--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনটো গীত শ্ৰেষ্ঠ? কোনটো গীতৰ মৰ্যাদা বেছি? জন গণ মন আৰু বন্দে মাতৰমকলৈ এনেবোৰ প্ৰশ্নৰ উদ্ৰেক দীৰ্ঘ দিনৰে পৰাই হৈ আহিছে। শেহতীয়াকৈ কেন্দ্ৰই গীত দুটিৰ মৰ্যাদাকলৈ নিজৰ স্থিতি স্পষ্ট কৰিছে।অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ে দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জৰিত আবোদনৰ  প্ৰতি সঁহাৰি দি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আজি দুয়োটা গানৰ বিষয়ত  চৰকাৰৰ স্থিতি স্পষ্ট কৰে।

দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদন সন্দৰ্ভত  কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এইকথা প্ৰকাশ কৰে।
ৰাষ্ট্ৰীয় সংগীত 'জন গণ মন' আৰু  'বন্দে মাতৰম'-এ দেশত একে মৰ্যাদা লাভ কৰিছে আৰু নাগৰিকসকলে দুয়োটা গানৰ প্ৰতি সমান সন্মান জনোৱা উচিত বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আজি দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা এক শপতনামাত  কয়।

কেন্দ্ৰই কয়  যে যিকোনো লোককে ৰাষ্ট্ৰীয় সংগীত 'জন গণ মন' গোৱাত বাধা দিয়াটো শাস্তিযোগ্য অপৰাধ বুলি গণ্য কৰা হয়। কিন্তু ৰাষ্ট্ৰীয় গীত 'বন্দে মাতৰম'ৰ ক্ষেত্ৰত এনে শাস্তিৰ কথা উল্লেখ কৰা হোৱা নাছিল। কি পৰিস্থিতিত ৰাষ্ট্ৰীয় সংগীত গোৱা হ'ব সেই বিষয়ত কোনো নিৰ্দেশনা দিয়া হোৱা নাই। অৱশ্যে, চৰকাৰে এই সন্দৰ্ভত বিভিন্ন সময়ত উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ে দিয়া আদেশ পালন কৰি আহিছে।

কেন্দ্ৰৰ মতে দুয়োটা গানেই ভাৰতৰ নাগৰিকসকলৰ প্ৰতি সমান সন্মানৰ। কেন্দ্ৰৰ হৈ অধিবক্তা মনীষ মোহনে আজি দিল্লী উচ্চ ন্যায়ালয়ত এখন শপতনামা দাখিল কৰি কয় যে ইয়াৰ পূৰ্বেও উচ্চতম ন্যায়ালয়ে 'বন্দে মাতৰম' সন্দৰ্ভত বিতৰ্ক  কৰিবলৈ অস্বীকাৰ কৰিছিল। উচ্চ ন্যায়ালয়তো 'বন্দে মাতৰম' গান গোৱাৰ নিৰ্দেশনা নিৰ্ধাৰণ কৰাৰ বাবেও আবেদন কৰা হৈছিল। উচ্চ ন্যায়ালয়েও ইয়াক খাৰিজ কৰিছিল।ফলস্বৰূপে যেতিয়া এই দুটা গানৰ ভাৰতত এক নিৰ্দিষ্ট স্থিতি থাকে। কেন্দ্ৰই অৱশ্যে কয় যে এই সন্দৰ্ভত আদালতে প্ৰদান কৰা যিকোনো আদেশ চৰকাৰে  গ্ৰহণ কৰিব।

গোচৰটোৰ আবেদনকাৰী অশ্বিনী কুমাৰ উপাধ্যায়ে চৰকাৰক প্ৰতিখন বিদ্যালয় আৰু শিক্ষানুষ্ঠানত কৰ্মদিনত 'জন গণ মন' আৰু 'বন্দে মাতৰম' গোৱাৰ ব্যৱস্থা কৰাৰ প্ৰস্তাৱ দিছিল। তেওঁৰ মতে, গানটো সঠিকভাৱে গোৱা নহয়, কিয়নো 'বন্দে মাতৰম' গোৱাৰ বাবে কোনো নিৰ্দিষ্ট নিৰ্দেশনা নাই আৰু বিভিন্ন চলচ্চিত্ৰ আৰু অনুষ্ঠানত গানটোৰ অপব্যৱহাৰ কৰা হৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু