--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন দিল্লীৰ ‘ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ’ত ৪ ফেব্ৰুৱাৰীত  ‘উত্তৰ-পূব সন্মিলন’ অনুষ্ঠিত হয়। অনুষ্ঠানটোত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ণ বিভাগ, সংস্কৃতি তথা পৰ্যটন উন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডী, কেন্দ্ৰীয় ‘ধৰিত্ৰী বিজ্ঞান’ দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজু, উত্তৰ-পূৰ্বাঞ্চল উন্নয়ণ বিভাগ আৰু সমবায় উন্নয়ন বিভাগৰ ৰাজ্যমন্ত্ৰী  বি এল বাৰ্মা, কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ ৰাজ্যিকমন্ত্ৰী প্ৰতিমা ভৌমিক আৰু কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু শিক্ষা ৰাজ্যিকমন্ত্ৰী  ৰাজকুমাৰ ৰঞ্জন সিঙে অংশগ্ৰহণ কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ সাংসদ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিধায়কসকলেও অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন দায়িত্ববাহী বিষয়াসকল উপস্থিতি থাকে। এই সমাৱেশত দিল্লীৰ বিভিন্ন প্ৰতিষ্ঠানত অধ্যয়ন কৰি থকা উত্তৰ-পূৰ্বাঞ্চলৰ যথেষ্ট সংখ্যক শিক্ষাৰ্থীকে ধৰি ১০০০ গৰাকী দৰ্শকে অংশগ্ৰহণ কৰিছিল। মহিলাসকলৰ সৱলীকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰভাৱশালী প্ৰয়াসৰ বাবে ‘পদ্মশ্ৰী’ সন্মান প্ৰাপক  চাংখুমী বুৱালচুৱাকৰ উপস্থিতিয়ে এই অনুষ্ঠানত এক উল্লেখযোগ্য মাত্ৰা সংযোজিত কৰে।

মন্ত্ৰীসকলৰ দ্বাৰা বাবা চাহেব আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জনাই কাৰ্যক্ৰম আৰম্ভ কৰা হয়। মন্ত্ৰীসকলে ‘ভাৰ্চুৱেল’ মাধ্যমেৰে দ্বাৰকাত ‘উত্তৰ-পূব সাংস্কৃতিক আৰু সামাজিক প্ৰতিষ্ঠান’ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নতুন দিল্লীৰ ‘জেএনইউ’-ত ‘বৰাক হোষ্টেল’ উদ্বোধন কৰে। দ্বাৰকাত স্থাপন কৰিব খোজা ‘উত্তৰ-পূব সাংস্কৃতিক আৰু সামাজিক প্ৰতিষ্ঠান’ত ১১৬.৩৮ কোটি টকা ব্যয়ৰে এটা প্ৰেক্ষাগৃহ, উত্তৰ-পূৰ্বাঞ্চলকেন্দ্ৰিক তথ্য-পাতি সম্বলিত এটা পুথিভঁৰাল-তথা পঢ়া কোঠা, অঞ্চলটোৰ শিল্প-কলা প্ৰদৰ্শন কৰা এটা কলা বিথিকা, এটা প্ৰদৰ্শনী গৃহ, গৱেষণা কেন্দ্ৰ, বিক্ৰী কেন্দ্ৰ আৰু এটা অতিথিশালা নিৰ্মাণ কৰা হ’ব। কেন্দ্ৰটোত ৰাজ্যিক হস্ততাঁত শিল্পৰ প্ৰদৰ্শন, ‘ফুড কোৰ্ট’ আৰু প্ৰদৰ্শনীৰ স্থানৰ দৰে সা-সুবিধাৰো ব্যৱস্থা থাকিব। নতুন দিল্লীৰ ‘জেএনইউ’-ত উত্তৰ-পূবৰ শিক্ষাৰ্থীসকলৰ বাবে স্থাপন কৰা ‘বৰাক হোষ্টেল’ৰ নিৰ্মাণত প্ৰায় ২৮.৬৭৫ কোটি টকা ব্যয় কৰা হৈছে, য'ত আধুনিক সুবিধাৰ লগতে ছাত্ৰ আৰু ছাত্ৰী দুয়োৰে বাবে ২১৪টা কোঠা আছে, এই নিবাসে উত্তৰ-পূৰ্বাঞ্চলৰ অধিক সংখ্যক শিক্ষাৰ্থীৰ বাবে আবাসৰ সুবিধা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

সন্মিলনত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় উত্তৰ-পূব অঞ্চল, সংস্কৃতি আৰু পৰ্যটন উন্নয়ন দপ্তৰৰ মন্ত্ৰী  জি কিষাণ ৰেড্ডীয়ে কয় যে উত্তৰ-পূব সন্মিলন হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ সীমাহীন সম্ভাৱনা আৰু সমৃদ্ধ সাংস্কৃতিক পটলিপি প্ৰদৰ্শন কৰাৰ এক সুন্দৰ সুযোগ। তেওঁ লগতে কয় যে শেহতীয়া ১০টা বছৰত ভাৰত চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে ৫ লাখ কোটি টকা ব্যয় কৰিছে আৰু সামগ্ৰিক উন্নয়নৰ জৰিয়তে অঞ্চলটোৰ সকলো খণ্ডতে উন্নয়নমূলক প্ৰকল্পসমূহ বিয়পি পৰিছে। অঞ্চলটোত জনসাধাৰণৰ স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰি অত্যাধুনিক কৰ্কট চিকিৎসালয় স্থাপন কৰাৰ দিহা কৰা হৈছে। এই পদক্ষেপে অঞ্চলটোৰ জনসাধাৰণে ভ্ৰমণৰ ক্ষেত্ৰত সন্মুখীন হ’বলগীয়া হোৱা সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ সুযোগ দিয়াৰ লগতে উন্নত মানৰ সুবিধা লাভ কৰিবলৈও সক্ষম কৰিব। তেওঁ উত্তৰ-পূৰ্বাঞ্চলত শিক্ষা, স্বাস্থ্যসেৱা, কৃষি আৰু নিয়োগ সম্ভাৱনা সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিনিয়োগকে ধৰি যোৱা দশকটোত সম্ভৱ হোৱা সাফল্যসমূহৰ তথ্য দাঙি ধৰে। মুখ্য প্ৰকল্পসমূহ হৈছে শিক্ষানুষ্ঠানৰ পৰা আৰম্ভ কৰি স্বাস্থ্যসেৱা সুবিধা, ক্ৰীড়া আন্তঃগাঁথনি, আৰু আন্তঃৰাষ্ট্ৰীয় সংযোগ প্ৰকল্প যেনে ‘কালাদান মাল্টি মডেল ট্ৰাঞ্জিট পৰিবহন প্ৰকল্প’ আৰু ‘ত্ৰিপাক্ষিক ঘাইপথ প্ৰক’ল্প, যি হৈছে আঞ্চলিক সহযোগিতাৰ প্ৰতীক।

‘উত্তৰ-পূব সন্মিলন’ত উপস্থিত থকা দৰ্শকসকলক সম্বোধন কৰি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শ্ৰী বি এল বাৰ্মাই উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীয়ে কেৱল ৰাষ্ট্ৰৰ উন্নয়নত উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ ভূমিকাকে স্বীকৃতি প্ৰদান কৰা নই, বৰঞ্চ ৰাষ্ট্ৰীয় সমৃদ্ধিৰ লগতে ৰাষ্ট্ৰীয় প্ৰাথমিকতা নিৰ্ধাৰণৰ বিস্তৃত মঞ্চও গঢ়ি তুলিছে। এই গুৰুত্বই অঞ্চলটোৰ উন্নতি আৰু দেশৰ সামগ্ৰিক বিকাশ, বিশেষকৈ ‘অষ্ট লক্ষ্মী’-ৰ আঞ্চলিক উন্নয়নৰ বাবে কাৰ্যকৰী শাসন আৰু পদক্ষেপক উত্সাহিত কৰা বাবে এক সমৰ্পিত প্ৰতিশ্ৰুতিবদ্ধতাকে সূচায়।



কেন্দ্ৰীয় ‘ধৰিত্ৰী বিজ্ঞান’ দপ্তৰৰ মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৱে তেওঁৰ ভাষণত উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ‘জেএনইউ’-ত ‘বৰাক হোষ্টেল’ৰ গুৰুত্বপূৰ্ণ শুভাৰম্ভ আৰু নতুন দিল্লীৰ দ্বাৰকাত ‘উত্তৰ-পূব সংস্কৃতি আৰু সামাজিক প্ৰতিষ্ঠান’ৰ আধাৰশিলা স্থাপনৰ সাক্ষী হৈ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ দূৰদৰ্শী নেতৃত্বত চৰকাৰে 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ দৃষ্টিভংগীৰে উন্নয়নমূলক কাৰ্যকলাপ আগবঢ়াই নিছে। মন্ত্ৰী পৰিষদে তৃণমূল পৰ্যায়ত আঁচনিসমূহৰ অগ্ৰগতি নিৰীক্ষণ কৰিবলৈ অঞ্চলটোলৈ মাহিলী ভ্ৰমণ কৰি আহিছে। তেওঁ শান্তিৰ সৈতে উত্তৰ-পূবৰ উন্নয়নৰ সম্পৰ্কত গুৰুত্ব আৰোপ কৰে আৰু এই ক্ষেত্ৰত যুৱ প্ৰজন্মৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰসংগ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে অঞ্চলটোত নিৰন্তৰ শান্তিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি অঞ্চলটোত প্ৰকৃত প্ৰগতি কেৱল জননেতৃত্বাধীন উন্নয়নৰ জৰিয়তেহে ঘটিব পাৰে বুলি অভিমত ব্যক্ত কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
'ককাদেউতা নাতি আৰু হাতী ২'ৰ প'ষ্টাৰ-ল'গ' মুকলি
ভাৰতৰ বিৰুদ্ধে এইবাৰ ৫০ শতাংশ শুল্ক ঘোষণা ট্রাম্পৰ
অসমীয়া জাতিক নিঃশেষ কৰিব খুজিলে পৰিস্থিতি বেয়া হ'ব, মুখ্যমন্ত্ৰীৰ পুনৰ সকীয়নি
৭ বছৰৰ মূৰত চীনলৈ যাব মোদী
'উচ্ছেদৰ পাছতে আমাক লাগিব নেঘেৰিবিল, পূৰ্বপুৰুষৰ ভূমি ঘূৰাই লাগিবই': অসমক হুংকাৰ দিলে নগাই
মোদীৰ প্ৰতিচ্ছবিৰে হাতেৰে সজ্জিত কৰিলে অংগবস্ত্ৰ! প্ৰধানমন্ত্ৰীলৈ বিশেষ সন্মান অসমৰ প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ
শ্রীহৰিকোটাৰ পৰা উৎক্ষেপণ বিশ্বৰ ব্যয়বহুল আর্থ ইমেজিং ছেটেলাইট
হাস্পতালৰ ৱাৰ্ডগাৰ্লৰ সৈতে অসংযত অৱস্থাত ধৰা পৰিল ASI সঞ্জীৱ গয়াৰী
অবৈধ কয়লাৰ কোটি কোটি টকাৰ ব্যৱসায় চলি আছে অসমত
তিনিচুকীয়া ৰে’লৱে ষ্টেচনত উদ্ধাৰ মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ ৰেকেট
বড়োলেণ্ড এফ চিৰ জয়, বিদায় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ
মেঘালয়ৰ হত্যাকাণ্ডৰ পটভূমিত নির্মাণ হ'ব 'হনিমুন ইন শ্বিলং'
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা