--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৱম শ্ৰেণীত পঢ়ি থকা এগৰাকী ১৪ বছৰীয়া কিশোৰীয়ে জন্ম দিলে এটি পুত্ৰ সন্তান৷ কৰ্ণাটকৰ চিক্কাবল্লাপুৰাৰ এখন চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা৷

ভাৰতীয় দণ্ডবিধিৰ লগতে পিঅ’চিএছঅ’ৰ অধীনত ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। ৰাজ্যখনৰ টুমাকুৰু জিলাৰ এখন চৰকাৰী আৱাসিক বিদ্যালয়ৰ হোষ্টেলত আছিল ১৪ বছৰীয়া কিশোৰীগৰাকী। 

বাগেপল্লী তালুকত থকা ঘৰলৈ আহি তেওঁ পেটৰ বিষৰ কথা কোৱাত বিষয়টো পোহৰলৈ আহে। আৰক্ষীয়ে জনোৱা মতে, পিতৃ-মাতৃয়ে তেওঁক এখন চিকিৎসালয়লৈ লৈ যায় আৰু তাত স্কেনৰ অন্তত চিকিৎসকে তেওঁক গৰ্ভৱতী বুলি ধৰা পেলায়।

ছোৱালীজনীক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা পৰীক্ষা আৰু প্ৰয়োজনীয় পৰীক্ষাৰ অন্তত ৯ জানুৱাৰীত চিকিৎসকে প্ৰসৱ সম্পন্ন কৰে।কিশোৰীগৰাকীৰ ওজন কম আছিল যদিও তেওঁৰ কেঁচুৱাটো সুস্থিৰ আৰু সুস্থ বুলি আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে।

চিকিৎসালয় কৰ্তৃপক্ষই বিষয়টো আৰক্ষীক অৱগত কৰে আৰু তাৰপাছত আইপিচিৰ ধাৰা ৩৭৬ (ধৰ্ষণ) আৰু যৌন অপৰাধৰ বিৰুদ্ধে শিশু সুৰক্ষা আইনৰ অন্যান্য প্ৰাসংগিক ধাৰাত গোচৰ ৰুজু কৰে বুলিও তেওঁ কয়।

শিশু কল্যাণ সমিতিয়ে ছোৱালীজনীৰ কাউন্সেলিং কৰে৷ সেই সময়ত তেওঁ তেওঁলোকক কয় যে এজন ল’ৰাৰ দ্বাৰা তেওঁ গৰ্ভৱতী হৈছিল৷ ল’ৰাজন তেওঁৰ চিনিয়ৰ। কিন্তু, ল’ৰাজনক সোধা-পোছা কৰোতে অস্বীকাৰ কৰে বুলি এজন বিষয়াই জনায়৷

আৰক্ষীয়ে কয় যে "আমি এই বিষয়ত গোচৰ ৰুজু কৰিছো যদিও এতিয়াও এই ঘটনাৰ সৈতে জড়িত কাকো গ্ৰেপ্তাৰ কৰা নাই। ছোৱালীজনী আৰু তাইৰ পিতৃ-মাতৃয়ে একো কোৱা নাই। তেওঁক কাউন্সেলিং কৰি থকা হৈছে। ছোৱালীজনীৰ কথাত খেলিমেলি আছে৷ ছোৱালীজনীয়ে প্ৰথমে এজন লৰাৰ নাম কৈছিল আকৌ পাছত স্কুলৰ ছিনিয়ৰ লৰা এজনৰ কথা কয়৷ গতিকে আমি সকলোকে প্ৰশ্ন কৰি আছো যাতে কোন দায়ী সেইটো জানিব পাৰো৷"

ইফালে, টুমাকুৰু জিলা প্ৰশাসনে হোষ্টেলৰ ৱাৰ্ডেনক নিলম্বন কৰিছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু