--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আনন্দ মনেৰে চিল্কা হ্ৰদত  নৌকা বিহাৰ  কৰি আছিল। কিন্তু হঠাতে তেওঁ উঠি যোৱা  নাওখনে পথ হেৰুৱালে। তেওঁ দীৰ্ঘ সময়  ধৰি সেয়ে  হ্ৰদটোতে আবদ্ধ হৈ থাকিবলগীয়া হ’ল। অৱশেষত আৱদ্ধ মন্ত্ৰীগৰাকীক  উদ্ধাৰ কৰিবলৈ  কেইবাখনো  নাও অভিযানত নামি পৰে। দুঘণ্টাৰ অভিযানৰ পিছত মন্ত্ৰীগৰাকীক  অৱশেষত উদ্ধাৰ কৰিব পৰা যায়।  দুঘণ্টা ধৰি হ্ৰদৰ মাজত আবদ্ধ হৈ থাকিবলগীয়া হোৱাৰ ফলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে  পৰৱৰ্তী অনুষ্ঠানবোৰত অংশগ্ৰহণ কৰিব নোৱাৰিলে।

ওড়িশাৰ  চিল্কা হ্ৰদত কেন্দ্ৰীয়  মীন মন্ত্ৰী পৰশত্তম ৰূপালাই দেওবাৰে আবেলি নৌকা বিহাৰ কৰিছিল।   তেওঁৰ লগত বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰ আৰু বিজেপিৰ কেইবাজনো   নেতা আছিল। তেওঁলোকে বৰকুলৰ পৰা শতাপদালৈ নাৱেৰে যাত্ৰা কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে  সাগৰ পৰিক্ৰমা প্ৰকল্পৰ অধীনত মাছমৰীয়াসকলৰ সৈতে বাৰ্তালাপ কৰিবলৈ নৌযাত্ৰাৰ পৰিকল্পনা কৰিছিল।

কিন্তু মাজতে  বিপদ ঘটিল। মন্ত্ৰীগৰাকীৰ নাওখনে হঠাতে হ্ৰদটোত পথ হেৰুৱালে। প্ৰথমে, সকলোৱে ভাবিছিল যে নাওখন মাছ ধৰা জালত আৱদ্ধ হৈ পৰিছে । কিন্তু পিছত গম পোৱা গৈছিল যে নাও চালকজনে অন্ধকাৰৰ বাবে পথ হেৰুৱাইছে । মন্ত্ৰীগৰাকীয়ে  কয় , "প্ৰকৃততে, নাও চালকজন সম্পূৰ্ণ নতুন। তেওঁ আগতে এনেদৰে যাত্ৰা কৰা নাছিলো। গতিকে তেওঁ আন্ধাৰ হোৱাৰ পিছত পথ হেৰুৱালে। "

প্ৰায় দুঘণ্টা ধৰি আৱদ্ধ হৈ থকাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক  উদ্ধাৰ কৰিবলৈ শতাপদৰ পৰা এখন উদ্ধাৰকাৰী জাহাজ প্ৰেৰণ কৰা হয় । ৰূপালাই  নিশা প্ৰায় ১০.৩০ বজাত শতাপদত উপস্থিত হ’বলৈ সক্ষম হয় । ইতিমধ্যে তেওঁ অংশগ্ৰহণ কৰিব লগা সকলো কাৰ্যসূচী বাতিল কৰা হৈছিল। এতিয়া বহুতৰে মাজত প্ৰশ্ন উত্থাপিত হৈছে- যদি কেন্দ্ৰীয় মন্ত্ৰীয়েই হ্ৰদটোত দুঘণ্টা ধৰি আবদ্ধ হৈ থাকিবলগীয়া  হয় তেন্তে সাধাৰণ মানুহৰ অৱস্থা কি হ'ব?



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক