--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিপাকত পৰিল বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান।  ডুবাইৰ পৰা মুম্বাইলৈ উভতি অহাৰ সময়তে মুম্বাই বিমান বন্দৰত হঠাতে অভিনেতাজনক   শুল্ক বিভাগৰ কৰ্মীয়ে আগুৰি ধৰে। অভিনেতাজনে  ডুবাইৰ পৰা এখন ব্যক্তিগত বিমানেৰে আহি মুম্বাইত উপস্থিত হৈছিল। 

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে  তেওঁৰ ওচৰত ১৮ লাখ টকাৰ  এটা ঘড়ী  আছিল। ইমান দামী ঘড়ীটোৰ বাবদ শ্বাহৰুখ খানে কোনো কৰ প্ৰদান কৰা নাছিল বুলি সূত্ৰটোৱে কয়। ইয়াৰ পিছতে তেওঁক ৬.৮৩ লাখ টকা পৰিশোধ কৰাৰ পিছত মুকলি কৰি দিয়া হয়। শ্বাহৰুখ আৰু তেওঁৰ মেনেজাৰ পূজা দাদলানীক মূল্যৱান সামগ্ৰী লগত ৰখাৰ বাবে আটক কৰা হৈছিল। 

কিং খানৰ দেহৰক্ষী আৰু দলৰ আন সদস্যসকলক বিমানবন্দৰত আটক কৰা হৈছিল। দামী ঘড়ী পিন্ধাৰ তেওঁৰ চখৰ কথা  সকলোৱে জানে। তেওঁৰ সংগ্ৰহত দেশ আৰু বিদেশৰ বহুতো ব্যয়বহুল ঘড়ীও অন্তৰ্ভুক্ত  হৈ আছে।  শাৰজাহত গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত ভাগ ল’বলৈ শ্বাহৰুখ খান ডুবাইলৈ গৈছিল।
 তেওঁ শনিবাৰে তাৰ পৰা উভতি আহিছিল।

 বিমানবন্দৰৰ সূত্ৰ অনুসৰি শ্বাহৰুখে নিয়ম অনুসৰিকৰ পৰিশোধ  কৰিছে। ফলস্বৰূপে তেওঁক যাবলৈ দিয়া হয়।অভিনেতাজন বিমানবন্দৰৰ পৰা ওলাই আহি তেওঁৰ গাড়ীত উঠি ঘৰমুৱা হয়।বিমান বন্দৰত আটক কৰা  সন্দৰ্ভত শ্বাহৰুখৰ পৰা কোনো প্ৰতিক্ৰিয়া  পোৱা হোৱা  নাই। 

শ্বাহৰুখে শুল্ক বিষয়াসকলৰ সৈতে সহযোগিতা কৰিছিল বুলি জানিব পৰা গৈছে । চুপাৰষ্টাৰজনে ব্যক্তিগত বিমানত ডুবাইলৈ গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু