--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৭ জানুৱাৰীত অসমলৈ আহিব ইছৰোৰ মুৰব্বী ড০ শ্ৰীধৰ পানিকাৰ সোমনাথ। প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ মৰ্মে গুৱাহাটীত পদাৰ্পণ কৰিব চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত চন্দ্ৰযান-৩ ৰ সফল অৱতৰণ কৰোৱা বিজ্ঞানী দলৰ প্ৰমুখ বিজ্ঞানী তথা ভাৰতীয় মহাকাশ গৱেষণা সংস্হাৰ অধ্যক্ষ ড০ শ্ৰীধৰ পানিকাৰ সোমনাথে৷ 

অহা ১৭ জানুৱাৰীত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে আয়োজন কৰা সম্বৰ্ধনা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় অনুষ্ঠানত আন্তৰ্জাতিক খ্যাতি সম্পন্ন বিজ্ঞানীগৰাকীয়ে অংশগ্ৰহণ কৰিব।

চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত চন্দ্ৰযান-৩ ৰ সফল অৱতৰণ কৰোৱা বিজ্ঞানী দলৰ প্ৰমুখ বিজ্ঞানী তথা ভাৰতীয় মহাকাশ গৱেষণা সংস্হাৰ অধ্যক্ষ ড০ শ্ৰীধৰ পানিকাৰ সোমনাথৰ আগমনক লৈ উৎসাহী হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল।

নতুনকৈ স্থাপন কৰা গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চন্দ্ৰযান-৩ ৰ সফলতাৰ বিজয় উৎসৱত শেহতীয়াকৈ ইছৰোৰ দ্বাৰা আদিত্য এল-১ ৰ সূৰ্যমুখী অভিযান উপলক্ষে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰি ইছৰোৰ অধ্যক্ষ তথা বিজ্ঞানী ড০ শ্ৰীধৰ পানিকাৰ সোমনাথক সিদিনা সম্বৰ্ধনা জ্ঞাপন কৰিব বুলি প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক ড° যোগেশ কাকতিয়ে জানিবলৈ দিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক