--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৱম শ্ৰেণীত পঢ়ি থকা এগৰাকী ১৪ বছৰীয়া কিশোৰীয়ে জন্ম দিলে এটি পুত্ৰ সন্তান৷ কৰ্ণাটকৰ চিক্কাবল্লাপুৰাৰ এখন চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা৷

ভাৰতীয় দণ্ডবিধিৰ লগতে পিঅ’চিএছঅ’ৰ অধীনত ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। ৰাজ্যখনৰ টুমাকুৰু জিলাৰ এখন চৰকাৰী আৱাসিক বিদ্যালয়ৰ হোষ্টেলত আছিল ১৪ বছৰীয়া কিশোৰীগৰাকী। 

বাগেপল্লী তালুকত থকা ঘৰলৈ আহি তেওঁ পেটৰ বিষৰ কথা কোৱাত বিষয়টো পোহৰলৈ আহে। আৰক্ষীয়ে জনোৱা মতে, পিতৃ-মাতৃয়ে তেওঁক এখন চিকিৎসালয়লৈ লৈ যায় আৰু তাত স্কেনৰ অন্তত চিকিৎসকে তেওঁক গৰ্ভৱতী বুলি ধৰা পেলায়।

ছোৱালীজনীক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা পৰীক্ষা আৰু প্ৰয়োজনীয় পৰীক্ষাৰ অন্তত ৯ জানুৱাৰীত চিকিৎসকে প্ৰসৱ সম্পন্ন কৰে।কিশোৰীগৰাকীৰ ওজন কম আছিল যদিও তেওঁৰ কেঁচুৱাটো সুস্থিৰ আৰু সুস্থ বুলি আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে।

চিকিৎসালয় কৰ্তৃপক্ষই বিষয়টো আৰক্ষীক অৱগত কৰে আৰু তাৰপাছত আইপিচিৰ ধাৰা ৩৭৬ (ধৰ্ষণ) আৰু যৌন অপৰাধৰ বিৰুদ্ধে শিশু সুৰক্ষা আইনৰ অন্যান্য প্ৰাসংগিক ধাৰাত গোচৰ ৰুজু কৰে বুলিও তেওঁ কয়।

শিশু কল্যাণ সমিতিয়ে ছোৱালীজনীৰ কাউন্সেলিং কৰে৷ সেই সময়ত তেওঁ তেওঁলোকক কয় যে এজন ল’ৰাৰ দ্বাৰা তেওঁ গৰ্ভৱতী হৈছিল৷ ল’ৰাজন তেওঁৰ চিনিয়ৰ। কিন্তু, ল’ৰাজনক সোধা-পোছা কৰোতে অস্বীকাৰ কৰে বুলি এজন বিষয়াই জনায়৷

আৰক্ষীয়ে কয় যে "আমি এই বিষয়ত গোচৰ ৰুজু কৰিছো যদিও এতিয়াও এই ঘটনাৰ সৈতে জড়িত কাকো গ্ৰেপ্তাৰ কৰা নাই। ছোৱালীজনী আৰু তাইৰ পিতৃ-মাতৃয়ে একো কোৱা নাই। তেওঁক কাউন্সেলিং কৰি থকা হৈছে। ছোৱালীজনীৰ কথাত খেলিমেলি আছে৷ ছোৱালীজনীয়ে প্ৰথমে এজন লৰাৰ নাম কৈছিল আকৌ পাছত স্কুলৰ ছিনিয়ৰ লৰা এজনৰ কথা কয়৷ গতিকে আমি সকলোকে প্ৰশ্ন কৰি আছো যাতে কোন দায়ী সেইটো জানিব পাৰো৷"

ইফালে, টুমাকুৰু জিলা প্ৰশাসনে হোষ্টেলৰ ৱাৰ্ডেনক নিলম্বন কৰিছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক