--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নৰসিংহ পাতক ঠাই বিশেষে মিঠা নিম বুলিও জনা যায়। সৰু সৰু সেউজীয়া, সুগন্ধিযুক্ত এই পাতৰ অনন্য সোৱাদ আৰু সুগন্ধিৰ বাবে জনাজাত। বিশেষকৈ দক্ষিণ এছিয়াৰ খাদ্যৰ তালিকাত এই পাত অধিক জনপ্ৰিয়। নৰসিংহ পাতে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, স্বাস্থ্যৰ বাবেও অতি উপকাৰী। এই পাতত ভিটামিন, খনিজ পদাৰ্থ আৰু এন্টিঅক্সিডেন্টৰ দৰে প্ৰয়োজনীয় এনে কিছুমান পুষ্টিকৰ উপাদান থাকে যিবোৰ হাড়, দাঁত আৰু পেশীৰ বৃদ্ধিৰ বাবে অতি গুৰুত্বপূৰ্ণ। নৰসিংহ পাতৰ বৈজ্ঞানিক নাম হৈছে Murraya koenigii। দৈনিক নৰসিংহ পাত খোৱাৰ স্বাস্থ্যজনিত কি কি উপকাৰিতা আছে জানো আহক।

১. ওজন নিয়ন্ত্ৰণত সহায়ক
নৰসিংহ পাতত পৰ্যাপ্ত পৰিমাণৰ আঁহ থাকে, যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে। এই পাতে আমাৰ পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যা দূৰ কৰিব পাৰে। গতিকে এই পাত দৈনিক সেৱন কৰিলে শৰীৰৰ ওজন নিয়ন্ত্ৰণত থাকে।

২. ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে
নৰসিংহ পাতৰ এনে কিছু গুণ আছে যিয়ে তেজত ছুগাৰ নিয়ন্ত্ৰণত ৰখাৰ উপৰি শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰিব পাৰে। ডায়েবেটিছ ৰোগীয়ে প্ৰতিদিনে পুৱা ৫-৬টাকৈ নৰসিংহ পাত খালী পেটত খোৱাটো অতি উপকাৰী।

৩. হজম শক্তি উন্নত কৰে
নৰসিংহ পাতত আঁহ আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে যিবোৰে হজম শক্তি উন্নত কৰিব পাৰে। কাৰণ ইয়াত থকা ফাইবাৰে কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰাত সহায় কৰে আৰু পেট পৰিষ্কাৰ কৰি ৰাখে। নৰসিংহ পাতত থকা অন্যান্য পুষ্টিকৰ উপাদান যেনে-ভিটামিন-চি আৰু ভিটামিন-এ আদিয়ে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে।

৪. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
এন্টিঅক্সিডেন্টৰ উপৰি নৰসিংহ পাতত অন্যান্য পুষ্টিকৰ উপাদান পোৱা যায়, যিবোৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। ইয়াৰ ভিতৰত ভিটামিন-চি, ভিটামিন-এ আৰু জিংক আদি উল্লেখযোগ্য। ভিটামিন-চি হৈছে এক শক্তিশালী এন্টিঅক্সিডেন্ট যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কোষৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে। ভিটামিন-এ আৰু জিংকে গুৰুত্বপূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ উপৰি এই পাতত যথেষ্ট পৰিমাণে অন্যান্য পুষ্টিকৰ উপাদান পোৱা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক