--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
নকল ঔষধ প্ৰস্তুত আৰু বিক্ৰীৰ বিৰুদ্ধে এতিয়া বিশেষভাৱে সৰৱ হৈ উঠিছে  চৰকাৰ৷চৰকাৰী ঘোষণা অনুসৰি ৩০০ পেকেট ঔষধৰ ওপৰত বাৰ কোড প্ৰিণ্ট কৰিব লাগিব নিৰ্মাতকাৰী প্ৰতিষ্ঠাসমূহে৷ 

 ভুৱা ঔষধৰ সমস্যা সমাধান কৰিবৰ বাবে চৰকাৰে এই পদক্ষেপ হাতত লৈছে৷ ঔষধ নিৰ্মাণকাৰী কোম্পানীবোৰৰ দ্বাৰা ৩০০ পেকেট ঔষধৰ ওপৰত 'বাৰ কোড' প্ৰিন্ট কৰাটো একপ্ৰকাৰৰ বাধ্যতামূলক কৰি তুলিব চৰকাৰে৷ 

 নকল আৰু নিম্নমানৰ ঔষধৰ উৎপাদন বন্ধ কৰাত চৰকাৰৰ এই পদক্ষেপে যথেষ্ট সহায় কৰাৰ থল আছে৷ সমান্তৰালভাৱে এতিয়াৰ পৰা ক্ৰয় কৰাৰ পিছতেই আপুনি  পৰীক্ষা কৰিব পাৰিব যে আপুনি ক্ৰয় কৰা ঔষধটো প্ৰকৃত হয় নে নহয়৷  

২০২৩ চনৰ  মে' মাহৰ পৰা ঔষধ আৰু প্ৰসাধনৰ ক্ষেত্ৰত এই  নিয়ম কাৰ্যকৰী হ'ব৷ তদুপৰি গ্ৰাহকে ঔষধৰ পেকেটত প্ৰিণ্ট কৰা বাৰ কোড স্কেন কৰি  নিৰ্মাণ অনুজ্ঞাপত্ৰ আৰু বেচ নম্বৰৰ দৰে তথ্যও লাভ কৰিব পাৰিব৷  

অধিকাংশ গ্ৰাহকে সচেতনতা অবিহনেই পোনপটীয়াকৈ ঔষধ ক্ৰয় কৰে বাবে নকল ঔষধ ব্যৱহাৰৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ ৰাজহুৱা সেৱাৰ উন্নতি সাধন কৰি ভুৱা ঔষধ যোগান বন্ধ কৰাই হৈছে এই সংশোধনীৰ মূল উদ্দেশ্য৷ নতুন সংশোধনী অনুসৰি প্ৰস্তুত কৰা ঔষধ প্ৰকৃত হয় নে নহয় সেইয়া বাৰ কোড বা কিউআৰ কোডে নিশ্চিত কৰিব৷ প্ৰথম পৰ্য়াযত প্ৰায় ৩০০টা ঔষধৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ’ব জানিব পৰা গৈছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক