--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সৰ্বভাৰতীয় মল্লযোদ্ধা সংস্থাৰ সভাপতি ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত নতুন দিল্লীত চলি থকা দেশৰ মল্লযোদ্ধাসকলৰ ধাৰাবাহিক প্ৰতিবাদত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নিৰ্দেশক্ৰমে শুকুৰবাৰে অংশ ল'লে দলটোৰ মুখপাত্ৰ তথা অসম তৃণমূল যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা পলাক্ষী দাসে। 

তেওঁ আন্দোলনলৈ অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা সমৰ্থন আগবঢ়াই দিয়া এক পত্ৰও প্ৰতিবাদকাৰীসকলৰ হাতত অৰ্পণ কৰাৰ লগতে বক্তব্যও প্ৰদান কৰে। প্ৰতিবাদকাৰীসকলৰ সন্মুখত বক্তৃতা প্ৰদান কৰি পলাক্ষী দাসে দেশৰ গৌৰৱ মল্লযোদ্ধাসকলৰ এই দাবীৰ প্ৰতি অসম তৃণমূল কংগ্ৰেছৰ সমৰ্থন ব্যক্ত কৰাৰ লগতে অভিযুক্ত ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। 

আনহাতে দেশৰ হৈ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতত পদক জয় কৰি অহাৰ সময়ত মল্লযোদ্ধাসকলৰ কাষত থিয় হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ প্ৰতিবাদকাৰী ভুক্তভোগী মল্লযোদ্ধাসকলৰ মনৰ বেদনা শুনিবলৈ আৰু বুজিবলৈ কিয় আহৰি হোৱা নাই বুলি প্ৰশ্ন কৰে। বেটী বচাও শ্ল'গান দিয়া বিজেপি চৰকাৰৰ এয়াই নেকি আচল স্বৰূপ বুলি লগতে কটাক্ষ কৰে অসম তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে