--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাঁচ বছৰ পূৰ্বে  আজিৰ দিনটোতে ভূ-স্বৰ্গ কাশ্মীৰ জোৱানৰ  তেজৰে ৰাঙলি হৈছিল।  পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত ৪০ জনকৈ চিআৰপিএফৰ জোৱান নিহত হৈছিল। পুলৱামাৰ ভয়ংকৰ আক্ৰমণৰ পাঁচ বছৰ পাৰ হৈ গ'ল, কিন্তু দেশবাসীৰ মনত আজিও সেই অসহনীয়  স্মৃতি সজীৱ  হৈ আছে। 

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে সেইদিনটোৰ  কথা মনত পেলাই এক বিশেষ বাৰ্তা দিছে।মোদী বৰ্তমান ৰিয়াধত আছে। প্ৰমোদীয়ে আবু ধাবিৰ প্ৰথম হিন্দু মন্দিৰ উদ্বোধন কৰিবলৈ সংযুক্ত আৰৱ গণৰাজ্যলৈ গৈছে। । বুধবাৰে তেওঁ পুলৱামা আক্ৰমণৰ পঞ্চম বৰ্ষপূৰ্তিত  এক বিশেষ বাৰ্তা প্ৰদান কৰে। মোদীয়ে কয় "পুলৱামাত শ্বহীদ হোৱা বীৰ সৈনিকসকললৈ মোৰ শ্ৰদ্ধাঞ্জলি। আমি সদায় দেশৰ বাবে তেওঁলোকৰ সেৱা আৰু ত্যাগ মনত ৰাখিম।’’ 

প্ৰধানমন্ত্ৰীৰ উপৰি কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে আজিৰ দিনটোতে এক বিশেষ বাৰ্তা প্ৰদান কৰিছে। মন কৰিব লগীয়া যে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ মাত্ৰ কেইমাহমান পূৰ্বে  চিআৰপিএফৰ কনভয়ত পাক সন্ত্ৰাসবাদীয়ে বাৰু ভৰ্তি বাহনেৰে  মাৰাত্মক আক্ৰমণ সংঘটিত কৰিছিল। ২,৫০০ চিআৰপিএফ জোৱানক স্থানান্তৰ কৰাৰ সময়তে  সন্ত্ৰাসবাদীয়ে কনভয়ত এটা আত্মঘাতী বোমা বিস্ফোৰণ ঘটাইছিল।ফলত  ৪০ জন চিআৰপিএফৰ জোৱানে প্ৰাণ হেৰুৱাইছিল। পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদে পিছত এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল।

দুমাহ পূৰ্বেও আন এক  ভয়ংকৰ ঘটনাই  কাশ্মীৰক আতংকিত কৰি তুলিছিল। এনকাউণ্টাৰৰ সময়তে সন্ত্ৰাসবাদীয়ে  সেনাৰ দুখন ট্ৰাকত গুলীচালনা কৰিছিল।সেই সময়ত আঘাতপ্ৰাপ্ত সৈনিকসকলৰ সৈতে যোগাযোগ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছিল। অৱশেষত, বহু প্ৰচেষ্টাৰ পিছত আঘাতপ্ৰাপ্ত জোৱানসকলৰ ওচৰলৈ এখন এম্বুলেন্স পঠিয়াব পৰা গৈছিল। সেই আক্ৰমণত ভাৰতীয় সেনাৰ তিনিজন সৈনিকৰ মৃত্যু হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী