--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৮ নং লোকসভা নিৰ্বাচনৰ পিছত চৰকাৰ গঠন প্ৰক্ৰিয়াৰ অন্ত পৰিল। কেন্দ্ৰত পুনৰ মোদী চৰকাৰ গঠন হ’ল। চৰকাৰ গঠনৰ  পিছতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে নতুন চৰকাৰৰ প্ৰথম সংসদীয় অধিৱেশনৰ কথা ঘোষণা কৰে। বুধবাৰে ৰিজিজুৱে  আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে ২৪ জুনৰ পৰা ৩ জুলাইলৈ  লোকসভাৰ প্ৰথমখন  অধিৱেশন অনুষ্ঠিত হ’ব। ইয়াৰ উপৰিও ২৭ জুনৰ পৰা আৰম্ভ হ’ব ৰাজ্যসভাৰ অধিৱেশন। ৰাজ্যসভাৰ অভিৱেশনো ৩ জুলাই পৰ্যন্ত চলিব।

কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে বুধবাৰে এক্স-হেণ্ডলত কয় যে দহ দিনীয়া সংসদৰ অধিৱেশনৰ প্ৰথম তিনিদিনত নিৰ্বাচিত সাংসদসকলে শপত গ্ৰহণ কৰাৰ লগতে  চিনাকি পৰ্ব অনুষ্ঠিত হ’ব। ইয়াৰ পিছত ২৭ জুনত সংসদত ৰাষ্ট্ৰপতিয়ে ভাষণ দিব। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ ভাষণত আগন্তুক ৫ বছৰত চৰকাৰৰ পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ পাঠ কৰিব। প্রধানমন্ত্রীৰ ধন্যবাদসূচক প্রস্তাৱক লৈ বিতৰ্কত  অংশগ্রহণ কৰিব বিৰোধী শিবিৰে৷ লগতে এই অধিবেশনতে  লোকসভাৰ অধ্যক্ষক নিৰ্বাচিত কৰা হ’ব।সংসদৰ অধিৱেশনৰ সূচী ঘোষণা কৰি ৰিজিজুৱে কয় যে সংসদ চলাবলৈ সকলোৰে অৱদানৰ প্ৰয়োজন। তেওঁ কয় ‘আমি জনসাধাৰণৰ আদেশ মানি চলিব লাগিব। সাংসদসকলক চৰকাৰ গঠনৰ বাবে ৰাইজে দায়িত্ব  দিছে, চৰকাৰখন ভালদৰে চলাব লাগিব। যিসকলক বিৰোধী দল গঠনৰ দায়িত্ব দিয়া হৈছে, তেওঁলোকে এটা ইতিবাচক বিৰোধীৰ ভূমিকা পালন কৰিব লাগিব। চৰকাৰেই হওক বা বিৰোধীয়েই হওক, সংসদ চলাবলৈ সকলোৰে অৱদানৰ প্ৰয়োজন।’’

ৰিজিজুৱে লগতে কয়- ’’সংসদত প্ৰতিজন সদস্যৰ ভূমিকা আছে। এজন সাংসদ থাকিলেও সৰু দলৰ ভূমিকা ডাঙৰ দলৰ দৰেই। সংসদ সুচাৰুৰূপে চলাবলৈ প্ৰতিজন সদস্যৰ অৱদানৰ প্ৰয়োজন। মই বিচাৰো যে সকলো দল একত্ৰিত হৈ বিশ্বৰ আটাইতকৈ ডাঙৰ জন সংসদখন চলাওক৷ ৰাজ্যসভাৰ অধ্যক্ষ, লোকসভাৰ অধ্যক্ষ আৰু প্ৰধানমন্ত্ৰীৰ  নিৰ্দেশনাত প্ৰতিটো দলে নিয়ম অনুসৰি সুযোগ পাব।’ ৰিজিজুৱে কয়, ‘এটা শক্তিশালী গণতন্ত্ৰৰ বাবে এখন সক্ৰিয় সংসদৰ প্ৰয়োজন।

ইপিনে ৰাজনৈতিক মহলে অনুমান কৰিছে যে বিৰোধী শিবিৰে অধিৱেশনৰ  আৰম্ভণিৰে পৰাই মোদী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণাৰ প্ৰস্তুতি আৰম্ভ কৰিব পাৰে। মন কৰিবলগীয়া যে ২০১৯ চনৰ এন ডি এ চৰকাৰ আৰু ২০২৪ চনৰ এন ডি এ চৰকাৰৰ মাজত পাৰ্থক্য বৃহৎ আছে। যোৱাবাৰ ৩০৩খন আসনত একক সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ আহিছিল মোদী চৰকাৰ। ফলত সংসদত সংখ্যালঘু বিৰোধী শিবিৰটোৱে গুৰুত্ব লাভ কৰিব পৰা নাছিল। মোদী চৰকাৰে যোৱা কাৰ্যকালত সেয়ে ইখনৰ পিছত সিখন বিধেয়ক সংখ্যাৰ জোৰেৰে গৃহীত কৰিব পাৰিছিল। । এইবাৰ ২৩৪খন আসনেৰে সংসদত বহিব বিৰোধী শিবিৰ। ফলত মোদী চৰকাৰে আলোচনাৰ মাজৰে বিধেয়ক  গৃহীত কৰিবলৈ বাধ্য হ’ব বুলি ধাৰণা কৰা হৈছে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রধানমন্ত্রীক 'ধর্ম চক্ৰৱৰ্তী' উপাধি প্রদান
২০৪৭ত ভাৰতক ইছলামিক ৰাষ্ট্ৰ কৰাৰ ষড়যন্ত্ৰ
যুৱ প্ৰাপ্তবয়স্ক সকলৰ মাজত কিয় বৃদ্ধি পাইছে হাৰ্ট এটেকৰ ঘটনা ?
বাংলাদেশী মৰাপাটৰ সামগ্ৰী ভাৰতে আমদানি নকৰে
দুর্গা পূজাৰ সময়তে হ'ব ১৩ হাজাৰ শিক্ষক নিযুক্তি
মঙলদৈত বোৱাৰীৰ ৰুদ্ৰমুৰ্তি; মাকৰ ঘৰলৈ ঘনাই যোৱাত বাধা দিয়াৰ বাবে প্ৰহাৰ শাহুক
দুর্গা পূজাৰ সময়তে হ'ব ১৩ হাজাৰ শিক্ষক নিযুক্তি
বাংলাদেশী মৰাপাটৰ সামগ্ৰী ভাৰতে আমদানি নকৰে
যুৱ প্ৰাপ্তবয়স্ক সকলৰ মাজত কিয় বৃদ্ধি পাইছে হাৰ্ট এটেকৰ ঘটনা ?
২০৪৭ত ভাৰতক ইছলামিক ৰাষ্ট্ৰ কৰাৰ ষড়যন্ত্ৰ
প্রধানমন্ত্রীক 'ধর্ম চক্ৰৱৰ্তী' উপাধি প্রদান
অম্বুবাচীত কি কি কাম কৰিব নালাগে?
এইবাৰ নিষিদ্ধ গো-মাংস উদ্ধাৰ কামৰূপৰ মদন কামদেৱ দেৱালয়ৰ সমীপত
যদি আপুনি বৃদ্ধ বয়সলৈকে সুস্থ আৰু ফিট হৈ থাকিব বিচাৰে তেন্তে এই কাম কৰক