--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
নমস্কাৰ। মই চ’ত। মোক চিনি পাইছেনে? বছৰ নামৰ ঘৰটোত থকা আটাইতকৈ নুমলীয়া সদস্যজন মই। মোৰ সৈতে মুঠতে আমি বাৰজন ককাই-ভাই, বাই-ভনী। চিত্রা নক্ষত্ৰত মোৰ জন্ম বাবে মোৰ নাম চৈত্র। মানুহে নাম দিলে চ’ত। কিছুমানে মৰমতে চতাই বুলিও মাতে। সময়ৰ বোকোচাত উঠি মই প্ৰতিবছৰে আহো আপোনালোকৰ কাষলৈ। মোৰ এটা দুখ আছে বুজিছেনে? মোৰ ককাইদেউ, বাইদেউসকলক লৈ মানুহৰ হেঁপাহ, আশা, উৎসাহ, উদ্দীপনাৰ অন্ত নাই। কেনেকৈ আদৰিব, তেওঁলোকক লৈ কেনেকৈ ব্যস্ত থাকিব আৰু কত যে কি! কিন্তু ম‍ই ফাঁকতে সৰকি যাওঁ, কেতিয়া আহো, কেতিয়া যাওঁ মানুহৰ খবৰেই নাথাকে। মই এলাগী চ’ত। 

অসমীয়াৰ প্ৰথম মাহ তাতে ৰঙালী বিহুক লগতে লৈ আহে বাবে ব’হাগক যে ৰাইজে ইমান মৰম, সম্মান, শ্রদ্ধা কৰে। জেঠ-আহাৰ খেতিৰ বতৰ, আম ফলৰ-জাম ফলৰ বতৰ। শাওনৰ বৰষুণ, পথাৰ, ভাদত গুৰু দুজনাৰ তিথি, নাম-প্ৰসংগ, আহিনৰ শেৱালি, কঁহুৱা, শুকুলা ডাৱৰ, ফৰিংফুটা জোনাক, দুর্গা পূজা, কাতিত অসমীয়াৰ আদৰৰ কাতি বিহু, আঘোণৰ সোণোৱালী ধান, সুমথিৰা, ৰবাব টেঙা, ন খোৱা উৎসৱ, পুহত শীতৰ আমেজ, জুইৰ উম, মাঘত ভোগৰ ভোগালী বিহু আৰু ফাগুনৰ পলাশ, মদাৰ, শিমলু, পছোৱা, ফাকুৱাক লৈ মানুহৰ অন্তহীন হেঁপাহ। ফাগুনক লৈ মানুহৰ কত যে গান, কত যে কবিতা! আহিনক লৈ কবিতা, আঘোণক লৈ গদ্য, শাওণকো লৈ মানুহে সৃষ্টিৰ আৰাধনাত লাগি যায়। 

ব’হাগৰ কথানো কি ক'ম! গোটেই অসমখন তেওঁৰ গাতে উবুৰি খাই পৰে। মই চ’ত...বছৰটোৰ শেষৰ মাহ। য’ত শেষ তাতেইটো আৰম্ভণি হয়। মই কঢ়িয়াই লৈ আনো আশা আৰু প্ৰতিশ্ৰুতি। নতুনৰ আগলি বতৰা মোৰ বুকুতেই থুপ খাই থাকে। ময়ে নিদিওঁ জানো বসন্তৰ আগজাননী? মই সাজি দিয়া দোলাতে উঠি আহে ঋতুৰাজ বসন্ত। কুলি কেতেকীক ময়ে ৰিঙিয়াই মাতো, ঋতুৰাজ অহাৰ সময় হ’ল...তেওঁক আদৰণি কোনে জনাব? শুৱলা কণ্ঠেৰে আদৰণি গীত কোনে জুৰিব? তহঁত ক’ত আছ আহ। মোৰ আহ্বানত সিহঁতে পাহাৰে-ভৈয়ামে মিঠা মিঠা গীত গাই আকাশ-বতাহ মুখৰিত কৰে। সখীয়তীজনীক কওঁ তয়ো গান নোগাৱাকৈ নাথাকিবি। তায়ো গায় সুৰীয়া গীত। 

গছ-লতাক ঘৰৰ চোতালৰপৰা গৈ বাটে পথে, হাবিয়ে বননিয়ে গৈ সকীয়াই থৈ আহোঁ..ঋতুৰাজ বসন্তই তহঁতক এনে লঠঙা ৰূপত দেখিলে কি ভাবিব? লাহে লাহে নতুন সাজ এযোৰ পিন্ধাৰ যোগাৰ কৰ, সেউজীয়া ৰঙেৰে বোলাবি গাটো। তেহে তেওঁ দেখি ভাল পাব। কোমল কোমল কুঁহিপাতে হাঁহি এটা মাৰি কয়, “চ’ত ককাই আমি আমাৰ কাম আৰম্ভ কৰিছোৱেই। নাহৰ, তগৰ, কপৌ, ভাটৌ, চম্পা আদি ফুলবোৰৰ কাষ চাপি কওঁ, ৰমকজকমকৈ ফুলি তহঁতে প্রকৃতিক ন কইনাৰ সাজেৰে সজাব লাগিব। কলি পেলাবৰ সময় হ'ল। হেলা নকৰিবি। তাঁহাতেও আশাৰে কলি পেলায়। পাহি মেলি মেলি ধুনীয়া হৈ উঠে। কেতেকীফুল আকৌ পাহাৰতহে ফুলে। তাইক গৈ কওঁ, তই পাহাৰতে ফুলি আমোলমোলাই থাকিবি, যাতে ব'হাগ ককাইদেউ পাহাৰেৰে নামি ভৈয়ামলৈ আহোতে তোৰ সুগন্ধি পাই ভাগৰৰ কথা পাহৰি পেলায়।

মই নাহৰ, তগৰৰ সুৰভিৰ তীব্ৰ মাদকতা বতাহৰ বোকোচাত তুলি বহু দূৰ-দূৰলৈ উৰুৱাই লৈ যাওঁ। বিহুবলীয়া মানুহৰ মন উৰণীয়া কৰি তোলো।ইহঁতৰ সুবাসেৰে মানুহৰ মনত সিঁচি দিওঁ সজীৱতা, সতেজতা। মোক আপোনালোকে ক’ব পাৰে পৰিকল্পনাৰ মাহ। কাৰণ চ’তত পৰিকল্পনা কৰা মতেইটো ব’হাগত কামবোৰ হৈ উঠে। মই কাণ পাতি শুনো মানুহে আহিবলগীয়া নতুন দিনবোৰৰ পৰিকল্পনা কৰে। কি কৰিব, কি নকৰিব, বিহু কেনেকৈ পাতিব, পিঠা-পনা, জা-জলপান কেনেকৈ যোগাৰ কৰিব, কি কি সাজ কিনিব, পিন্ধিব। তাঁতৰ পাতত শিপিনীৰ ব্যস্ততাৰ কথা ক’বই নালাগে। তাঁতৰ খিটখিটনিত, মাকোৰ ঘিটঘিটনিত গোটেই ঘৰ-চোতাল দলদোপ হেন্দোলদোপ হৈ থাকে। 

চেনেহীজনীয়ে চেনাইৰ কাৰণে বোৱা বিহুৱানখন কোনটো ফুলৰ কেইটা কাঁঠিৰ, কেইপাহ ফুলে শুৱাব সেই কথা ভাবি ভাবিয়েই তৰণি নাপায়। মৰমৰ বাণীৰে, চেনেহৰ দীঘেৰে বোৱা বিহুৱানখনখন সম্পূৰ্ণ কৰি তুলিবলৈ কিমান যে উথপথপ লগায়। মহুৱাৰ পাক, টোলোঠাৰ ঘূৰণৰ লগত ময়ো ঘূৰি ঘূৰি নাচো। মই আহিলোঁ বুলিলেই শিপিনীৰ গা সাতখন-আঠখন হয়। দুপৰৰ ৰ’দত বহি জীয়ৰী-বোৱাৰীয়ে ৰাচ চলায়, শালত আঁৰে, মই ৰ লাগি চাই ৰওঁ দূৰৰপৰা। বিহুলৈ আৰু বেছি দিন নাই, পিঠাগুৰি খুন্দিবৰ সময় হ’ল- এইবুলি মই মনত পেলাই দিওঁ জীয়ৰী-বোৱাৰীহঁতক। ঢেঁকীৰ ঢেংকুৰুচ, ঢেংকুৰুচ শব্দত চ'তৰ আকাশত ৰগৰ উঠে। বিহু আখৰাৰো ধুম উঠে মোৰ সময় চলি থকাৰ সময়তে। ঢোলৰ মাতে, পেঁপাৰ মাতে ৰাইজৰ মনৰ গৰা খহায়।

আপোনালোকে জানে সতী জয়মতী দিৱস অনুষ্ঠিত কৰা হয় ১৩ চ’তত। ১৬০১ শকৰ ১৩ চ’তৰ দিনা জয়মতীয়ে নিজ স্বামীৰ কাৰণে, দেশৰ মংগলৰ কাৰণে প্ৰাণ আহুতি দিছিল। আগৰ দিনবোৰত চ’তত মানুহে কড়ি খেলিছিল। কড়ি খেলিলে গোটেই বছৰটোলৈ মানুহৰ কঁকালৰ বিষ নহয়। কিন্তু আজিকালি মানুহে এই খেল খেলা দেখিবলৈ নোপোৱা হ’লোঁ। অতীতত গাঁৱৰ ডেকা-গাভৰুৱে নিশাবোৰত ৰাতি বিহু উদযাপন কৰিছিল। যৌৱনে গৰকা ডেকা-গাভৰুৱে ৰাতি পথাৰত বিহু নাচি, বাদ্য বজাই লখিমীৰ উৎপাদিকা শক্তি বঢ়াবলৈ আয়োজন কৰিছিল। সময়ৰ বোৱতী সুঁতিত পৰি ৰাতি বিহু ক’ৰবাত হেৰাল। দুই-এজেগাত মানুহে ছেগাচোৰোকাকৈ ধৰি ৰাখিছে। এই দিনবোৰলৈ মনত পেলাই মই নীৰৱে চকুলো টোকো। যি বা এটা ঐতিহ্য আছিল সিও নোহোৱা হ'ল। 

এটা কথা মন কৰকচোন মই অসমত থকা দিনকেইটা আপোনালোককো সুন্দৰকৈ থাকিবলৈ সুবিধা কৰি দিওঁ। নাই বতাহৰ প্রতাপ, নাই বৰষুণৰ অত্যাচাৰ। নাই শীতৰ প্ৰকোপ, নাই জহৰ উৎপাত। এটা ধুনীয়া বতৰৰ আমন্ত্ৰণ কৰি লৈ আহো আপোনালোকৰ বাবে। এতিয়া ভেবেলীলতা ফুলৰ সময়। কেতিয়াবা বিহুৱা ডেকাৰ মুখত 'চ’তে গৈয়ে গৈয়ে বহাগে পালেহি ফুলিলে ভেবেলী লতা' বুলি মোৰ নামটো লোৱা শুনো। তেতিয়া যে ইমান ভাল লাগে মনটো। মই থাকোতেই ঘৰৰ গৃহস্থই গৰুৰ পঘাৰ বাবে তৰা ছিৰিবলৈ যা-যোগাৰ কৰে।

''...ফাগুন মাহত পলাশ ফুলে পছো‌ৱা বতাহ বয়,
চ'তৰ শেষত নতুন বছৰ আদৰি ল'বৰ হয়..''

এই কবিতাটোত মই আছো... হয়তো আপোনালোকে পঢ়িছে। এনেদৰেই সময়ৰ সোঁত বৈ থকালৈকে মই আহিম। মই নাহিলে কেনেকৈ হ'ব! ব'হাগ তথা অসমীয়াৰ নতুন বছৰটিক আদৰাৰ প্ৰস্তুতি মোৰ বুকুৰ পৰাইতো আৰম্ভ হয়। প্রকৃতি আইৰ এধানিমান মৰম মোৰ বাবেও নাই জানো? সেইকণ মৰম ল'বলৈ, তেওঁৰ বুকুত উমলিবলৈ মই আহিবই লাগিব। সময়ে সময়ে নতুনৰ বীজ সিঁচিবলৈ মোৰ আগমন ঘটিব অনন্ত কাললৈ....

কস্তুৰী বৰঠাকুৰ









FOLLOW US F
POPULAR
FEATURE
TRENDY
আধাৰ কাৰ্ড থাকিলেও হ’ব পাৰে ডাঙৰ সমস্যা! শীঘ্ৰেই কৰক এই কাম...
ৰাজা ৰঘুবংশী কাণ্ডত সঞ্জয় বৰ্মাৰ এন্ট্ৰি, কি সংযোগ সোণমৰ সৈতে...
যুৱচামৰ মাজতো বাঢ়িছে বাতবিষৰ সমস্যা
এইবাৰ ইণ্ডিগ' বিমানত বিপত্তি; লেহগামী বিমান পুনৰ উভতিল দিল্লীলৈ
ব্যস্ততাপূৰ্ণ জীৱনত যোগৰ প্ৰয়োজনীয়তা কিমান? জানো আহক বিশেষজ্ঞৰ পৰা...
হিন্দুৱে গৰু মাংস কিয় কিয় থ'ব? থ'লে গাহৰিৰ মাংস থ'ব: হিমন্ত বিশ্ব শর্মা
জীয়াই থকাৰ হেঁপাহ হেৰুৱাই যুৱতী আই টি ইঞ্জিনিয়াৰৰ চৰম সিদ্ধান্ত
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু