--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দোকানৰ পৰা খোৱা বস্তু আনিবলৈ গৈ দুদিন পাছত মৃতদেহ হৈ ঘৰলৈ উভতিল এগৰাকী কিশোৰী। এই কৰুণ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ এটাৱা জিলাত। পৰিয়ালৰ মানুহে বহু বিচাৰ খোচাৰ কৰিও কিশোৰীগৰাকীৰ কোনো সন্ধান উলিয়াব পৰা নাছিল।থানাতো দিছিল এজাহাৰ। দুদিন পাছত কিশোৰীগৰাকীৰ মৃতদেহ এটা নলাত উদ্ধাৰ হৈছিল। সেই সময়ত তেওঁৰ ডিঙি নাইলনৰ ৰচীৰে বন্ধা আছিল।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি ঘৰলৈ প্ৰেৰণ কৰে। পাছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠোৱা হয়। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ ভিত্তিতেই আৰক্ষীয়ে আগবঢ়াই নিব তদন্ত। মৃত্যুৰ তদন্ত চলাই আছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। মৃত কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি আৰক্ষীয়ে সময়মতে ব্যৱস্থা গ্ৰহণ কৰা হ'লে তেওঁ জীয়াই থাকিলেহেঁতেন।

পৰিয়ালৰ মতে কিশোৰীগৰাকী নিৰুদ্দেশ হোৱাৰ পিছত থানাত এজাহাৰ দাখিল কৰা হৈছিল। কিন্তু কোনোৱে এই ঘটনাক গুৰুত্বসহকাৰে নল'লে। কেৱল এয়াই নহয় তেওঁ নিৰুদ্দেশ হোৱাৰ পাছত কোনো অজ্ঞাতলোকে ঘৰলৈ ফোন কৰিছিল আৰু সেই নম্বৰ তেওঁলোকে আৰক্ষীক দিছিল কিন্তু আৰক্ষীয়ে তাৰপাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালবৰ্গই।

আৰু পঢ়কঃ GMCৰ কঠোৰ নিৰ্দেশনা; বিউটি চেলুনত বিপৰীত লিংগই দিব নোৱাৰিব মালিচ

আৰক্ষীয়ে কিশোৰীগৰাকীৰ নিৰুদ্দেশক লৈ কোনো গুৰুত্ব প্ৰদান নকৰিলে বুলি আৰক্ষীৰ ওপৰত গুৰুতৰ অভিযোগ আনিছে ভূক্তভোগী পৰিয়ালটোৱে। আৰক্ষীয়ে বৰ্তমান ঘটনাটোৰ জোৰদাৰ তদন্ত আৰম্ভ কৰিছে। মৃত কিশোৰীগৰাকীৰ বয়স আছিল ১৫ বছৰ। তেওঁ নৱম শ্ৰেণীত পঢ়ি আছিল। কিশোৰীগৰাকীৰ অকাল মৃত্যুত শোকত ভাঙি পৰিছে পৰিয়াল তথা তেওঁৰ বন্ধুবৰ্গ। এই ঘটনাই সমগ্ৰ উত্তৰ প্ৰদেশতে পেলাইছে গভীৰ শোকৰ ছাঁ।
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক