--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ দেশৰ কমেও ১৬ টা বিৰোধী ৰাজনৈতিক দল একত্ৰিত হৈছে। শেহতীয়াকৈ বিহাৰৰ পাটনাত নীতিশ কুমাৰৰ আহ্বানত বিৰোধী মিত্ৰজোঁটৰ প্ৰথম খন বৈঠক অনুষ্ঠিত হৈ গৈছে। যদি শেষ মুহূৰ্তত কোনো পৰিৱৰ্তন নহয়,  তেন্তে বিৰোধী নেতাসকলে ১৩ জুলাইত হিমাচলৰ ৰাজধানী ছিমলাত উপস্থিত হ'ব। 

১৪ জুলাইত  বিৰোধী দলৰ নেতাসকলৰ মাজত আনুষ্ঠানিক বৈঠক। ৰাহুল গান্ধী, মমতা বেনাৰ্জী, এম কে ষ্টালিন, নীতিশ কুমাৰ, অৰবিন্দ কেজৰিৱাল, শাৰদ পাৱাৰ, মেহবুবা মুফতি আৰু অখিলেশ যাদৱকে ধৰি বিভিন্ন বিৰোধী দলৰ নেতাসকলে বৈঠকত উপস্থিত থকাৰ কথা আছে। বিৰোধী নেতাসকলৰ এটা অংশই ধাৰণা কৰিছে  যে ১৪ জুলাইৰ বৈঠকত বিৰোধী নেতাসকলে বিভিন্ন বিষয়ত সহমতত উপনীত হ’ব পাৰিব। তৃণমূল কংগ্ৰেছৰ এগৰাকী নেতাই এই কথা প্ৰকাশ কৰিছে। 

নেতাগৰাকীয়ে কয় যে ২০২৪ চনত বিজেপিক পৰাজিত কৰিব লাগিবই।টিএমচিৰ নেতাগৰাকীয়ে লগতে কয় যে  অধ্যাদেশক লৈ আপ-কংগ্ৰেছৰ কাজিয়া এতিয়াও চলি আছে। ইয়াৰ সামান্য প্ৰভাৱ ছিমলাৰ সভাতো পৰিব পাৰে। টিএমচিৰ নেতাগৰাকীয়ে  যে পাটনা বৈঠকত মমতা বেনাৰ্জীয়ে দিয়া সূত্ৰ যিমান সম্ভৱ সোনকালে কাৰ্যকৰী কৰা হ'ব,ফলত  আপ-কংগ্ৰেছৰ খেলিমেলি দূৰ হোৱাৰ  হোৱাৰ সম্ভাৱনা আছে। টিএমচি নেতৃত্বই কেজৰিৱালৰ সৈতে বিষয়টো সন্দৰ্ভত আলোচনা কৰি আছে। 


টিএমচিৰ নেতাগৰাকীয়ে  কয়, "এটা পক্ষই সমস্যাৰ সমাধান বিচাৰিলে নহ’ব । সমস্যাটো সমাধান কৰিবলৈ দুয়োপক্ষৰ ইচ্ছা থাকিব লাগিব। সেয়া  ছিমলা বৈঠকৰ আগতে হ'ব লাগিব। অন্যথা, বৈঠকৰ প্ৰত্যাশিত ফলাফল প্ৰাপ্ত  নহ'ব পাৰে।’’ সূত্ৰ অনুসৰি  সংসদৰ বৰ্ষাকালীন অধিৱেশন ১৭ জুলাইৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। তাৰ ঠিক আগতে বিৰোধীৰ বৈঠক খন  গুৰুত্বপূৰ্ণবিবেচিত হৈছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস