--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাঁচ বছৰ পূৰ্বে  আজিৰ দিনটোতে ভূ-স্বৰ্গ কাশ্মীৰ জোৱানৰ  তেজৰে ৰাঙলি হৈছিল।  পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত ৪০ জনকৈ চিআৰপিএফৰ জোৱান নিহত হৈছিল। পুলৱামাৰ ভয়ংকৰ আক্ৰমণৰ পাঁচ বছৰ পাৰ হৈ গ'ল, কিন্তু দেশবাসীৰ মনত আজিও সেই অসহনীয়  স্মৃতি সজীৱ  হৈ আছে। 

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে সেইদিনটোৰ  কথা মনত পেলাই এক বিশেষ বাৰ্তা দিছে।মোদী বৰ্তমান ৰিয়াধত আছে। প্ৰমোদীয়ে আবু ধাবিৰ প্ৰথম হিন্দু মন্দিৰ উদ্বোধন কৰিবলৈ সংযুক্ত আৰৱ গণৰাজ্যলৈ গৈছে। । বুধবাৰে তেওঁ পুলৱামা আক্ৰমণৰ পঞ্চম বৰ্ষপূৰ্তিত  এক বিশেষ বাৰ্তা প্ৰদান কৰে। মোদীয়ে কয় "পুলৱামাত শ্বহীদ হোৱা বীৰ সৈনিকসকললৈ মোৰ শ্ৰদ্ধাঞ্জলি। আমি সদায় দেশৰ বাবে তেওঁলোকৰ সেৱা আৰু ত্যাগ মনত ৰাখিম।’’ 

প্ৰধানমন্ত্ৰীৰ উপৰি কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে আজিৰ দিনটোতে এক বিশেষ বাৰ্তা প্ৰদান কৰিছে। মন কৰিব লগীয়া যে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ মাত্ৰ কেইমাহমান পূৰ্বে  চিআৰপিএফৰ কনভয়ত পাক সন্ত্ৰাসবাদীয়ে বাৰু ভৰ্তি বাহনেৰে  মাৰাত্মক আক্ৰমণ সংঘটিত কৰিছিল। ২,৫০০ চিআৰপিএফ জোৱানক স্থানান্তৰ কৰাৰ সময়তে  সন্ত্ৰাসবাদীয়ে কনভয়ত এটা আত্মঘাতী বোমা বিস্ফোৰণ ঘটাইছিল।ফলত  ৪০ জন চিআৰপিএফৰ জোৱানে প্ৰাণ হেৰুৱাইছিল। পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদে পিছত এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল।

দুমাহ পূৰ্বেও আন এক  ভয়ংকৰ ঘটনাই  কাশ্মীৰক আতংকিত কৰি তুলিছিল। এনকাউণ্টাৰৰ সময়তে সন্ত্ৰাসবাদীয়ে  সেনাৰ দুখন ট্ৰাকত গুলীচালনা কৰিছিল।সেই সময়ত আঘাতপ্ৰাপ্ত সৈনিকসকলৰ সৈতে যোগাযোগ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছিল। অৱশেষত, বহু প্ৰচেষ্টাৰ পিছত আঘাতপ্ৰাপ্ত জোৱানসকলৰ ওচৰলৈ এখন এম্বুলেন্স পঠিয়াব পৰা গৈছিল। সেই আক্ৰমণত ভাৰতীয় সেনাৰ তিনিজন সৈনিকৰ মৃত্যু হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু