--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দোকানৰ পৰা খোৱা বস্তু আনিবলৈ গৈ দুদিন পাছত মৃতদেহ হৈ ঘৰলৈ উভতিল এগৰাকী কিশোৰী। এই কৰুণ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ এটাৱা জিলাত। পৰিয়ালৰ মানুহে বহু বিচাৰ খোচাৰ কৰিও কিশোৰীগৰাকীৰ কোনো সন্ধান উলিয়াব পৰা নাছিল।থানাতো দিছিল এজাহাৰ। দুদিন পাছত কিশোৰীগৰাকীৰ মৃতদেহ এটা নলাত উদ্ধাৰ হৈছিল। সেই সময়ত তেওঁৰ ডিঙি নাইলনৰ ৰচীৰে বন্ধা আছিল।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি ঘৰলৈ প্ৰেৰণ কৰে। পাছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠোৱা হয়। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ ভিত্তিতেই আৰক্ষীয়ে আগবঢ়াই নিব তদন্ত। মৃত্যুৰ তদন্ত চলাই আছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। মৃত কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি আৰক্ষীয়ে সময়মতে ব্যৱস্থা গ্ৰহণ কৰা হ'লে তেওঁ জীয়াই থাকিলেহেঁতেন।

পৰিয়ালৰ মতে কিশোৰীগৰাকী নিৰুদ্দেশ হোৱাৰ পিছত থানাত এজাহাৰ দাখিল কৰা হৈছিল। কিন্তু কোনোৱে এই ঘটনাক গুৰুত্বসহকাৰে নল'লে। কেৱল এয়াই নহয় তেওঁ নিৰুদ্দেশ হোৱাৰ পাছত কোনো অজ্ঞাতলোকে ঘৰলৈ ফোন কৰিছিল আৰু সেই নম্বৰ তেওঁলোকে আৰক্ষীক দিছিল কিন্তু আৰক্ষীয়ে তাৰপাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালবৰ্গই।

আৰু পঢ়কঃ GMCৰ কঠোৰ নিৰ্দেশনা; বিউটি চেলুনত বিপৰীত লিংগই দিব নোৱাৰিব মালিচ

আৰক্ষীয়ে কিশোৰীগৰাকীৰ নিৰুদ্দেশক লৈ কোনো গুৰুত্ব প্ৰদান নকৰিলে বুলি আৰক্ষীৰ ওপৰত গুৰুতৰ অভিযোগ আনিছে ভূক্তভোগী পৰিয়ালটোৱে। আৰক্ষীয়ে বৰ্তমান ঘটনাটোৰ জোৰদাৰ তদন্ত আৰম্ভ কৰিছে। মৃত কিশোৰীগৰাকীৰ বয়স আছিল ১৫ বছৰ। তেওঁ নৱম শ্ৰেণীত পঢ়ি আছিল। কিশোৰীগৰাকীৰ অকাল মৃত্যুত শোকত ভাঙি পৰিছে পৰিয়াল তথা তেওঁৰ বন্ধুবৰ্গ। এই ঘটনাই সমগ্ৰ উত্তৰ প্ৰদেশতে পেলাইছে গভীৰ শোকৰ ছাঁ।
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক