--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ! এক ভয়াৱহ নিষ্ঠুৰতাৰ বলি হ’ল এটা পৰিয়াল। অতি নিষ্ঠুৰ হত্যাৰ বলি হ’ল একেটা পৰিয়ালৰ দুজন পুৰুষ, দুৰগৰাকী মহিলা। প্ৰথমে ঘৰৰ পৰা চোঁচৰাই আনি তেওঁলোকৰ চকুত বান্ধি দিয়া হ’ল কাপোৰ। তাৰ পাছত ঘৰৰ চোতালতে তেওঁলোকক দিয়া হ’ল ফাঁচি। কেৱল এয়াই নহয়, তেওঁলোকৰ ঘৰো বিস্ফোৰণেৰে উৰুৱাই দিয়া হ’ল। এই নৃশংস ঘটনা সংঘটিত কৰিছে মাওবাদী সন্ত্ৰাসবাদীয়ে।

বিহাৰৰ গয়াত এই ঘটনা সংঘটিত হৈছে। মাওবাদীয়ে দেওবাৰে ‘কেংগাৰু কোৰ্ট’ত চলোৱা বিচাৰত দোষী সাব্যস্ত কৰি লোককেইজনক নিষ্ঠুৰ মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। দামুৰীয়াৰ মনবৰ গাঁৱত থকা সাৰজু ভোক্তা নামৰ লোকজনৰ ঘৰ বিস্ফোৰণেৰে উৰুৱাই দিয়াৰ লগতে মাওবাদীয়ে তেওঁৰ দুই পুত্ৰ সত্যেন্দ্ৰ সিং ভোক্তা আৰু মহেন্দ্ৰ সিং ভোক্তা আৰু তেওঁলোকৰ পত্নীক চকুৰ কাপোৰ বান্ধি ঘৰৰ বাহিৰতে ফাঁচি দিয়ে। পৰিয়ালটো হত্যা আৰু ষড়যন্ত্ৰৰ অভিযোগত দোষী সাব্যস্ত হোৱা বুলি প্ৰকাশ কৰি মাওবাদীৰ দলটোৱে তেওঁলোকৰ ঘৰৰ দুৱাৰত জাননীও ওলোমাই দিয়ে।


এই জাননীত লিখা হৈছে যে, চাৰি মাওবাদী অমৰেশ কুমাৰ, সীতা কুমাৰ, শিৱপূজন কুমাৰ আৰু উদয় কুমাৰক বিহ দি পৰিয়ালটোৱে হত্যা কৰিছিল। বিশ্বাসঘাতকক কঠোৰ শাস্তি বিহাৰো হুংকাৰ দিয়ে মাওবাদীৰ দলটোৱে। উল্লেখ্য যে, সেই স্থানতে এবছৰ আগতে চাৰিজন মাওবাদী সদস্য আৰক্ষীৰে সংঘৰ্ষত নিহত হৈছিল। কিন্তু মাওবাদীয়ে সেয়া ভুৱা সংঘৰ্ষ আছিল বুলি অভিযোগ কৰিছিল। এই পৰিয়ালটোৱে বিহ দি মাওবাদী সদস্যকেইজনক হত্যা কৰা বুলি অভিযোগ কৰিছিল আৰু পাছত আৰক্ষীক খবৰ দি সেয়া ভুৱা এনকাউণ্টাৰৰ ৰূপ দিছিল বুলি মাওবাদীয়ে অভিযোগ কৰিছে। এই ঘটনাই এতিয়া আতংক আৰু উত্তেজনাৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। মাওবাদীৰ বিৰুদ্ধে অভিযানো আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক