--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ দেশৰ কমেও ১৬ টা বিৰোধী ৰাজনৈতিক দল একত্ৰিত হৈছে। শেহতীয়াকৈ বিহাৰৰ পাটনাত নীতিশ কুমাৰৰ আহ্বানত বিৰোধী মিত্ৰজোঁটৰ প্ৰথম খন বৈঠক অনুষ্ঠিত হৈ গৈছে। যদি শেষ মুহূৰ্তত কোনো পৰিৱৰ্তন নহয়,  তেন্তে বিৰোধী নেতাসকলে ১৩ জুলাইত হিমাচলৰ ৰাজধানী ছিমলাত উপস্থিত হ'ব। 

১৪ জুলাইত  বিৰোধী দলৰ নেতাসকলৰ মাজত আনুষ্ঠানিক বৈঠক। ৰাহুল গান্ধী, মমতা বেনাৰ্জী, এম কে ষ্টালিন, নীতিশ কুমাৰ, অৰবিন্দ কেজৰিৱাল, শাৰদ পাৱাৰ, মেহবুবা মুফতি আৰু অখিলেশ যাদৱকে ধৰি বিভিন্ন বিৰোধী দলৰ নেতাসকলে বৈঠকত উপস্থিত থকাৰ কথা আছে। বিৰোধী নেতাসকলৰ এটা অংশই ধাৰণা কৰিছে  যে ১৪ জুলাইৰ বৈঠকত বিৰোধী নেতাসকলে বিভিন্ন বিষয়ত সহমতত উপনীত হ’ব পাৰিব। তৃণমূল কংগ্ৰেছৰ এগৰাকী নেতাই এই কথা প্ৰকাশ কৰিছে। 

নেতাগৰাকীয়ে কয় যে ২০২৪ চনত বিজেপিক পৰাজিত কৰিব লাগিবই।টিএমচিৰ নেতাগৰাকীয়ে লগতে কয় যে  অধ্যাদেশক লৈ আপ-কংগ্ৰেছৰ কাজিয়া এতিয়াও চলি আছে। ইয়াৰ সামান্য প্ৰভাৱ ছিমলাৰ সভাতো পৰিব পাৰে। টিএমচিৰ নেতাগৰাকীয়ে  যে পাটনা বৈঠকত মমতা বেনাৰ্জীয়ে দিয়া সূত্ৰ যিমান সম্ভৱ সোনকালে কাৰ্যকৰী কৰা হ'ব,ফলত  আপ-কংগ্ৰেছৰ খেলিমেলি দূৰ হোৱাৰ  হোৱাৰ সম্ভাৱনা আছে। টিএমচি নেতৃত্বই কেজৰিৱালৰ সৈতে বিষয়টো সন্দৰ্ভত আলোচনা কৰি আছে। 


টিএমচিৰ নেতাগৰাকীয়ে  কয়, "এটা পক্ষই সমস্যাৰ সমাধান বিচাৰিলে নহ’ব । সমস্যাটো সমাধান কৰিবলৈ দুয়োপক্ষৰ ইচ্ছা থাকিব লাগিব। সেয়া  ছিমলা বৈঠকৰ আগতে হ'ব লাগিব। অন্যথা, বৈঠকৰ প্ৰত্যাশিত ফলাফল প্ৰাপ্ত  নহ'ব পাৰে।’’ সূত্ৰ অনুসৰি  সংসদৰ বৰ্ষাকালীন অধিৱেশন ১৭ জুলাইৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। তাৰ ঠিক আগতে বিৰোধীৰ বৈঠক খন  গুৰুত্বপূৰ্ণবিবেচিত হৈছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি