--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিপাকত পৰিল বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান।  ডুবাইৰ পৰা মুম্বাইলৈ উভতি অহাৰ সময়তে মুম্বাই বিমান বন্দৰত হঠাতে অভিনেতাজনক   শুল্ক বিভাগৰ কৰ্মীয়ে আগুৰি ধৰে। অভিনেতাজনে  ডুবাইৰ পৰা এখন ব্যক্তিগত বিমানেৰে আহি মুম্বাইত উপস্থিত হৈছিল। 

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে  তেওঁৰ ওচৰত ১৮ লাখ টকাৰ  এটা ঘড়ী  আছিল। ইমান দামী ঘড়ীটোৰ বাবদ শ্বাহৰুখ খানে কোনো কৰ প্ৰদান কৰা নাছিল বুলি সূত্ৰটোৱে কয়। ইয়াৰ পিছতে তেওঁক ৬.৮৩ লাখ টকা পৰিশোধ কৰাৰ পিছত মুকলি কৰি দিয়া হয়। শ্বাহৰুখ আৰু তেওঁৰ মেনেজাৰ পূজা দাদলানীক মূল্যৱান সামগ্ৰী লগত ৰখাৰ বাবে আটক কৰা হৈছিল। 

কিং খানৰ দেহৰক্ষী আৰু দলৰ আন সদস্যসকলক বিমানবন্দৰত আটক কৰা হৈছিল। দামী ঘড়ী পিন্ধাৰ তেওঁৰ চখৰ কথা  সকলোৱে জানে। তেওঁৰ সংগ্ৰহত দেশ আৰু বিদেশৰ বহুতো ব্যয়বহুল ঘড়ীও অন্তৰ্ভুক্ত  হৈ আছে।  শাৰজাহত গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত ভাগ ল’বলৈ শ্বাহৰুখ খান ডুবাইলৈ গৈছিল।
 তেওঁ শনিবাৰে তাৰ পৰা উভতি আহিছিল।

 বিমানবন্দৰৰ সূত্ৰ অনুসৰি শ্বাহৰুখে নিয়ম অনুসৰিকৰ পৰিশোধ  কৰিছে। ফলস্বৰূপে তেওঁক যাবলৈ দিয়া হয়।অভিনেতাজন বিমানবন্দৰৰ পৰা ওলাই আহি তেওঁৰ গাড়ীত উঠি ঘৰমুৱা হয়।বিমান বন্দৰত আটক কৰা  সন্দৰ্ভত শ্বাহৰুখৰ পৰা কোনো প্ৰতিক্ৰিয়া  পোৱা হোৱা  নাই। 

শ্বাহৰুখে শুল্ক বিষয়াসকলৰ সৈতে সহযোগিতা কৰিছিল বুলি জানিব পৰা গৈছে । চুপাৰষ্টাৰজনে ব্যক্তিগত বিমানত ডুবাইলৈ গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক