ডিজিটেল ডেস্কঃ কথমপি জীৱন ঘূৰাই পাইছে ভাৰতীয় নৌ সেনাৰ আঠ জনকৈ প্ৰাক্তন বিষয়াই। তেওঁলোকৰ মাজৰে সাতজনে ইতিমধ্যে সোমবাৰে দেশলৈ ঘূৰি আহিছে৷ মৃত্যুদণ্ডৰে দণ্ডিত আঠ ভাৰতীয়ৰ উদ্ধাৰত প্ৰধানমন্ত্ৰী মোদী আৰু ভাৰত চৰকাৰৰ সলনি বলীউডৰ অভিনেতা শ্বাহৰুখ খানেহে মূল ভূমিকা গ্ৰহণ কৰিছিল বুলি মঙলবাৰে একাংশ সংবাদ মাধ্যমত খবৰ প্ৰকাশ পাইছিল৷
ইয়াৰ পিছতে শ্বাহৰুখ খানে কাটাৰৰ কাৰাগাৰত বন্দী আঠজন ভাৰতীয় সৈনিকৰ মুক্তিত তেওঁৰ ভূমিকা আৰু অৱদানৰ বিষয়ে আনুষ্ঠানিকভাৱে এটা বিবৃতি প্ৰকাশ কৰিছে। কাটাৰৰ পৰা ভাৰতীয় নৌ সেনাৰ প্ৰাক্তন বিষয়াসকলৰ মুক্তিৰ সৈতে জড়িত থকাৰ বাতৰি সন্দৰ্ভত বলীউডৰ চুপাৰষ্টাৰগৰাকীয়ে কয় যে এনে দাবী ভিত্তিহীন। এনে খবৰক উৰাবাতৰি বুলি অভিহিত কৰি শ্বাহৰুখ খানে সেইবোৰক ভিত্তিহীন বুলি অভিহিত কৰে আৰু কয় যে নৌ সেনাৰ প্ৰাক্তন বিষয়াৰ উদ্ধাৰৰ সৈতে তেওঁ কোনো পধ্যে জৰিত নহয়৷
এক্সত এই সন্দৰ্ভত মন্তব্য কৰি শ্বাহৰুখ খানে কয় যে তেওঁলোকক মুক্তি প্ৰদানৰ ক্ষেক্ষত ভাৰত চৰকাৰেহে পদক্ষেপ গ্ৰহণ কৰিছিল, তেওঁ একো কৰা নাছিল৷ বিষয়টো যিহেতু কূটনৈতিক, সেয়ে এই ক্ষেত্ৰত ভাৰতৰ নেতা আৰু চৰকাৰে সক্ষমতাৰে পদক্ষেপ গ্ৰহণ কৰাত সফল হোৱা বাবে শ্বাহৰুখ খানে আনন্দ প্ৰকাশ কৰে৷ উল্লেখ্য শেহতীয়াকৈ কাটাৰে ভাৰতীয় নৌসেনাৰ আঠজন প্ৰাক্তন কৰ্মীক মুকলি কৰি দিছে । চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত মৃত্যুদণ্ড বিহা আঠ ভাৰতীয় নৌ সেনাৰ প্ৰাক্তন বিষয়াৰ প্ৰাণ অৱশেষত ৰক্ষা পৰিল । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি সাতজন প্ৰাক্তন নৌ সেনা বিষয়াই ইতিমধ্যে দেশলৈ উভতি আহিছে। বাকী থকা এজনেও শীঘ্ৰে দেশলৈ উভতি আহিব। 

কাটাৰত ২০২২ চনৰ আগষ্ট মাহত দেশ খনৰ চোৰাংচোৱা সংস্থাই আঠজন প্ৰাক্তন নৌ সেনা বিষয়াক আটক কৰিছিল । তেওঁলোকে কাটাৰৰ এটা ব্যক্তিগত কোম্পানীত কাম কৰি আছিল। তেওঁলোকৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ উঠিছিল। কাটাৰত আটক হৈ থকা প্ৰাক্তন জনাইছে। মোদীৰ হস্তক্ষেপৰ বাবেই কাটাৰৰ চৰকাৰে ভাৰতীয় লোক কেইজনৰ মৃত্যুদণ্ডৰ আদেশ প্ৰত্যাহাৰ কৰিছিল আৰু তেওঁলোকক ভাৰতলৈ উভতি যোৱাৰ অনুমতি দিছিল।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এটা বিবৃতিত কৈছিল "কাটাৰে কাটাৰী এয়াৰলাইনত সেৱা আগবঢ়োৱা আঠজন প্ৰাক্তন নৌ সেনা বিষয়াক মুক্তি দিয়াৰ সিদ্ধান্ত লৈছে। আমি এই সিদ্ধান্তক স্বাগতম জনাইছো। সাতজনে ইতিমধ্যে দেশলৈ উভতি আহিছে’’। ইফালে, প্ৰাক্তন নৌ সেনা বিষয়াসকলে দেশৰ মাটিত ভৰি থোৱাৰ পিছতে আৱেগ বিহ্বল হৈ পৰে। তেওঁলোকে বিমানবন্দৰত "ভাৰত মাতা কী জয়" ধ্বনি দিয়ে। তেওঁলোকে স্বদেশলৈ উভতি আহিবলৈ সক্ষম হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।
কাটাৰৰ পৰা উভতি অহা এজন প্ৰাক্তন নৌ সেনা বিষয়াই কয়, "আমি সুৰক্ষিতভাৱে ঘৰলৈ উভতি আহি বৰ সুখী।আমাৰ জীৱন ৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধ্যবাদ জনাব বিচাৰো। আমাৰ দেশলৈ উভতি অহাটো সম্ভৱ হৈ উঠিল কেৱল মোদীৰ ব্যক্তিগত উদ্যোগৰ বাবেই ।’’ আন এজন প্ৰাক্তন নৌ সেনা বিষয়াই কয়, "প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ অবিহনে আজি আমাৰ বাবে ইয়াত থিয় হোৱাটো সম্ভৱ নহ'লহেঁতেন। ভাৰত চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে ই সম্ভৱ হৈছে।’’ সাতজন সেনা বিষয়াই ১৮ মাহৰ পিছত ঘৰলৈ উভতি আহিছে।
২০২২ চনৰ আগষ্ট মাহত, কাটাৰত নৌসেনাৰ আঠজন প্ৰাক্তন কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল। উভতি অহা সকলৰ ভিতৰত কেপ্টেইন নৰতেজ সিং গিল, কেপ্টেইন বীৰেন্দ্ৰ কুমাৰ বৰমা, কেপ্টেইন সৌৰভ বশিষ্ঠ, কমাণ্ডাৰ অমিত নাগপাল, কমাণ্ডাৰ পূৰ্ণেন্দু তিৰাৰী, কমাণ্ডাৰ সুগুংকৰ পাকলা, কমাণ্ডাৰ সঞ্জীৱ গুপ্তা আৰু নাবিক ৰাজেশ আছে।