--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৱম বিশ্ব ষ্ট্ৰেংথ লিফটিং চেম্পিয়নশ্বিপ'২০২২ত ভাৰতীয় দলত চাৰিজন অসম লিফ্টাৰ অন্তৰ্ভুক্ত হৈছে৷ তেওঁলোক হৈছে ক্ৰমে কৈলাশ শৰ্মা (১০৫ কিলোগ্ৰাম), ৰাজকুমাৰ দাস (৯৫ কিলোগ্ৰাম), ফণী চক্ৰৱৰ্তী (৬৬ কিলোগ্ৰাম) (অল মাষ্টাৰ্ছ শ্ৰেণী) আৰু সিদ্ধাৰ্থ নাৰায়ণ ১১৫ কিলোগ্ৰাম। এই প্ৰতিযোগিতালৈ মুঠ  ৫৫ জন খেলুৱৈ  ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে৷

বিশ্ব ষ্ট্ৰেংথ লিফটিং চেম্পিয়নশ্বিপ আৰু ইনক্লেইন বেঞ্চ প্ৰেছ চেম্পিয়নশ্বিপ '২০২২  ৫ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ কিৰগিজস্তানত  অনুষ্ঠিত হ'ব।

কিৰগিজস্তান ষ্ট্ৰেংথ লিফটিং ফেডাৰেচনৰ দ্বাৰা আয়োজিত আৰু কিৰগিজস্তান চৰকাৰৰ যুৱ পৰিক্ৰমা, শাৰীৰিক সাংস্কৃতিক আৰু ক্ৰীড়া সঞ্চালকৰ সহযোগত এই প্ৰতিযোগিতা খন আয়োজন কৰা হৈছে৷

ভাৰতীয় দলটোৱে ৪ ছেপ্টেম্বৰত নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয়  বিমানবন্দৰৰ পৰা কিৰগিজস্তানলৈ ৰাওনা হ'ব৷ দলটোৱে উক্ত দিনা সন্ধিয়া ৬.৩০ বজাত এয়াৰ আৰৱৰ বিমানেৰে  শ্বাৰজাহ হৈ কিৰগিজস্তানলৈ যাব৷ 

প্ৰতিযোগিতাৰ সময়ত অনুষ্ঠিত হ’বলগীয়া   ডব্লিউএছএলএফৰ বিশেষ সভাত  অসমৰ কৈলাশ শৰ্মাই ভাৰতীয় দলৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকিব । উল্লেখ্য  ভাৰতৰ চৰকাৰৰ হৈ কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰৰ মন্ত্ৰী ৰাম দাস আথৱালে ৩ ছেপ্টেম্বৰত আবেলি প্ৰায় ৪.৩০ বজাত নতুন দিল্লীত ভাৰতীয় দলটোক সম্বৰ্ধনা জনাব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী