--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আনন্দ মনেৰে চিল্কা হ্ৰদত  নৌকা বিহাৰ  কৰি আছিল। কিন্তু হঠাতে তেওঁ উঠি যোৱা  নাওখনে পথ হেৰুৱালে। তেওঁ দীৰ্ঘ সময়  ধৰি সেয়ে  হ্ৰদটোতে আবদ্ধ হৈ থাকিবলগীয়া হ’ল। অৱশেষত আৱদ্ধ মন্ত্ৰীগৰাকীক  উদ্ধাৰ কৰিবলৈ  কেইবাখনো  নাও অভিযানত নামি পৰে। দুঘণ্টাৰ অভিযানৰ পিছত মন্ত্ৰীগৰাকীক  অৱশেষত উদ্ধাৰ কৰিব পৰা যায়।  দুঘণ্টা ধৰি হ্ৰদৰ মাজত আবদ্ধ হৈ থাকিবলগীয়া হোৱাৰ ফলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে  পৰৱৰ্তী অনুষ্ঠানবোৰত অংশগ্ৰহণ কৰিব নোৱাৰিলে।

ওড়িশাৰ  চিল্কা হ্ৰদত কেন্দ্ৰীয়  মীন মন্ত্ৰী পৰশত্তম ৰূপালাই দেওবাৰে আবেলি নৌকা বিহাৰ কৰিছিল।   তেওঁৰ লগত বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰ আৰু বিজেপিৰ কেইবাজনো   নেতা আছিল। তেওঁলোকে বৰকুলৰ পৰা শতাপদালৈ নাৱেৰে যাত্ৰা কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে  সাগৰ পৰিক্ৰমা প্ৰকল্পৰ অধীনত মাছমৰীয়াসকলৰ সৈতে বাৰ্তালাপ কৰিবলৈ নৌযাত্ৰাৰ পৰিকল্পনা কৰিছিল।

কিন্তু মাজতে  বিপদ ঘটিল। মন্ত্ৰীগৰাকীৰ নাওখনে হঠাতে হ্ৰদটোত পথ হেৰুৱালে। প্ৰথমে, সকলোৱে ভাবিছিল যে নাওখন মাছ ধৰা জালত আৱদ্ধ হৈ পৰিছে । কিন্তু পিছত গম পোৱা গৈছিল যে নাও চালকজনে অন্ধকাৰৰ বাবে পথ হেৰুৱাইছে । মন্ত্ৰীগৰাকীয়ে  কয় , "প্ৰকৃততে, নাও চালকজন সম্পূৰ্ণ নতুন। তেওঁ আগতে এনেদৰে যাত্ৰা কৰা নাছিলো। গতিকে তেওঁ আন্ধাৰ হোৱাৰ পিছত পথ হেৰুৱালে। "

প্ৰায় দুঘণ্টা ধৰি আৱদ্ধ হৈ থকাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক  উদ্ধাৰ কৰিবলৈ শতাপদৰ পৰা এখন উদ্ধাৰকাৰী জাহাজ প্ৰেৰণ কৰা হয় । ৰূপালাই  নিশা প্ৰায় ১০.৩০ বজাত শতাপদত উপস্থিত হ’বলৈ সক্ষম হয় । ইতিমধ্যে তেওঁ অংশগ্ৰহণ কৰিব লগা সকলো কাৰ্যসূচী বাতিল কৰা হৈছিল। এতিয়া বহুতৰে মাজত প্ৰশ্ন উত্থাপিত হৈছে- যদি কেন্দ্ৰীয় মন্ত্ৰীয়েই হ্ৰদটোত দুঘণ্টা ধৰি আবদ্ধ হৈ থাকিবলগীয়া  হয় তেন্তে সাধাৰণ মানুহৰ অৱস্থা কি হ'ব?



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু