--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৭ জানুৱাৰীত অসমলৈ আহিব ইছৰোৰ মুৰব্বী ড০ শ্ৰীধৰ পানিকাৰ সোমনাথ। প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ মৰ্মে গুৱাহাটীত পদাৰ্পণ কৰিব চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত চন্দ্ৰযান-৩ ৰ সফল অৱতৰণ কৰোৱা বিজ্ঞানী দলৰ প্ৰমুখ বিজ্ঞানী তথা ভাৰতীয় মহাকাশ গৱেষণা সংস্হাৰ অধ্যক্ষ ড০ শ্ৰীধৰ পানিকাৰ সোমনাথে৷ 

অহা ১৭ জানুৱাৰীত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে আয়োজন কৰা সম্বৰ্ধনা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় অনুষ্ঠানত আন্তৰ্জাতিক খ্যাতি সম্পন্ন বিজ্ঞানীগৰাকীয়ে অংশগ্ৰহণ কৰিব।

চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত চন্দ্ৰযান-৩ ৰ সফল অৱতৰণ কৰোৱা বিজ্ঞানী দলৰ প্ৰমুখ বিজ্ঞানী তথা ভাৰতীয় মহাকাশ গৱেষণা সংস্হাৰ অধ্যক্ষ ড০ শ্ৰীধৰ পানিকাৰ সোমনাথৰ আগমনক লৈ উৎসাহী হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল।

নতুনকৈ স্থাপন কৰা গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চন্দ্ৰযান-৩ ৰ সফলতাৰ বিজয় উৎসৱত শেহতীয়াকৈ ইছৰোৰ দ্বাৰা আদিত্য এল-১ ৰ সূৰ্যমুখী অভিযান উপলক্ষে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰি ইছৰোৰ অধ্যক্ষ তথা বিজ্ঞানী ড০ শ্ৰীধৰ পানিকাৰ সোমনাথক সিদিনা সম্বৰ্ধনা জ্ঞাপন কৰিব বুলি প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক ড° যোগেশ কাকতিয়ে জানিবলৈ দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি