--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেলেগু দেশম পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি এন চন্দ্ৰবাবু নাইডুৱে  ১২ জুনত চতুৰ্থটো কাৰ্যকালৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী  অমিত শ্বাহ, নীতিন গাডকাৰী, জে পি নাড্ডা প্ৰাক্তন উপ-সভাপতি এম ভেংকয়া নাইডু, ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ এন ভি ৰমনা আৰু ছুপাৰষ্টাৰ ৰজনীকান্ত আৰু চিৰঞ্জীৱীকে ধৰি কেইবাগৰাকীও নেতা আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অন্ধ্ৰ্ৰপ্ৰদেশৰ  ৰাজ্যপাল  এছ আব্দুল নাজীয়ে মুখ্যমন্ত্ৰী আৰু আন  মন্ত্ৰীসকলক শপত গ্ৰহণ কৰোৱায়। 

ৰাজ্য খনৰ মুঠ ১৭৫টা বিধানসভা সমষ্টিৰ ভিতৰত এন ডি এই  ১৬৪টা সমষ্টিত জয়লৈাভ কৰিছে। ইয়াৰে  টি ডি পি লাভ কৰে ১৩৫খন আসন , জেএছপিয়ে ২১খন আৰু বিজেপিয়ে ৮খন আসন লাভ কৰাৰ বিপৰীতে ৱাইএছআৰ কংগ্ৰেছ পাৰ্টিয়ে ১১খন আসনত বিজয়ী হয়। আজি চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰা ৭৪ বছৰীয়া চন্দ্ৰবাবু নাইডুৰ জন্ম হৈছিল ১৯৫০ চনৰ ২০ এপ্ৰিলত অন্ধ্ৰ প্ৰদেশৰ চিত্তুৰ জিলাৰ নৰৱৰী পল্লেত। এটা কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা নাইডুৰ সম্পূৰ্ণ নাম  নৰা চন্দ্ৰবাবু নাইডু।চন্দ্ৰবাবু নাইডুৱে ১৯৯৫ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ২০০৪ চনৰ ১৩ মে’লৈকে  আঠ বছৰ, আঠ মাহ  ১৩ দিন  অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। ২৮ বছৰ বয়সতে ১৯৭৮ চনত  টি অঞ্জয়ৰ মন্ত্ৰীসভাত প্ৰথমবাৰৰ বাবে চিনেমেট’গ্ৰাফী বিভাগৰ মন্ত্ৰী হিচাপে নিযুক্তি পোৱা চন্দ্ৰবাবু আছিল কনিষ্ঠতম মন্ত্ৰী ।

সাতবাৰৰ বিধায়ক চন্দ্ৰবাবু নাইডুৱে  ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত অন্ধ্ৰ প্ৰদেশত সৰ্বাধিক কালৰ বাবে বিৰোধী নেতা হিচাপে অভিলেখ গঢ়িছিল।চন্দ্ৰবাবুৱে  শ্ৰী ভেংকটেশ্বৰ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।তেওঁ  ১৯৭৫ চনত যুৱ কংগ্ৰেছত যোগদান কৰি জন্মস্থান চন্দ্ৰগিৰি সমষ্টিৰ পৰা ১৯৭৮ চনত প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।চন্দ্ৰবাবুৱে  ৰূপালী পৰ্দাৰ কিংবদন্তি এন টি ৰামা ৰাওৰ দ্বিতীয় কন্যা ভুৱনেশ্বৰীক ১৯৮০ চনত বিয়া কৰাইছিল।১৯৯৪ চনত এন টি আৰৰ মন্ত্ৰীসভাত বিত্ত আৰু ৰাজহ মন্ত্ৰী হৈছিল চন্দ্ৰবাবু।পৰৱৰ্তী সময়ত চন্দ্ৰবাবুৱে  টিডিপিৰ সভাপতি হৈছিল আৰু ১৯৯৬ চনৰ জানুৱাৰী মাহত দলটোৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰিছিল।মুখ্যমন্ত্ৰী হিচাপে চন্দ্ৰবাবুৱে অৰ্থনীতি আৰু শাসন দুয়োটা দিশতে সংস্কাৰৰ সূচনা কৰিছিল । তেওঁ  ই-শাসন, ই-সেৱাৃআৰু নাগৰিক চনদৰ দৰে অগ্ৰণী পদক্ষেপ আৰম্ভ কৰিছিল।তেওঁ ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে ভিজন-২০২০ নীতিৰ নথি  কাৰ্যকৰী কৰিছিল। মুকুতা আৰু বিৰিয়ানীৰ বাবে বিখ্যাত চহৰ হায়দৰাবাদক   চন্দ্ৰবাবুৱে তথ্য প্ৰযুক্তিৰ এক প্ৰধান কেন্দ্ৰলৈ ৰূপান্তৰিত কৰি মাইক্ৰ’ছফ্ট, উইপ্ৰ’, গুগল আদিক চহৰ খনলৈ আকৰ্ষণ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ