--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দৈনন্দিন সামগ্ৰী যেনে দাইল, চাউল, শাক-পাচলি, গাখীৰ আদি ভেজাল হোৱাৰ খবৰ আপুনি নিশ্চয় শুনিছে। ভেজাল খাদ্য গ্ৰহণ কৰিলে বহুতো গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে আৰু কেতিয়াবা ই মাৰাত্মক বুলি প্ৰমাণিত হয়। এনেধৰণৰ খাদ্যত ৰাসায়নিক পদাৰ্থ মিহলি হৈ থাকে, যাৰ ফলত প্ৰত্যক্ষভাৱে বৃক্ক, হৃদযন্ত্ৰ, হাওঁফাওঁ আৰু অন্ত্ৰৰ ক্ষতি হ’ব পাৰে। 

আমি আপোনালোকক জনাম যে আপুনি কেনেকৈ প্ৰকৃত আৰু ভুৱা বস্তু পৰীক্ষা কৰিব পাৰিব।


প্ৰকৃত আৰু নকল কেশৰ কিদৰে পৰীক্ষা কৰিব?

ইয়াৰ বাবে প্ৰথমে এটা কাঁচৰ জাৰত ৭০-৮০ ডিগ্ৰীলৈ গৰম কৰি পানী ভৰাই দিব লাগে। ইয়াৰ পিছত তাত কিছু কেশৰ দিব। যদি কেশৰ ভেজাল নহয় তেন্তে ই ক্ৰমান্বয়ে পানীত শেঁতা হালধীয়া ৰং এৰিব আনহাতে ভেজাল কেশৰে কৃত্ৰিমভাৱে যোগ কৰা ৰংটো পানীত লগে লগে এৰি দিব আৰু ইয়াৰ ৰং ৰঙা বা গুলপীয়া হ’ব পাৰে।

দাইল কেনেকৈ পৰীক্ষা কৰিব?

কাঁচৰ প্লেট এখনত মচুৰ দাইল কিছু থৈ দিব। যদি আপোনাৰ প্লেটত মচুৰ দাইলৰ সৈতে কিছুমান ক’লা বীজ আছে, তেন্তে বুজি লওক যে সেইবোৰ ধতুৰা গুটি, যিটো বিষাক্ত হ’ব পাৰে। কিন্তু উন্নত মানৰ দাইলত এই বীজ পোৱা নাযাব।


সেউজীয়া শাক-পাচলি কেনেকৈ পৰীক্ষা কৰিব?

শাক-পাচলিবোৰক গাঢ় সেউজীয়া ৰং দিবলৈ ইয়াত পেৰাফিন লিকুইড মিহলাই দিয়া হয়। ইয়াক পৰীক্ষা কৰিবলৈ শাক-পাচলিৰ ওপৰত তিতা কপাহ লগাব লাগে। যদি কপাহৰ ৰং সলনি নহয় তেন্তে ই ঠিকেই আছে কিন্তু যদি ইয়াৰ ৰং সেউজীয়া হৈ পৰে তেন্তে বুজিব যে ইয়াত পেৰাফিন লিকুইড মিহলোৱা হৈছে।


চেনি কেনেদৰে পৰীক্ষা কৰিব?

এগিলাচ পানীত এচামুচ চেনি মিহলাই ভালদৰে দ্ৰৱীভূত কৰি ল’ব। তাৰ পিছত গোন্ধ লওক। যদি ইয়াত এম’নিয়াৰ গোন্ধ ওলায় তেন্তে বুজি লওক যে চেনি ভেজাল কৰা হৈছে।


প্ৰকৃত আৰু নকল চাউল কেনেকৈ চিনাক্ত কৰিব?

কাঁচৰ প্লেট এখনত চাউল অলপ থৈ দিব। এতিয়া চাউলৰ ওপৰত তিয়াই থোৱা বগা ৰঙৰ চূণ ঢালি দিব। যদি চাউলখিনিত ভেজাল নাথাকে তেন্তে চূণ ঢালি দিয়া চাউলবোৰ একেই থাকিব আনহাতে নকল চাউলৰ ৰং ৰঙা হৈ পৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক