--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সৰ্বভাৰতীয় মল্লযোদ্ধা সংস্থাৰ সভাপতি ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত নতুন দিল্লীত চলি থকা দেশৰ মল্লযোদ্ধাসকলৰ ধাৰাবাহিক প্ৰতিবাদত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নিৰ্দেশক্ৰমে শুকুৰবাৰে অংশ ল'লে দলটোৰ মুখপাত্ৰ তথা অসম তৃণমূল যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা পলাক্ষী দাসে। 

তেওঁ আন্দোলনলৈ অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা সমৰ্থন আগবঢ়াই দিয়া এক পত্ৰও প্ৰতিবাদকাৰীসকলৰ হাতত অৰ্পণ কৰাৰ লগতে বক্তব্যও প্ৰদান কৰে। প্ৰতিবাদকাৰীসকলৰ সন্মুখত বক্তৃতা প্ৰদান কৰি পলাক্ষী দাসে দেশৰ গৌৰৱ মল্লযোদ্ধাসকলৰ এই দাবীৰ প্ৰতি অসম তৃণমূল কংগ্ৰেছৰ সমৰ্থন ব্যক্ত কৰাৰ লগতে অভিযুক্ত ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। 

আনহাতে দেশৰ হৈ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতত পদক জয় কৰি অহাৰ সময়ত মল্লযোদ্ধাসকলৰ কাষত থিয় হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ প্ৰতিবাদকাৰী ভুক্তভোগী মল্লযোদ্ধাসকলৰ মনৰ বেদনা শুনিবলৈ আৰু বুজিবলৈ কিয় আহৰি হোৱা নাই বুলি প্ৰশ্ন কৰে। বেটী বচাও শ্ল'গান দিয়া বিজেপি চৰকাৰৰ এয়াই নেকি আচল স্বৰূপ বুলি লগতে কটাক্ষ কৰে অসম তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস