--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নতুন সংসদ ভৱন উদ্বোধনক লৈ তুংগত উঠিছে মোদী চৰকাৰ আৰু বিৰোধীৰ সংঘাত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদ ভৱন উদ্বোধন কৰাৰ বিৰোধিতাত অটল বিৰোধী দলসমূহ। 

বিৰোধী দলসমূহৰ দাবী কেৱল দেশৰ ৰাষ্ট্রপতিয়েহে উদ্বোধন কৰিব লাগিব নতুন সংসদ ভৱন। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল বিৰোধী পক্ষৰ। ৰাষ্ট্রপতি দ্ৰৌপদী মুৰ্মুৰ দ্বাৰা নতুন সংসদ ভৱন উদ্বোধন কৰোৱাৰ বাবে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়াটো বিচাৰিছে বিৰোধী পক্ষই। 

ইয়াৰ বাবেই উচ্চতম ন্যায়ালয়ত PIL দাখিল বিৰোধী দলসমূহৰ। উল্লেখ্য যে ২০ টা বিৰোধী দলে প্ৰধানমন্ত্ৰী মোদীৰ নতুন সংসদ ভৱনৰ উদ্বোধন কাৰ্যসূচী বৰ্জন কৰিব বুলি সিদ্ধান্ত লৈছে। ২৮ মে'ৰ উদ্বোধন কাৰ্যসূচী বৰ্জনৰ সিদ্ধান্ত লৈছে কংগ্ৰেছ, আপ, TMC, JDUকে ধৰি ২০ টাকৈ বিৰোধী দলে। 

ৰাষ্ট্রপতি মুৰ্মুৰ দ্বাৰা সংসদ ভৱন উদ্বোধন নকৰাটো সংবিধান উলংঘন বুলি PILত মন্তব্য বিৰোধী দলসমূহৰ। ৰাষ্ট্রপতি মুৰ্মুক সংসদ ভৱন উদ্বোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ নকৰাকো গৰিহণা দিয়ে বিৰোধী দলসমূহে। সংসদ গঠন হৈছে ৰাষ্ট্রপতি আৰু লোকসভা আৰু ৰাজ্যসভাৰে। ৰাষ্ট্রপতিৰ আছে সংসদ ভংগ কৰাৰ ক্ষমতা। 

সেই ৰাষ্ট্রপতিকে উদ্বোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ নজনোৱাটো কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি মন্তব্য বিৰোধী পক্ষৰ। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চূড়ান্ত অগণতান্ত্ৰিক আখ্যা দিছে বিৰোধী দলসমূহে। সংসদৰ পৰা গণতন্ত্ৰৰ আত্মাক মোদীৰ কাৰ্যকালত উলিয়াই অনা হৈছে বুলি ক্ষোভ প্ৰকাশ কৰিছে বিৰোধী দলসমূহে। 

এইদৰেই এতিয়া সংসদ উদ্বোধনক লৈ শাসক আৰু বিৰোধীৰ মাজত অভূতপূৰ্ব সংঘাত। পাছ হুহুকিবলৈ ৰাজী নহয় কোনো এটা পক্ষ। এতিয়া উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ওপৰত নিৰ্ভৰ কৰিছে বিষয়টোৰ গতি-প্ৰকৃতি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস