--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিভিন্ন কাৰণত পেট ফুলিব পাৰে। পেটৰ চৰ্বি জমা হোৱা, পেটত পানী জমা হোৱা আৰু বায়ু বা মল জমা হোৱাতো পেট ফুলাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। বহুতে আকৌ খাদ্য খোৱাৰ লগে লগে পেট ফুলা অনুভৱ কৰে। পুষ্টিবিদসকলৰ মতে কেতিয়াবা খাদ্যৰ পৰিৱৰ্তনেও পেট ফুলাৰ কাৰণ হ’ব পাৰে।

কোষ্ঠকাঠিন্য, গেছ বা পাচনতন্ত্ৰৰ বিভিন্ন সমস্যাও পেট ফুলাৰ কাৰণ হ’ব পাৰে। আৰু এই ধৰণৰ সমস্যা দীৰ্ঘদিন ধৰি চলি থাকিলে জটিল ৰোগৰ কবলত পৰাৰ আশংকাও বাঢ়ি যায়। কিন্তু এই প্ৰতিকাদ্বাৰা সমস্যাটো সহজে সমাধান পাব পাৰি জানি লওক।

১. ভালদৰে চোবাই খাব-

পুষ্টিবিদসকলৰ মতে আপুনি কি খায় তাতকৈ গুৰুত্বপূৰ্ণ যে আপুনি কেনেকৈ খায়। যেতিয়াই আপুনি খৰধৰকৈ খায় তেতিয়াই আপুনি অধিক পেট ফুলা অনুভৱ কৰিব পাৰে। গতিকে খাদ্য সদায় লাহে লাহে চোবাই খাবলৈ চেষ্টা কৰক।

২. পটাছিয়ামসমৃদ্ধ খাদ্য খোৱাটো জৰুৰী-

পুষ্টিবিদসকলে পেট ফুলা কমোৱাৰ বাবে পটাছিয়ামসমৃদ্ধ খাদ্য প্ৰচুৰ পৰিমাণে খাবলৈ পৰামৰ্শ দিয়ে। যদি আপোনাৰ প্ৰায় প্ৰতিদিনে পেট ফুলাৰ দৰে সমস্যা হয়, তেন্তে কল, মিঠা আলু, আমৰা দৈনিক খাদ্য তালিকাত ৰাখক। পুষ্টিবিদসকলৰ মতে পটাছিয়ামসমৃদ্ধ খাদ্য গ্ৰহণে প্ৰদাহ হ্ৰাস কৰাত ভূমিকা পালন কৰে।

৩. ডিয়ামৰ পৰিমাণ হ্ৰাস কৰিবঃ-দৈনিক খাদ্যত ছডিয়ামৰ মাত্ৰা বৃদ্ধি কৰিলে শৰীৰত পানী জমা হোৱাৰ মাত্ৰাও বৃদ্ধি পায়, যাৰ ফলত পেট ফুলাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে ব্ৰেড ৰোল, পিজ্জা, চেণ্ডুইচ, ফ্ৰ’জেন মাংস, চূপ আদিৰ দৰে নিমখীয়া খাদ্য পৰিহাৰ কৰক।

৪. গেষ্ট্ৰাইটিছ নলীত বৃহৎ পৰিমাণৰ বায়ু বা গেছ জমা হ’লে পেট ফুলা হ’ব পাৰে। হজমৰ সময়তো গেছ উৎপন্ন হয়। যিয়ে অস্বস্তি বৃদ্ধি কৰিব পাৰে। গতিকে প্ৰতিটো গধুৰ আহাৰ গ্ৰহণৰ পাছত আজোৱান, চপ, জিৰা মিহলোৱা পানীয় গ্ৰহণ কৰিব পাৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ