আপোনাক বহুত অভিনন্দন। আপোনাক শুভেচ্ছা আৰু আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সুস্বাস্থ্য বৰ্তি থাকক। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে সিদ্ধু পৰিয়ালৰ নতুন দম্পতীলৈ আন্তৰিক অভিনন্দন। নতুন দম্পতীক ভগৱানে আশীৰ্বাদ কৰক।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি