--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে  নিৰ্বাচন আয়ুক্ত নিযুক্তি বিধেয়ক সন্দৰ্ভত কেন্দ্ৰক জাননী জাৰি কৰিছে। মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ প্ৰক্ৰিয়াৰ পৰা মুখ্য ন্যায়াধীশক কিয় আঁতৰাই ৰখা  হৈছে তাৰ বাখ্যা বিচাৰিছে  উচ্চতম ন্যায়ালয়ে । অৱশ্যে উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে এতিয়ালৈকে কেন্দ্ৰই  গৃহীত কৰা সংশ্লিষ্ট  আইন খনত স্থগিতাদেশ জাৰি কৰা নাই।

যোৱা বছৰ মাৰ্চ মাহত এক গুৰুত্বপূৰ্ণ ৰায়ত উচ্চতম ন্যায়ালয়ে ৰায় দিছিল যে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্ত নিযুক্ত কৰাৰ বাবে কেবিনেটৰ  একচেটিয়া ক্ষমতা নাথাকিব। তেওঁলোকক প্ৰধানমন্ত্ৰী, বিৰোধী দলৰ নেতা আৰু মুখ্য ন্যায়াধীশৰ যুটীয়া সমিতিয়ে নিযুক্তি দিব। এই সমিতিৰ পৰামৰ্শ অনুসৰণ কৰি নিৰ্বাচন আয়ুক্ত নিয়োগ কৰিব লাগিব। যদি লোকসভাত কেতিয়াবা বিৰোধী দলৰ নেতা নাথাকে , তেন্তে সৰ্ববৃহৎ বিৰোধী দলৰ নেতাক এই সমিতিত অন্তৰ্ভুক্ত কৰা হ'ব। ফলস্বৰূপে নিৰ্বাচন আয়ুক্ত নিযুক্ত কৰাৰ অধিকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ কংগ্ৰেছ নেতা অধীৰ চৌধুৰী আৰু ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ হাতত ন্যস্ত কৰা হৈছিল।

কিন্তু সংসদৰ শীতকালীন অধিৱেশনত কেন্দ্ৰই এই বিষয়ত এখন  আইন আনে আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়ক প্ৰায় বাতিল কৰে। মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (সংশোধনী) বিধেয়কৰ মতে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্তৰ নিযুক্তিত ভাৰতৰ মুখ্য ন্যায়াধীশৰ কোনো ভূমিকা নাথাকিব। অৰ্থাৎ তিনিজনীয়া সমিতিৰ দুজন সদস্য হ'ব চৰকাৰী প্ৰতিনিধি। তেনে ক্ষেত্ৰত বিৰোধী দলৰ নেতাৰ নিৰ্বাচন আয়ুক্তৰ নামক লৈ আপত্তি থাকিলেও চৰকাৰে   সংখ্যাগৰিষ্ঠতাৰ দোহাই দি  তেওঁৰ মতক  উপেক্ষা কৰিব পাৰিব। শীতকালীন অধিৱেশনত দুয়োখন সদনে বিধেয়কখন গৃহীত কৰিছিল। ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ সৈতে ই আইনত পৰিণত হৈছে।

আইনখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কেইবাটাও ৰাজহুৱা স্বাৰ্থ জড়িত  গোচৰ দাখিল কৰা হৈছে। কংগ্ৰেছ নেতা জয়া ঠাকুৰে দাখিল কৰা আবেদনত দাবী কৰা হৈছে যে এনে আইনে ন্যায়পালিকাৰ ক্ষমতাত হস্তক্ষেপ কৰিছে। সেয়েহে আইনখন স্থগিত কৰা উচিত। ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপংকৰ দত্তৰ এখন  খণ্ড বিচাৰপীঠে স্থগিতাদেশ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে আৰু  আইনৰ খনৰ বিষয়ত  স্পষ্টীকৰণ বিচাৰি কেন্দ্ৰলৈ জাননী প্ৰেৰণ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক