--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশ তথা বিদেশত  খলিস্তানীৰ  কাৰ্যকলাপ বৃদ্ধি  পোৱাৰ সময়তে  আইপিএছ বিষয়া  ৰবি সিনহাক ৰিছাৰ্চ এনালাইছিচ উইং চমুকৈ ৰ' নতুন মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে। আইপিএছ বিষয়া ৰবি সিনহাৰ পাকিস্তানৰ বিশেষজ্ঞ হিচাপে খ্যাতি আছে। 

সিনহা ছত্তীশগড় কেডাৰৰ ১৯৮৮ বেটছৰ বিষয়া। ৰ'ৰ দায়িত্ব লোৱাৰ পূৰ্বে  তেওঁ কেবিনেট সচিবালয়ৰ বিশেষ সচিব হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ প্ৰায় দুটা দশক ধৰি প্ৰত্য অথবা পৰোক্ষভাবে  ৰ'ৰ সৈতে জড়িত হৈ আছে। চোৰাংচোৱা সংস্থাটো তেওঁ  প্ৰায়  সাত বছৰ কাম কৰিছে।  সিনহাৰ জম্মু আৰু কাশ্মীৰৰ পৰিস্থিতিকলৈ বিশাল জ্ঞান আছে। তেওঁ পঞ্জাৱতো বহু বছৰ ধৰি  কাম কৰিছে। 

সোমবাৰে, কেবিনেটৰ নিযুক্তি সমিতিয়ে পৰৱৰ্তী দুবছৰীয়া কাৰ্যকালৰ বাবে ৰবি সিনহাক ৰ'ৰ মুৰব্বী হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱত  অনুমোদন জনায়। তেওঁ সামন্তকুমাৰ গোৱেলৰ ঠাইত ৰ’ৰ নতুন মুৰব্বী হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰিব। ৰ' প্ৰধান হিচাপে সামন্ত কুমাৰ গোৱেলৰ কাৰ্যকাল চলিত বৰ্ষৰ  ৩০ জুনত শেষ হ'ব। ৰ’ৰ বৰ্তমানৰ মুৰব্বী গোৱেলক ২০১৯ চনৰ জুন মাহত দুবছৰৰ বাবে ৰ'ৰ মুৰব্বী হিচাপে নিযুক্ত দিয়া  হৈছিল। পিছত তেওঁক ২০২১ আৰু জুন ২০২২ ত দুবাৰকৈ চাকৰিৰ  সম্প্ৰসাৰণ দিয়া হৈছিল। জম্মু আৰু কাশ্মীৰ সম্পৰ্কীয় বিষয়ৰ বিশেষজ্ঞ গোৱেলে পাকিস্তানৰ বালাকোটত ফেব্ৰুৱাৰী ২০১৯ ৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ পৰিকল্পনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি ধাৰণা কৰা হয়। 

সিনহাই তেওঁৰ অৱসৰৰ পিছতে  দুবছৰৰ বাবে ৰ'ৰ দায়িত্ব ল'ব।'পাকিস্তান বিশেষজ্ঞ' হিচাবে পৰিচিত  ৰবি সিনহাই আইএছআইৰ গতিবিধি সন্দৰ্ভত ভালদৰে জ্ঞাত বুলি বহুতে ধাৰণা কৰিছে। সিনহাই জম্মু আৰু কাশ্মীৰ, উত্তৰ-পূব আৰু অন্যান্য ৰাজ্যত  দক্ষতাৰে  কাম কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে