--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন বছৰৰ আৰম্ভণিতে মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰতে দেখুৱালে নতুন উদ্যম।  ভাৰতে দেশৰ প্ৰথমটো এক্স-ৰে পোলাৰিমিটাৰ উপগ্ৰহ (এক্সপিঅ'ছেট) ইছৰোৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা সফলতাৰে মহাকাশলৈ উৎক্ষেপণ কৰিলে। এই এক্সপিঅ’ছেটে মহাকাশৰ অসীম ৰহস্যৰে ভৰি থকা কৃষ্ণগহ্বৰৰ সন্ধান কৰিব। এই বিশেষ কৃত্ৰিম উপগ্ৰহটো সোমবাৰে পুৱা ৯:১০ বজাত উৎক্ষেপণ কৰা হয় । বিজ্ঞানীসকলে অধীৰ উৎকণ্ঠাৰে শেষৰ কেইটামান মুহূৰ্ত ইছৰো নিয়ন্ত্ৰণ কক্ষত অপেক্ষা কৰি ৰৈছিল। 

অৱশেষত এক্সপিঅ'ছেটৰ সফল উৎক্ষেপণৰ সম্পন্ন হয়। বছৰটোৰ আৰম্ভণিতে দেশৰ সৰ্ববৃহৎ মহাকাশ গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীসকল অত্যন্ত সুখী হৈ পৰে। মন কৰিবলগীয়া যে ভাৰতে এনে উপগ্ৰহ উৎক্ষেপণত বিশ্বৰ দ্বিতীয় খন দেশত পৰিণত হ’ল। ইয়াৰ  পূৰ্বে  কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰই  এই সফলতা অৰ্জন কৰিছিল।

ইছৰোৰ মহাকাশ বিজ্ঞানীসকলে এনে এক গুৰুত্বপূৰ্ণ অভিযানৰ বাবে নতুন বছৰৰ প্ৰথম দিনটো বাছনি কৰিছিল। জানিব পৰা মতে এক্সপোজেটে মহাকাশত মুখ্যতঃ দুটা অংশৰ জৰিয়তে কাম কৰিব। এটা হৈছে এক্স-ৰেত পোলাৰিমিটাৰ ইনষ্ট্ৰুমেণ্ট আৰু আনটো হৈছে এক্স-ৰে স্পেক্ট্ৰোস্কোপী। এই কৃত্ৰিম উপগ্ৰহটো পৃথিৱীৰ পৰা বেছি দূৰলৈ নাযাব। এক্সপোজাট মাটিৰ পৰা সৰ্বাধিক ৭০০ কিলোমিটাৰ দূৰত্বৰ ভিতৰত থাকিব। ইছৰোৰ উপগ্ৰহটোৱে তাত কৃষ্ণগহ্বৰ আৰু উজ্জ্বল পোহৰৰ উৎসৰ সন্ধান কৰিব। পৰ্যৱেক্ষণৰ ওপৰত ভিত্তি  কৰি পোৱা  তথ্য ইছৰোৰ নিয়ন্ত্ৰণ কক্ষলৈ প্ৰেৰণ কৰা হ'ব। সেই তথ্য বিশ্লেষণ কৰি সৌৰজগতৰ কৃষ্ণগহ্বৰ আৰু অন্যান্য শক্তিৰ উৎসৰ বিষয়ে জানিব পৰা যাব ।

এক্সপোজেটে মুঠ ৫ বছৰ মহাকাশত কাম কৰিব পাৰে। তেনেকৈয়ে ইয়াক তৈয়াৰ কৰা  বনোৱা হৈছে । এক্সপোজেটে এক্স-ৰে পোলাৰিমিটাৰৰ সহায়ত পৃথিৱীৰ চাৰিওফালে অন্যান্য পোহৰৰ উৎসও বিচাৰিব। ইয়াৰ পলিক্স অংশই উচ্চ স্তৰৰ এক্স ৰশ্মি নিৰ্গত কৰিব আৰু পৰৱৰ্তী অংশটোৱে মুখ্যতঃ নিৰ্গত এক্স ৰশ্মিৰ পৰিমাণ চাই পৰিৱৰ্তনৰ বিষয়ে তথ্য প্ৰেৰণ কৰিব। বিজ্ঞানীসকলে ধাৰণা কৰিছে যে সেই তথ্য  বিশ্লেষণ কৰি কৃষ্ণগহ্বৰ বা অন্যান্য পোহৰ শক্তিৰ বিষয়ে  অনুমান কৰা সম্ভৱ হ'ব। সেই দৃষ্টিকোণৰ পৰা ইছৰোৰ এক্সপোজেট মিছনে নিঃসন্দেহে বিশ্বৰ মহাকাশ গৱেষণাত এক অগ্ৰণী ভূমিকা পালন কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক