--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশ তথা বিদেশত  খলিস্তানীৰ  কাৰ্যকলাপ বৃদ্ধি  পোৱাৰ সময়তে  আইপিএছ বিষয়া  ৰবি সিনহাক ৰিছাৰ্চ এনালাইছিচ উইং চমুকৈ ৰ' নতুন মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে। আইপিএছ বিষয়া ৰবি সিনহাৰ পাকিস্তানৰ বিশেষজ্ঞ হিচাপে খ্যাতি আছে। 

সিনহা ছত্তীশগড় কেডাৰৰ ১৯৮৮ বেটছৰ বিষয়া। ৰ'ৰ দায়িত্ব লোৱাৰ পূৰ্বে  তেওঁ কেবিনেট সচিবালয়ৰ বিশেষ সচিব হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ প্ৰায় দুটা দশক ধৰি প্ৰত্য অথবা পৰোক্ষভাবে  ৰ'ৰ সৈতে জড়িত হৈ আছে। চোৰাংচোৱা সংস্থাটো তেওঁ  প্ৰায়  সাত বছৰ কাম কৰিছে।  সিনহাৰ জম্মু আৰু কাশ্মীৰৰ পৰিস্থিতিকলৈ বিশাল জ্ঞান আছে। তেওঁ পঞ্জাৱতো বহু বছৰ ধৰি  কাম কৰিছে। 

সোমবাৰে, কেবিনেটৰ নিযুক্তি সমিতিয়ে পৰৱৰ্তী দুবছৰীয়া কাৰ্যকালৰ বাবে ৰবি সিনহাক ৰ'ৰ মুৰব্বী হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱত  অনুমোদন জনায়। তেওঁ সামন্তকুমাৰ গোৱেলৰ ঠাইত ৰ’ৰ নতুন মুৰব্বী হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰিব। ৰ' প্ৰধান হিচাপে সামন্ত কুমাৰ গোৱেলৰ কাৰ্যকাল চলিত বৰ্ষৰ  ৩০ জুনত শেষ হ'ব। ৰ’ৰ বৰ্তমানৰ মুৰব্বী গোৱেলক ২০১৯ চনৰ জুন মাহত দুবছৰৰ বাবে ৰ'ৰ মুৰব্বী হিচাপে নিযুক্ত দিয়া  হৈছিল। পিছত তেওঁক ২০২১ আৰু জুন ২০২২ ত দুবাৰকৈ চাকৰিৰ  সম্প্ৰসাৰণ দিয়া হৈছিল। জম্মু আৰু কাশ্মীৰ সম্পৰ্কীয় বিষয়ৰ বিশেষজ্ঞ গোৱেলে পাকিস্তানৰ বালাকোটত ফেব্ৰুৱাৰী ২০১৯ ৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ পৰিকল্পনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি ধাৰণা কৰা হয়। 

সিনহাই তেওঁৰ অৱসৰৰ পিছতে  দুবছৰৰ বাবে ৰ'ৰ দায়িত্ব ল'ব।'পাকিস্তান বিশেষজ্ঞ' হিচাবে পৰিচিত  ৰবি সিনহাই আইএছআইৰ গতিবিধি সন্দৰ্ভত ভালদৰে জ্ঞাত বুলি বহুতে ধাৰণা কৰিছে। সিনহাই জম্মু আৰু কাশ্মীৰ, উত্তৰ-পূব আৰু অন্যান্য ৰাজ্যত  দক্ষতাৰে  কাম কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ