--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নৰসিংহ পাতক ঠাই বিশেষে মিঠা নিম বুলিও জনা যায়। সৰু সৰু সেউজীয়া, সুগন্ধিযুক্ত এই পাতৰ অনন্য সোৱাদ আৰু সুগন্ধিৰ বাবে জনাজাত। বিশেষকৈ দক্ষিণ এছিয়াৰ খাদ্যৰ তালিকাত এই পাত অধিক জনপ্ৰিয়। নৰসিংহ পাতে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, স্বাস্থ্যৰ বাবেও অতি উপকাৰী। এই পাতত ভিটামিন, খনিজ পদাৰ্থ আৰু এন্টিঅক্সিডেন্টৰ দৰে প্ৰয়োজনীয় এনে কিছুমান পুষ্টিকৰ উপাদান থাকে যিবোৰ হাড়, দাঁত আৰু পেশীৰ বৃদ্ধিৰ বাবে অতি গুৰুত্বপূৰ্ণ। নৰসিংহ পাতৰ বৈজ্ঞানিক নাম হৈছে Murraya koenigii। দৈনিক নৰসিংহ পাত খোৱাৰ স্বাস্থ্যজনিত কি কি উপকাৰিতা আছে জানো আহক।

১. ওজন নিয়ন্ত্ৰণত সহায়ক
নৰসিংহ পাতত পৰ্যাপ্ত পৰিমাণৰ আঁহ থাকে, যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে। এই পাতে আমাৰ পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যা দূৰ কৰিব পাৰে। গতিকে এই পাত দৈনিক সেৱন কৰিলে শৰীৰৰ ওজন নিয়ন্ত্ৰণত থাকে।

২. ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে
নৰসিংহ পাতৰ এনে কিছু গুণ আছে যিয়ে তেজত ছুগাৰ নিয়ন্ত্ৰণত ৰখাৰ উপৰি শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰিব পাৰে। ডায়েবেটিছ ৰোগীয়ে প্ৰতিদিনে পুৱা ৫-৬টাকৈ নৰসিংহ পাত খালী পেটত খোৱাটো অতি উপকাৰী।

৩. হজম শক্তি উন্নত কৰে
নৰসিংহ পাতত আঁহ আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে যিবোৰে হজম শক্তি উন্নত কৰিব পাৰে। কাৰণ ইয়াত থকা ফাইবাৰে কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰাত সহায় কৰে আৰু পেট পৰিষ্কাৰ কৰি ৰাখে। নৰসিংহ পাতত থকা অন্যান্য পুষ্টিকৰ উপাদান যেনে-ভিটামিন-চি আৰু ভিটামিন-এ আদিয়ে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে।

৪. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
এন্টিঅক্সিডেন্টৰ উপৰি নৰসিংহ পাতত অন্যান্য পুষ্টিকৰ উপাদান পোৱা যায়, যিবোৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। ইয়াৰ ভিতৰত ভিটামিন-চি, ভিটামিন-এ আৰু জিংক আদি উল্লেখযোগ্য। ভিটামিন-চি হৈছে এক শক্তিশালী এন্টিঅক্সিডেন্ট যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কোষৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে। ভিটামিন-এ আৰু জিংকে গুৰুত্বপূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ উপৰি এই পাতত যথেষ্ট পৰিমাণে অন্যান্য পুষ্টিকৰ উপাদান পোৱা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু