--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
নকল ঔষধ প্ৰস্তুত আৰু বিক্ৰীৰ বিৰুদ্ধে এতিয়া বিশেষভাৱে সৰৱ হৈ উঠিছে  চৰকাৰ৷চৰকাৰী ঘোষণা অনুসৰি ৩০০ পেকেট ঔষধৰ ওপৰত বাৰ কোড প্ৰিণ্ট কৰিব লাগিব নিৰ্মাতকাৰী প্ৰতিষ্ঠাসমূহে৷ 

 ভুৱা ঔষধৰ সমস্যা সমাধান কৰিবৰ বাবে চৰকাৰে এই পদক্ষেপ হাতত লৈছে৷ ঔষধ নিৰ্মাণকাৰী কোম্পানীবোৰৰ দ্বাৰা ৩০০ পেকেট ঔষধৰ ওপৰত 'বাৰ কোড' প্ৰিন্ট কৰাটো একপ্ৰকাৰৰ বাধ্যতামূলক কৰি তুলিব চৰকাৰে৷ 

 নকল আৰু নিম্নমানৰ ঔষধৰ উৎপাদন বন্ধ কৰাত চৰকাৰৰ এই পদক্ষেপে যথেষ্ট সহায় কৰাৰ থল আছে৷ সমান্তৰালভাৱে এতিয়াৰ পৰা ক্ৰয় কৰাৰ পিছতেই আপুনি  পৰীক্ষা কৰিব পাৰিব যে আপুনি ক্ৰয় কৰা ঔষধটো প্ৰকৃত হয় নে নহয়৷  

২০২৩ চনৰ  মে' মাহৰ পৰা ঔষধ আৰু প্ৰসাধনৰ ক্ষেত্ৰত এই  নিয়ম কাৰ্যকৰী হ'ব৷ তদুপৰি গ্ৰাহকে ঔষধৰ পেকেটত প্ৰিণ্ট কৰা বাৰ কোড স্কেন কৰি  নিৰ্মাণ অনুজ্ঞাপত্ৰ আৰু বেচ নম্বৰৰ দৰে তথ্যও লাভ কৰিব পাৰিব৷  

অধিকাংশ গ্ৰাহকে সচেতনতা অবিহনেই পোনপটীয়াকৈ ঔষধ ক্ৰয় কৰে বাবে নকল ঔষধ ব্যৱহাৰৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ ৰাজহুৱা সেৱাৰ উন্নতি সাধন কৰি ভুৱা ঔষধ যোগান বন্ধ কৰাই হৈছে এই সংশোধনীৰ মূল উদ্দেশ্য৷ নতুন সংশোধনী অনুসৰি প্ৰস্তুত কৰা ঔষধ প্ৰকৃত হয় নে নহয় সেইয়া বাৰ কোড বা কিউআৰ কোডে নিশ্চিত কৰিব৷ প্ৰথম পৰ্য়াযত প্ৰায় ৩০০টা ঔষধৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ’ব জানিব পৰা গৈছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু