--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেলেগু দেশম পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি এন চন্দ্ৰবাবু নাইডুৱে  ১২ জুনত চতুৰ্থটো কাৰ্যকালৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী  অমিত শ্বাহ, নীতিন গাডকাৰী, জে পি নাড্ডা প্ৰাক্তন উপ-সভাপতি এম ভেংকয়া নাইডু, ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ এন ভি ৰমনা আৰু ছুপাৰষ্টাৰ ৰজনীকান্ত আৰু চিৰঞ্জীৱীকে ধৰি কেইবাগৰাকীও নেতা আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অন্ধ্ৰ্ৰপ্ৰদেশৰ  ৰাজ্যপাল  এছ আব্দুল নাজীয়ে মুখ্যমন্ত্ৰী আৰু আন  মন্ত্ৰীসকলক শপত গ্ৰহণ কৰোৱায়। 

ৰাজ্য খনৰ মুঠ ১৭৫টা বিধানসভা সমষ্টিৰ ভিতৰত এন ডি এই  ১৬৪টা সমষ্টিত জয়লৈাভ কৰিছে। ইয়াৰে  টি ডি পি লাভ কৰে ১৩৫খন আসন , জেএছপিয়ে ২১খন আৰু বিজেপিয়ে ৮খন আসন লাভ কৰাৰ বিপৰীতে ৱাইএছআৰ কংগ্ৰেছ পাৰ্টিয়ে ১১খন আসনত বিজয়ী হয়। আজি চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰা ৭৪ বছৰীয়া চন্দ্ৰবাবু নাইডুৰ জন্ম হৈছিল ১৯৫০ চনৰ ২০ এপ্ৰিলত অন্ধ্ৰ প্ৰদেশৰ চিত্তুৰ জিলাৰ নৰৱৰী পল্লেত। এটা কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা নাইডুৰ সম্পূৰ্ণ নাম  নৰা চন্দ্ৰবাবু নাইডু।চন্দ্ৰবাবু নাইডুৱে ১৯৯৫ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ২০০৪ চনৰ ১৩ মে’লৈকে  আঠ বছৰ, আঠ মাহ  ১৩ দিন  অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। ২৮ বছৰ বয়সতে ১৯৭৮ চনত  টি অঞ্জয়ৰ মন্ত্ৰীসভাত প্ৰথমবাৰৰ বাবে চিনেমেট’গ্ৰাফী বিভাগৰ মন্ত্ৰী হিচাপে নিযুক্তি পোৱা চন্দ্ৰবাবু আছিল কনিষ্ঠতম মন্ত্ৰী ।

সাতবাৰৰ বিধায়ক চন্দ্ৰবাবু নাইডুৱে  ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত অন্ধ্ৰ প্ৰদেশত সৰ্বাধিক কালৰ বাবে বিৰোধী নেতা হিচাপে অভিলেখ গঢ়িছিল।চন্দ্ৰবাবুৱে  শ্ৰী ভেংকটেশ্বৰ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।তেওঁ  ১৯৭৫ চনত যুৱ কংগ্ৰেছত যোগদান কৰি জন্মস্থান চন্দ্ৰগিৰি সমষ্টিৰ পৰা ১৯৭৮ চনত প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।চন্দ্ৰবাবুৱে  ৰূপালী পৰ্দাৰ কিংবদন্তি এন টি ৰামা ৰাওৰ দ্বিতীয় কন্যা ভুৱনেশ্বৰীক ১৯৮০ চনত বিয়া কৰাইছিল।১৯৯৪ চনত এন টি আৰৰ মন্ত্ৰীসভাত বিত্ত আৰু ৰাজহ মন্ত্ৰী হৈছিল চন্দ্ৰবাবু।পৰৱৰ্তী সময়ত চন্দ্ৰবাবুৱে  টিডিপিৰ সভাপতি হৈছিল আৰু ১৯৯৬ চনৰ জানুৱাৰী মাহত দলটোৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰিছিল।মুখ্যমন্ত্ৰী হিচাপে চন্দ্ৰবাবুৱে অৰ্থনীতি আৰু শাসন দুয়োটা দিশতে সংস্কাৰৰ সূচনা কৰিছিল । তেওঁ  ই-শাসন, ই-সেৱাৃআৰু নাগৰিক চনদৰ দৰে অগ্ৰণী পদক্ষেপ আৰম্ভ কৰিছিল।তেওঁ ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে ভিজন-২০২০ নীতিৰ নথি  কাৰ্যকৰী কৰিছিল। মুকুতা আৰু বিৰিয়ানীৰ বাবে বিখ্যাত চহৰ হায়দৰাবাদক   চন্দ্ৰবাবুৱে তথ্য প্ৰযুক্তিৰ এক প্ৰধান কেন্দ্ৰলৈ ৰূপান্তৰিত কৰি মাইক্ৰ’ছফ্ট, উইপ্ৰ’, গুগল আদিক চহৰ খনলৈ আকৰ্ষণ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু