--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা নৱজোত সিং সিদ্ধুৱে তেওঁৰ হ’বলগীয়া বোৱাৰীক বিশ্বৰ আগত চিনাকি কৰাই দিলে। সোমবাৰে দুৰ্গা-অষ্টমী উপলক্ষে সিদ্ধুৱে তেওঁৰ পৰিয়ালৰ কিছু ছবি শ্বেয়াৰ কৰে। পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি নৱজোৎ সিং সিদ্ধুৱে কয় যে তেওঁৰ পুত্ৰই মাতৃৰ ইচ্ছা পূৰণ কৰি গংগা নদীৰ পাৰত হ’বলগীয়া বোৱাৰীক ‘প্ৰমিজ বেণ্ড’ বান্ধিছিল। এই সময়ছোৱাত পৰিয়ালৰ সুখ সকলোৰে মুখত স্পষ্টকৈ দেখা গৈছিল।

নৱজোত সিং সিদ্ধুৱে তেওঁৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত এই ছবিসমূহ শ্বেয়াৰ কৰে। ছবিসমূহত সিদ্ধুক পত্নী নৱজোত কৌৰ, কন্যা ৰবিয়া সিদ্ধু, পুত্ৰ কৰণ সিদ্ধু আৰু হ’বলগীয়া বোৱাৰী ইনায়ত ৰন্ধাৱাৰ সৈতে দেখা গৈছে। ছবিবোৰ শ্বেয়াৰ কৰি সিদ্ধুৱে ক’লে যে মোৰ ল’ৰাটোৱে মাকৰ ইচ্ছা পূৰণ কৰিলে। দুৰ্গা-অষ্টমীৰ শুভ দিনটোত মাতৃ গংগাৰ কোলাত এক নতুন আৰম্ভণি হৈছে। আমাৰ বোৱাৰী ইনায়ত ৰন্ধাৱাৰ লগত সকলোকে চিনাকি কৰাই দিব বিচাৰিছো। দুয়োজনে ইজনে সিজনক ‘প্ৰমিজ বেণ্ড’ বান্ধিছে।


কংগ্ৰেছ নেতাগৰাকীয়ে ছবি শ্বেয়াৰ কৰাৰ পাছত টুইটাৰ ব্যৱহাৰকাৰীসকলে তেওঁক আৰু তেওঁৰ পুত্ৰক অভিনন্দন জনায়। এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছিল যে আপোনাক বহুত অভিনন্দন। আপোনাক শুভেচ্ছা আৰু আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সুস্বাস্থ্য বৰ্তি থাকক। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে সিদ্ধু পৰিয়ালৰ নতুন দম্পতীলৈ আন্তৰিক অভিনন্দন। নতুন দম্পতীক ভগৱানে আশীৰ্বাদ কৰক।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস