--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৱম বিশ্ব ষ্ট্ৰেংথ লিফটিং চেম্পিয়নশ্বিপ'২০২২ত ভাৰতীয় দলত চাৰিজন অসম লিফ্টাৰ অন্তৰ্ভুক্ত হৈছে৷ তেওঁলোক হৈছে ক্ৰমে কৈলাশ শৰ্মা (১০৫ কিলোগ্ৰাম), ৰাজকুমাৰ দাস (৯৫ কিলোগ্ৰাম), ফণী চক্ৰৱৰ্তী (৬৬ কিলোগ্ৰাম) (অল মাষ্টাৰ্ছ শ্ৰেণী) আৰু সিদ্ধাৰ্থ নাৰায়ণ ১১৫ কিলোগ্ৰাম। এই প্ৰতিযোগিতালৈ মুঠ  ৫৫ জন খেলুৱৈ  ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে৷

বিশ্ব ষ্ট্ৰেংথ লিফটিং চেম্পিয়নশ্বিপ আৰু ইনক্লেইন বেঞ্চ প্ৰেছ চেম্পিয়নশ্বিপ '২০২২  ৫ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ কিৰগিজস্তানত  অনুষ্ঠিত হ'ব।

কিৰগিজস্তান ষ্ট্ৰেংথ লিফটিং ফেডাৰেচনৰ দ্বাৰা আয়োজিত আৰু কিৰগিজস্তান চৰকাৰৰ যুৱ পৰিক্ৰমা, শাৰীৰিক সাংস্কৃতিক আৰু ক্ৰীড়া সঞ্চালকৰ সহযোগত এই প্ৰতিযোগিতা খন আয়োজন কৰা হৈছে৷

ভাৰতীয় দলটোৱে ৪ ছেপ্টেম্বৰত নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয়  বিমানবন্দৰৰ পৰা কিৰগিজস্তানলৈ ৰাওনা হ'ব৷ দলটোৱে উক্ত দিনা সন্ধিয়া ৬.৩০ বজাত এয়াৰ আৰৱৰ বিমানেৰে  শ্বাৰজাহ হৈ কিৰগিজস্তানলৈ যাব৷ 

প্ৰতিযোগিতাৰ সময়ত অনুষ্ঠিত হ’বলগীয়া   ডব্লিউএছএলএফৰ বিশেষ সভাত  অসমৰ কৈলাশ শৰ্মাই ভাৰতীয় দলৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকিব । উল্লেখ্য  ভাৰতৰ চৰকাৰৰ হৈ কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰৰ মন্ত্ৰী ৰাম দাস আথৱালে ৩ ছেপ্টেম্বৰত আবেলি প্ৰায় ৪.৩০ বজাত নতুন দিল্লীত ভাৰতীয় দলটোক সম্বৰ্ধনা জনাব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু