--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দৈনন্দিন সামগ্ৰী যেনে দাইল, চাউল, শাক-পাচলি, গাখীৰ আদি ভেজাল হোৱাৰ খবৰ আপুনি নিশ্চয় শুনিছে। ভেজাল খাদ্য গ্ৰহণ কৰিলে বহুতো গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে আৰু কেতিয়াবা ই মাৰাত্মক বুলি প্ৰমাণিত হয়। এনেধৰণৰ খাদ্যত ৰাসায়নিক পদাৰ্থ মিহলি হৈ থাকে, যাৰ ফলত প্ৰত্যক্ষভাৱে বৃক্ক, হৃদযন্ত্ৰ, হাওঁফাওঁ আৰু অন্ত্ৰৰ ক্ষতি হ’ব পাৰে। 

আমি আপোনালোকক জনাম যে আপুনি কেনেকৈ প্ৰকৃত আৰু ভুৱা বস্তু পৰীক্ষা কৰিব পাৰিব।


প্ৰকৃত আৰু নকল কেশৰ কিদৰে পৰীক্ষা কৰিব?

ইয়াৰ বাবে প্ৰথমে এটা কাঁচৰ জাৰত ৭০-৮০ ডিগ্ৰীলৈ গৰম কৰি পানী ভৰাই দিব লাগে। ইয়াৰ পিছত তাত কিছু কেশৰ দিব। যদি কেশৰ ভেজাল নহয় তেন্তে ই ক্ৰমান্বয়ে পানীত শেঁতা হালধীয়া ৰং এৰিব আনহাতে ভেজাল কেশৰে কৃত্ৰিমভাৱে যোগ কৰা ৰংটো পানীত লগে লগে এৰি দিব আৰু ইয়াৰ ৰং ৰঙা বা গুলপীয়া হ’ব পাৰে।

দাইল কেনেকৈ পৰীক্ষা কৰিব?

কাঁচৰ প্লেট এখনত মচুৰ দাইল কিছু থৈ দিব। যদি আপোনাৰ প্লেটত মচুৰ দাইলৰ সৈতে কিছুমান ক’লা বীজ আছে, তেন্তে বুজি লওক যে সেইবোৰ ধতুৰা গুটি, যিটো বিষাক্ত হ’ব পাৰে। কিন্তু উন্নত মানৰ দাইলত এই বীজ পোৱা নাযাব।


সেউজীয়া শাক-পাচলি কেনেকৈ পৰীক্ষা কৰিব?

শাক-পাচলিবোৰক গাঢ় সেউজীয়া ৰং দিবলৈ ইয়াত পেৰাফিন লিকুইড মিহলাই দিয়া হয়। ইয়াক পৰীক্ষা কৰিবলৈ শাক-পাচলিৰ ওপৰত তিতা কপাহ লগাব লাগে। যদি কপাহৰ ৰং সলনি নহয় তেন্তে ই ঠিকেই আছে কিন্তু যদি ইয়াৰ ৰং সেউজীয়া হৈ পৰে তেন্তে বুজিব যে ইয়াত পেৰাফিন লিকুইড মিহলোৱা হৈছে।


চেনি কেনেদৰে পৰীক্ষা কৰিব?

এগিলাচ পানীত এচামুচ চেনি মিহলাই ভালদৰে দ্ৰৱীভূত কৰি ল’ব। তাৰ পিছত গোন্ধ লওক। যদি ইয়াত এম’নিয়াৰ গোন্ধ ওলায় তেন্তে বুজি লওক যে চেনি ভেজাল কৰা হৈছে।


প্ৰকৃত আৰু নকল চাউল কেনেকৈ চিনাক্ত কৰিব?

কাঁচৰ প্লেট এখনত চাউল অলপ থৈ দিব। এতিয়া চাউলৰ ওপৰত তিয়াই থোৱা বগা ৰঙৰ চূণ ঢালি দিব। যদি চাউলখিনিত ভেজাল নাথাকে তেন্তে চূণ ঢালি দিয়া চাউলবোৰ একেই থাকিব আনহাতে নকল চাউলৰ ৰং ৰঙা হৈ পৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু