--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ ইটাহ (Etah) জিলাত ৭ জুলাইত সংঘটিত হোৱা বিবাদক কেন্দ্ৰ কৰিয়েই গাঁওখনৰ একাংশ লোকে মিলি অতি নৃশংসভাৱে ২১ বছৰীয়া এগৰাকী কিশোৰীক জীৱন্তে জ্বলাই দিয়ে। ঘটনাৰ পাছত কিশোৰীগৰাকীক পৰিয়ালৰ লোকে আলিগড় হাস্পতালত চিকিৎসাধীন হৈ আছিল যদিও ৯ জুলাইৰ পুৱা তেওঁৰ মৃত্যু হয়। এই ঘটনাৰ সন্দৰ্ভত উক্ত দিনটোতে আৰক্ষীক অভিযোগ দাখিল কৰা হয় যদিও আৰক্ষীয়ে কোনো গোচৰ পঞ্জীয়ন কৰা নাছিল।

 ঘটনাটো ইটাহ জিলাৰ বগৱালা অঞ্চলৰ নাগলা নিজামৰ, ঘটনাৰ বিৱৰণী অনুসৰি ৭ জুলাইৰ দিনা একাংশ লোকে নিশা প্ৰায় ১মান বজাত প্ৰীতি নামৰ এগৰাকী কিশোৰীক জীৱন্তে জ্বলাই দিয়ে। যাৰ ফলস্বৰুপে প্ৰীতিৰ শৰীৰৰ প্ৰায় ৭০ শতাংশ‌ জ্বলি যায়। পাছত পৰিয়ালৰ লোকে কিশোৰীগৰাকীক ইটাহ জিলা চিকিৎসালয়ত ভৰ্তি কৰে যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে তেওঁক আলিগড়লৈ লৈ যায়।

 কিন্তু ৯ জুলাইৰ পুৱা প্ৰায় ৪ বজাত চিকিৎসাধীন অৱস্থাতে কিশোৰীগৰাকীৰ মৃত্যু হয়। প্ৰীতিৰ ভাতৃৰ মতে, ‘আমি ৭ তাৰিখে নিশা আৰক্ষীক অভিযোগ পত্ৰখন চিকিৎসালয়তে দিছিলোঁ, তাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল, ৯ জুলাইত ফাৰ্ৰুখাবাদ পথত জামৰ বাবে ৰাখি থাকোঁতে মোৰ ভনীৰ মৃত্যু হয়। তাৰ পাছতহে আমাৰ এজাহাৰ পঞ্জীয়ন কৰা হয়।’

 প্ৰীতিৰ ভাতৃ নীৰাজে দ্য কুইণ্টক জনায় যে, ‘ঘটনা সংঘটিত হোৱাৰ দিনটোৰ প্ৰায় এসপ্তাহ আগতে গাঁওখনৰ মহিলাসকলৰ মাজত আমক লৈ কিছু বিবাদ হৈছিল, একে সময়তে সেই বিবাদ নিষ্পত্তিও কৰা হৈছিল। কিন্তু ৭ জুলাইৰ নিশা আমি একেলগে ফাৰ্মত নিৰ্মিত এটা ঘৰত শুই আছিলো, তেতিয়াই যিটো পৰিয়ালৰ লগত বিবাদ হৈছিল, সেই পৰিয়ালৰে আৱাধেশ নামৰ এজন লোক প্ৰীতিক দেউতাৰ কাজিয়া হৈছে বুলি মাতি দিয়ে এই কথা শুনি প্ৰীতি লগে লগে ঘৰৰ পৰা ওলাই আহিল আৰু তাৰ পাছত ৰামেশ্বৰ সুশীল কুমাৰ, আৱাধেশ আৰু অভনীশে ডিজেল ঢালি জুই লগাই দিয়ে আৰু পাছত পলাই যায়।’ ইফালে আৰক্ষীক অভিযোগ দিয়াৰ সত্ত্বেও প্ৰথমে চিকিৎসা তাৰ পাছতহে তদন্ত হ'ব বুলি কয় যদিও পৰৱৰ্তী সময়ত কোনো ব্যৱস্থা গ্রহণ কৰা নহল বুলি উল্লেখ কৰিছে মৃত কিশোৰীগৰাকীৰ ভাতৃয়ে।

 এই গোচৰত অতিৰিক্ত আৰক্ষী অধীক্ষক ধনঞ্জয় কুশৱাহাই কৈছে যে ‘প্ৰাথমিক তদন্তত এই ঘটনাত সন্দেহজনক যেন লাগে, আমি গোচৰ পঞ্জীয়ন কৰিছো, তদন্তৰ পাছতহে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হব।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক