--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ! এক ভয়াৱহ নিষ্ঠুৰতাৰ বলি হ’ল এটা পৰিয়াল। অতি নিষ্ঠুৰ হত্যাৰ বলি হ’ল একেটা পৰিয়ালৰ দুজন পুৰুষ, দুৰগৰাকী মহিলা। প্ৰথমে ঘৰৰ পৰা চোঁচৰাই আনি তেওঁলোকৰ চকুত বান্ধি দিয়া হ’ল কাপোৰ। তাৰ পাছত ঘৰৰ চোতালতে তেওঁলোকক দিয়া হ’ল ফাঁচি। কেৱল এয়াই নহয়, তেওঁলোকৰ ঘৰো বিস্ফোৰণেৰে উৰুৱাই দিয়া হ’ল। এই নৃশংস ঘটনা সংঘটিত কৰিছে মাওবাদী সন্ত্ৰাসবাদীয়ে।

বিহাৰৰ গয়াত এই ঘটনা সংঘটিত হৈছে। মাওবাদীয়ে দেওবাৰে ‘কেংগাৰু কোৰ্ট’ত চলোৱা বিচাৰত দোষী সাব্যস্ত কৰি লোককেইজনক নিষ্ঠুৰ মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। দামুৰীয়াৰ মনবৰ গাঁৱত থকা সাৰজু ভোক্তা নামৰ লোকজনৰ ঘৰ বিস্ফোৰণেৰে উৰুৱাই দিয়াৰ লগতে মাওবাদীয়ে তেওঁৰ দুই পুত্ৰ সত্যেন্দ্ৰ সিং ভোক্তা আৰু মহেন্দ্ৰ সিং ভোক্তা আৰু তেওঁলোকৰ পত্নীক চকুৰ কাপোৰ বান্ধি ঘৰৰ বাহিৰতে ফাঁচি দিয়ে। পৰিয়ালটো হত্যা আৰু ষড়যন্ত্ৰৰ অভিযোগত দোষী সাব্যস্ত হোৱা বুলি প্ৰকাশ কৰি মাওবাদীৰ দলটোৱে তেওঁলোকৰ ঘৰৰ দুৱাৰত জাননীও ওলোমাই দিয়ে।

এই জাননীত লিখা হৈছে যে, চাৰি মাওবাদী অমৰেশ কুমাৰ, সীতা কুমাৰ, শিৱপূজন কুমাৰ আৰু উদয় কুমাৰক বিহ দি পৰিয়ালটোৱে হত্যা কৰিছিল। বিশ্বাসঘাতকক কঠোৰ শাস্তি বিহাৰো হুংকাৰ দিয়ে মাওবাদীৰ দলটোৱে। উল্লেখ্য যে, সেই স্থানতে এবছৰ আগতে চাৰিজন মাওবাদী সদস্য আৰক্ষীৰে সংঘৰ্ষত নিহত হৈছিল। কিন্তু মাওবাদীয়ে সেয়া ভুৱা সংঘৰ্ষ আছিল বুলি অভিযোগ কৰিছিল। এই পৰিয়ালটোৱে বিহ দি মাওবাদী সদস্যকেইজনক হত্যা কৰা বুলি অভিযোগ কৰিছিল আৰু পাছত আৰক্ষীক খবৰ দি সেয়া ভুৱা এনকাউণ্টাৰৰ ৰূপ দিছিল বুলি মাওবাদীয়ে অভিযোগ কৰিছে। এই ঘটনাই এতিয়া আতংক আৰু উত্তেজনাৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। মাওবাদীৰ বিৰুদ্ধে অভিযানো আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ