--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিভিন্ন কাৰণত পেট ফুলিব পাৰে। পেটৰ চৰ্বি জমা হোৱা, পেটত পানী জমা হোৱা আৰু বায়ু বা মল জমা হোৱাতো পেট ফুলাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। বহুতে আকৌ খাদ্য খোৱাৰ লগে লগে পেট ফুলা অনুভৱ কৰে। পুষ্টিবিদসকলৰ মতে কেতিয়াবা খাদ্যৰ পৰিৱৰ্তনেও পেট ফুলাৰ কাৰণ হ’ব পাৰে।

কোষ্ঠকাঠিন্য, গেছ বা পাচনতন্ত্ৰৰ বিভিন্ন সমস্যাও পেট ফুলাৰ কাৰণ হ’ব পাৰে। আৰু এই ধৰণৰ সমস্যা দীৰ্ঘদিন ধৰি চলি থাকিলে জটিল ৰোগৰ কবলত পৰাৰ আশংকাও বাঢ়ি যায়। কিন্তু এই প্ৰতিকাৰৰ দ্বাৰা সমস্যাটো সহজে সমাধান পাব পাৰি জানি লওক।

১. ভালদৰে চোবাই খাব-

পুষ্টিবিদসকলৰ মতে আপুনি কি খায় তাতকৈ গুৰুত্বপূৰ্ণ যে আপুনি কেনেকৈ খায়। যেতিয়াই আপুনি খৰধৰকৈ খায় তেতিয়াই আপুনি অধিক পেট ফুলা অনুভৱ কৰিব পাৰে। গতিকে খাদ্য সদায় লাহে লাহে চোবাই খাবলৈ চেষ্টা কৰক।

২. পটাছিয়ামসমৃদ্ধ খাদ্য খোৱাটো জৰুৰী-

পুষ্টিবিদসকলে পেট ফুলা কমোৱাৰ বাবে পটাছিয়ামসমৃদ্ধ খাদ্য প্ৰচুৰ পৰিমাণে খাবলৈ পৰামৰ্শ দিয়ে। যদি আপোনাৰ প্ৰায় প্ৰতিদিনে পেট ফুলাৰ দৰে সমস্যা হয়, তেন্তে কল, মিঠা আলু, আমৰা দৈনিক খাদ্য তালিকাত ৰাখক। পুষ্টিবিদসকলৰ মতে পটাছিয়ামসমৃদ্ধ খাদ্য গ্ৰহণে প্ৰদাহ হ্ৰাস কৰাত ভূমিকা পালন কৰে।

৩. ছ’ডিয়ামৰ পৰিমাণ হ্ৰাস কৰিবঃ-দৈনিক খাদ্যত ছ’ডিয়ামৰ মাত্ৰা বৃদ্ধি কৰিলে শৰীৰত পানী জমা হোৱাৰ মাত্ৰাও বৃদ্ধি পায়, যাৰ ফলত পেট ফুলাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে ব্ৰেড ৰোল, পিজ্জা, চেণ্ডুইচ, ফ্ৰ’জেন মাংস, চূপ আদিৰ দৰে নিমখীয়া খাদ্য পৰিহাৰ কৰক।

৪. গেষ্ট্ৰাইটিছ নলীত বৃহৎ পৰিমাণৰ বায়ু বা গেছ জমা হ’লে পেট ফুলা হ’ব পাৰে। হজমৰ সময়তো গেছ উৎপন্ন হয়। যিয়ে অস্বস্তি বৃদ্ধি কৰিব পাৰে। গতিকে প্ৰতিটো গধুৰ আহাৰ গ্ৰহণৰ পাছত আজোৱান, চপ, জিৰা মিহলোৱা পানীয় গ্ৰহণ কৰিব পাৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস