--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসম চৰকাৰে অহা ২৩ আৰু ২৪ নৱেম্বৰ তাৰিখে দিল্লীৰ বিজ্ঞান ভৱনত বীৰ লাচিত বৰফুকনৰ বছৰযোৰা ৪০০ বছৰীয়া জন্মজয়ন্তীৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰিছে | এই অনুষ্ঠানৰ বিভিন্ন হ'ৰ্ডিং আৰু বেনাৰ নতুন দিল্লীৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছে । নতুন দিল্লীৰ বিমান বন্দৰতো এই অনুস্থানৰ হ'ৰ্ডিং, দিচপ্লে আৰু বেনাৰ আদি দেখিবলৈ পোৱা গৈছে ।

মোগলসকলে ভাৰতবৰ্ষৰ প্ৰায় সকলো অঞ্চল অধিকাৰ কৰাৰ সময়ত বীৰ লাচিত বৰফুকনৰ বীৰত্ব, যুদ্ধ নিপুণতা আৰু অফুৰন্ত স্বদেশপ্ৰেমৰ বাবে কোনোদিনে অসম দখল কৰিব পৰা নাছিল ।

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰবল ইচ্ছাত বীৰ লাচিত বৰফুকনৰ পৰাক্ৰমৰ কাহিনী সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিস্থা কৰিবলৈ অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে | তাৰ ফলস্বৰূপেই ভাৰতৰ তদানীন্তন মহামহিম ৰাষ্ট্ৰপতি ৰাম নাথ কোভিন্দে যোৰহাটৰ হোলোংপাৰত লাচিত বৰফুকনৰ মৈদাম থকা অঞ্চলত বীৰ লাচিতৰ ১৫০ ফুট উচ্চতাৰ ব্ৰঞ্জৰ মূৰ্তি আৰু যুদ্ধ সংগ্ৰহালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল | লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ বছৰযোৰা কেইবালনীয়া কাৰ্যসূচীৰ অংশ হিচাপে সেই সময়ৰ মহামহিম ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে কামৰূপ জিলাৰ আলাবৈত বীৰ লাচিত বৰফুকন আৰু তেঁওৰ স্বহীদ সৈনিকসকলৰ স্মৃতিত যুদ্ধ সংগ্ৰহালয় নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰিছিল | মহাবীৰ গৰাকীৰ বছৰযোৰা জন্মজয়ন্তীৰ অন্যতম কাৰ্যসূচী হিচাপে ৰাজ্য চৰকাৰে জিলাই জিলাই লাচিত বৰফুকনৰ জীৱনৰ আধাৰত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰাৰ লগতে প্ৰত্যেকখন জিলাতে উপায়ুক্তসকলৰ নেতৃত্বত আড়ম্বৰপূৰ্ণভাৱে ’লাচিত দিৱস’ৰ সৈতে সংগতি ৰাখি বিভিন্ন অনুষ্ঠান আয়োজন কৰাৰ ব্যৱস্থা কৰিছে | আনহাতে অসম চৰকাৰে lachitbarphukan নামৰ এটা 'মোবাইল এপ’ আৰু ’প’ৰ্টেলো’ মুকলি কৰিছে | ইয়াৰ লগে লগে বীৰ লাচিত বৰফুকনৰ জীৱনৰ আধাৰত এখন উচ্চ মানদণ্ডৰ তথ্যচিত্ৰও নিৰ্মাণ কৰি থকা হৈছে বুলি জানিব পৰা গৈছে আৰু বিশিষ্ট লেখকসকলৰ লেখা সম্বলিত লাচিত বৰফুকনৰ বিষয়ে এখন গ্ৰন্থ প্ৰকাশৰো ব্যৱস্থা কৰা হৈছে | ৰাজ্য চৰকাৰে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ বছৰযোৰা কাৰ্যসূচীৰ সামৰণিৰ মূল অনুষ্ঠান নতুন দিল্লীত পাতিবলৈ মনস্থ কৰি অহা ২৩ আৰু ২৪ নৱেম্বৰ তাৰিখে নতুন দিল্লীৰ বিজ্ঞান ভৱনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে । এই অনুষ্ঠানলৈ অসম চৰকাৰে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক নিমন্ত্ৰণ জনাইছে |

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু