--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ডুবাইৰ ইণ্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়ামত বৃহস্পতিবাৰে বাংলাদেশৰ বিপক্ষে এক তীব্ৰ প্ৰতিদ্বন্দীতাৰ অন্তত শ্ৰীলংকাৰ ৰোমাঞ্চকৰ জয় আৰু তাৰ লগে লগে ষ্টেডিয়ামৰ পেভিলিয়নত শ্ৰীলংকান খেলুৱৈ চামিকা কৰুণাৰত্নেৰ নাগিন ডাঞ্চ! ষ্টেডিয়ামৰ ডাঙৰ টেলিভিচন পৰ্দাত কৰুণাৰত্নেৰ এই নৃত্যৰ দৃশ্য ওলোৱাৰ লগে লগে তেওঁৰ সৈতে নাচি উঠিল গেলাৰীত বহি থকা শ্ৰীলংকান সমৰ্থকো। মুহূৰ্ততেই ভাইৰেল সৰ্প নৃত্যৰ এই আমোদজনক দৃশ্য। পিছে কৰুণাৰত্নে আৰু শ্ৰীলংকান অনুৰাগীৰ এই সৰ্প নৃত্যৰ আঁৰত আছে এক প্ৰতিশোধৰ তাড়ণাও। এই তাড়ণা আকৌ চাৰি বছৰ পূৰ্বৰে, ২০১৮ চনৰে। 

২০১৮ চনৰ নিডাহাছ ট্ৰফী ক্ৰিকেট টুৰ্ণামেণ্টৰ গ্ৰুপ পৰ্যায়ৰ এখন মেচত শ্ৰীলংকাক পৰাস্ত কৰে বাংলাদেশে। জয়ৰ পিছতে ফিল্ডৰ মাজতে সৰ্প নৃত্যৰে জয়ৰ আনন্দ উপভোগ কৰিছিল বাংলাদেশৰ উইকেটৰক্ষক বেটাৰ মুশফিকুৰ ৰহিমে। একেখন টুৰ্ণামেণ্টৰে নক-আউট পৰ্যায়ত পুনৰ মুখামুখি হয় দুয়োটা দল আৰু এইখন মেচতো জয়ী হয় বাংলাদেশ। এইবাৰ জয়ৰ পিছতে ফিল্ডৰ ভিতৰত সৰ্প মজি পৰে বাংলাদেশৰ গোটেই দলটো। 

স্বাভাৱিকতেই এই সৰ্প নৃত্যৰ দৃশ্যত অপমানিত বোধ কৰিছিল শ্ৰীলংকান খেলুৱৈৰ লগতে অনুৰাগী সকলেও। গতিকে তেওঁলোকৰ মাজত স্বাভাৱিকতেই সৃষ্টি হৈছিল প্ৰতিশোধৰ তাড়ণা। গতিকে কালিৰ মেচখনত জয়ৰ লগে লগে শ্ৰীলংকাৰ সমুখত আহি পৰে সৰ্প নৃত্যৰ প্ৰতিশোধৰ সুবৰ্ণ সুযোগ আৰু এই সুযোগ যাবলৈ নিদি সৰ্প নৃত্যত নামি পৰে কৰুণাৰত্নে আৰু শ্ৰীলংকান অনুৰাগী। বাংলাদেশৰ খেলুৱৈক পূৰ্বকৰ্ম সোঁৱৰাই এইদৰেই প্ৰতিশোধ লয় শ্ৰীলংকাৰ খেলুৱৈ আৰু সমৰ্থকে। 

উল্লেখ্য যে কালিৰ মেচখনত জয়ৰ লগে লগে শ্ৰীলংকাই চুপাৰ ৪ ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰে। আনহাতে এই পৰাজয়ৰ ফলত গ্ৰুপৰ পৰাই বাহিৰ হয় বাংলাদেশ। মেচখনত প্ৰথমে বেটিং কৰি বাংলাদেশে ২০ অভাৰত ১৮৩ ৰান সংগ্ৰহ কৰে।দলৰ হৈ আফিফ  হুছেইনে সৰ্বাধিক ৩৯ আৰু মেহদী হাছান মিৰাজে ৩৮ ৰানৰ অবদান আগবঢ়ায়। শ্ৰীলংকাৰ হৈ চামিকা কৰুণাৰত্নে আৰু ৱানিন্দু হাচাৰাংগাই দুটাকৈ উইকেট দখল কৰে।

আনহাতে ১৮৪ ৰানৰ লক্ষ্য অনুসৰণ কৰি শ্ৰীলংকাই কুশল মেণ্ডিছৰ ৬০ ৰানৰ অৰ্ধশতকীয় ইনিংছটোৰ সহায়ত জয়ৰ মুখ দেখে। অৱশ্যে নিয়মিত উইকেট পতনৰ ফলত শ্ৰীলংকা মেচখনত বিপৰ্যয়ৰ সন্মুখীন হয় যদিও অধিনায়ক দচুন চনকাই ৪৫ ৰানৰ এই যুঁজাৰু ইনিংছেৰে দলৰ ভেটি কিছু মজবুত কৰি তোলে। অন্তিম অভাৰত শ্ৰীলংকাক প্ৰয়োজন আছিল ৭ ৰানৰ আৰু দলটোৰ হাতত আছিল টেইল এণ্ডাৰৰ দুটা উইকেট। 

অৱশ্যে মেহদী হাছানৰ অভাৰটোত মহিষ ঠীকশানা আৰু অসিথা ফাৰ্নাণ্ডোৱে প্ৰয়োজনীয় ৰান সংগ্ৰহ কৰি শ্ৰীলংকাক জয়ৰ লক্ষ্যত উপনীত কৰায়। শ্ৰীলংকাই এতিয়া শনিবাৰে শ্বাৰজাহত চলিত এছিয়া কাপৰ চুপাৰ ৪ ৰাউণ্ডৰ প্ৰথমখন মেচত আফগানিস্তানৰ সন্মুখীন হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী