--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ডুবাইৰ ইণ্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়ামত বৃহস্পতিবাৰে বাংলাদেশৰ বিপক্ষে এক তীব্ৰ প্ৰতিদ্বন্দীতাৰ অন্তত শ্ৰীলংকাৰ ৰোমাঞ্চকৰ জয় আৰু তাৰ লগে লগে ষ্টেডিয়ামৰ পেভিলিয়নত শ্ৰীলংকান খেলুৱৈ চামিকা কৰুণাৰত্নেৰ নাগিন ডাঞ্চ! ষ্টেডিয়ামৰ ডাঙৰ টেলিভিচন পৰ্দাত কৰুণাৰত্নেৰ এই নৃত্যৰ দৃশ্য ওলোৱাৰ লগে লগে তেওঁৰ সৈতে নাচি উঠিল গেলাৰীত বহি থকা শ্ৰীলংকান সমৰ্থকো। মুহূৰ্ততেই ভাইৰেল সৰ্প নৃত্যৰ এই আমোদজনক দৃশ্য। পিছে কৰুণাৰত্নে আৰু শ্ৰীলংকান অনুৰাগীৰ এই সৰ্প নৃত্যৰ আঁৰত আছে এক প্ৰতিশোধৰ তাড়ণাও। এই তাড়ণা আকৌ চাৰি বছৰ পূৰ্বৰে, ২০১৮ চনৰে। 

২০১৮ চনৰ নিডাহাছ ট্ৰফী ক্ৰিকেট টুৰ্ণামেণ্টৰ গ্ৰুপ পৰ্যায়ৰ এখন মেচত শ্ৰীলংকাক পৰাস্ত কৰে বাংলাদেশে। জয়ৰ পিছতে ফিল্ডৰ মাজতে সৰ্প নৃত্যৰে জয়ৰ আনন্দ উপভোগ কৰিছিল বাংলাদেশৰ উইকেটৰক্ষক বেটাৰ মুশফিকুৰ ৰহিমে। একেখন টুৰ্ণামেণ্টৰে নক-আউট পৰ্যায়ত পুনৰ মুখামুখি হয় দুয়োটা দল আৰু এইখন মেচতো জয়ী হয় বাংলাদেশ। এইবাৰ জয়ৰ পিছতে ফিল্ডৰ ভিতৰত সৰ্প মজি পৰে বাংলাদেশৰ গোটেই দলটো। 

স্বাভাৱিকতেই এই সৰ্প নৃত্যৰ দৃশ্যত অপমানিত বোধ কৰিছিল শ্ৰীলংকান খেলুৱৈৰ লগতে অনুৰাগী সকলেও। গতিকে তেওঁলোকৰ মাজত স্বাভাৱিকতেই সৃষ্টি হৈছিল প্ৰতিশোধৰ তাড়ণা। গতিকে কালিৰ মেচখনত জয়ৰ লগে লগে শ্ৰীলংকাৰ সমুখত আহি পৰে সৰ্প নৃত্যৰ প্ৰতিশোধৰ সুবৰ্ণ সুযোগ আৰু এই সুযোগ যাবলৈ নিদি সৰ্প নৃত্যত নামি পৰে কৰুণাৰত্নে আৰু শ্ৰীলংকান অনুৰাগী। বাংলাদেশৰ খেলুৱৈক পূৰ্বকৰ্ম সোঁৱৰাই এইদৰেই প্ৰতিশোধ লয় শ্ৰীলংকাৰ খেলুৱৈ আৰু সমৰ্থকে। 

উল্লেখ্য যে কালিৰ মেচখনত জয়ৰ লগে লগে শ্ৰীলংকাই চুপাৰ ৪ ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰে। আনহাতে এই পৰাজয়ৰ ফলত গ্ৰুপৰ পৰাই বাহিৰ হয় বাংলাদেশ। মেচখনত প্ৰথমে বেটিং কৰি বাংলাদেশে ২০ অভাৰত ১৮৩ ৰান সংগ্ৰহ কৰে।দলৰ হৈ আফিফ  হুছেইনে সৰ্বাধিক ৩৯ আৰু মেহদী হাছান মিৰাজে ৩৮ ৰানৰ অবদান আগবঢ়ায়। শ্ৰীলংকাৰ হৈ চামিকা কৰুণাৰত্নে আৰু ৱানিন্দু হাচাৰাংগাই দুটাকৈ উইকেট দখল কৰে।

আনহাতে ১৮৪ ৰানৰ লক্ষ্য অনুসৰণ কৰি শ্ৰীলংকাই কুশল মেণ্ডিছৰ ৬০ ৰানৰ অৰ্ধশতকীয় ইনিংছটোৰ সহায়ত জয়ৰ মুখ দেখে। অৱশ্যে নিয়মিত উইকেট পতনৰ ফলত শ্ৰীলংকা মেচখনত বিপৰ্যয়ৰ সন্মুখীন হয় যদিও অধিনায়ক দচুন চনকাই ৪৫ ৰানৰ এই যুঁজাৰু ইনিংছেৰে দলৰ ভেটি কিছু মজবুত কৰি তোলে। অন্তিম অভাৰত শ্ৰীলংকাক প্ৰয়োজন আছিল ৭ ৰানৰ আৰু দলটোৰ হাতত আছিল টেইল এণ্ডাৰৰ দুটা উইকেট। 

অৱশ্যে মেহদী হাছানৰ অভাৰটোত মহিষ ঠীকশানা আৰু অসিথা ফাৰ্নাণ্ডোৱে প্ৰয়োজনীয় ৰান সংগ্ৰহ কৰি শ্ৰীলংকাক জয়ৰ লক্ষ্যত উপনীত কৰায়। শ্ৰীলংকাই এতিয়া শনিবাৰে শ্বাৰজাহত চলিত এছিয়া কাপৰ চুপাৰ ৪ ৰাউণ্ডৰ প্ৰথমখন মেচত আফগানিস্তানৰ সন্মুখীন হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু