--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ ইটাহ (Etah) জিলাত ৭ জুলাইত সংঘটিত হোৱা বিবাদক কেন্দ্ৰ কৰিয়েই গাঁওখনৰ একাংশ লোকে মিলি অতি নৃশংসভাৱে ২১ বছৰীয়া এগৰাকী কিশোৰীক জীৱন্তে জ্বলাই দিয়ে। ঘটনাৰ পাছত কিশোৰীগৰাকীক পৰিয়ালৰ লোকে আলিগড় হাস্পতালত চিকিৎসাধীন হৈ আছিল যদিও ৯ জুলাইৰ পুৱা তেওঁৰ মৃত্যু হয়। এই ঘটনাৰ সন্দৰ্ভত উক্ত দিনটোতে আৰক্ষীক অভিযোগ দাখিল কৰা হয় যদিও আৰক্ষীয়ে কোনো গোচৰ পঞ্জীয়ন কৰা নাছিল।

 ঘটনাটো ইটাহ জিলাৰ বগৱালা অঞ্চলৰ নাগলা নিজামৰ, ঘটনাৰ বিৱৰণী অনুসৰি ৭ জুলাইৰ দিনা একাংশ লোকে নিশা প্ৰায় ১মান বজাত প্ৰীতি নামৰ এগৰাকী কিশোৰীক জীৱন্তে জ্বলাই দিয়ে। যাৰ ফলস্বৰুপে প্ৰীতিৰ শৰীৰৰ প্ৰায় ৭০ শতাংশ‌ জ্বলি যায়। পাছত পৰিয়ালৰ লোকে কিশোৰীগৰাকীক ইটাহ জিলা চিকিৎসালয়ত ভৰ্তি কৰে যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে তেওঁক আলিগড়লৈ লৈ যায়।

 কিন্তু ৯ জুলাইৰ পুৱা প্ৰায় ৪ বজাত চিকিৎসাধীন অৱস্থাতে কিশোৰীগৰাকীৰ মৃত্যু হয়। প্ৰীতিৰ ভাতৃৰ মতে, ‘আমি ৭ তাৰিখে নিশা আৰক্ষীক অভিযোগ পত্ৰখন চিকিৎসালয়তে দিছিলোঁ, তাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল, ৯ জুলাইত ফাৰ্ৰুখাবাদ পথত জামৰ বাবে ৰাখি থাকোঁতে মোৰ ভনীৰ মৃত্যু হয়। তাৰ পাছতহে আমাৰ এজাহাৰ পঞ্জীয়ন কৰা হয়।’

 প্ৰীতিৰ ভাতৃ নীৰাজে দ্য কুইণ্টক জনায় যে, ‘ঘটনা সংঘটিত হোৱাৰ দিনটোৰ প্ৰায় এসপ্তাহ আগতে গাঁওখনৰ মহিলাসকলৰ মাজত আমক লৈ কিছু বিবাদ হৈছিল, একে সময়তে সেই বিবাদ নিষ্পত্তিও কৰা হৈছিল। কিন্তু ৭ জুলাইৰ নিশা আমি একেলগে ফাৰ্মত নিৰ্মিত এটা ঘৰত শুই আছিলো, তেতিয়াই যিটো পৰিয়ালৰ লগত বিবাদ হৈছিল, সেই পৰিয়ালৰে আৱাধেশ নামৰ এজন লোক প্ৰীতিক দেউতাৰ কাজিয়া হৈছে বুলি মাতি দিয়ে এই কথা শুনি প্ৰীতি লগে লগে ঘৰৰ পৰা ওলাই আহিল আৰু তাৰ পাছত ৰামেশ্বৰ সুশীল কুমাৰ, আৱাধেশ আৰু অভনীশে ডিজেল ঢালি জুই লগাই দিয়ে আৰু পাছত পলাই যায়।’ ইফালে আৰক্ষীক অভিযোগ দিয়াৰ সত্ত্বেও প্ৰথমে চিকিৎসা তাৰ পাছতহে তদন্ত হ'ব বুলি কয় যদিও পৰৱৰ্তী সময়ত কোনো ব্যৱস্থা গ্রহণ কৰা নহল বুলি উল্লেখ কৰিছে মৃত কিশোৰীগৰাকীৰ ভাতৃয়ে।

 এই গোচৰত অতিৰিক্ত আৰক্ষী অধীক্ষক ধনঞ্জয় কুশৱাহাই কৈছে যে ‘প্ৰাথমিক তদন্তত এই ঘটনাত সন্দেহজনক যেন লাগে, আমি গোচৰ পঞ্জীয়ন কৰিছো, তদন্তৰ পাছতহে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হব।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ