--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নতুন সংসদ ভৱন উদ্বোধনক লৈ তুংগত উঠিছে মোদী চৰকাৰ আৰু বিৰোধীৰ সংঘাত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদ ভৱন উদ্বোধন কৰাৰ বিৰোধিতাত অটল বিৰোধী দলসমূহ। 

বিৰোধী দলসমূহৰ দাবী কেৱল দেশৰ ৰাষ্ট্রপতিয়েহে উদ্বোধন কৰিব লাগিব নতুন সংসদ ভৱন। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল বিৰোধী পক্ষৰ। ৰাষ্ট্রপতি দ্ৰৌপদী মুৰ্মুৰ দ্বাৰা নতুন সংসদ ভৱন উদ্বোধন কৰোৱাৰ বাবে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়াটো বিচাৰিছে বিৰোধী পক্ষই। 

ইয়াৰ বাবেই উচ্চতম ন্যায়ালয়ত PIL দাখিল বিৰোধী দলসমূহৰ। উল্লেখ্য যে ২০ টা বিৰোধী দলে প্ৰধানমন্ত্ৰী মোদীৰ নতুন সংসদ ভৱনৰ উদ্বোধন কাৰ্যসূচী বৰ্জন কৰিব বুলি সিদ্ধান্ত লৈছে। ২৮ মে'ৰ উদ্বোধন কাৰ্যসূচী বৰ্জনৰ সিদ্ধান্ত লৈছে কংগ্ৰেছ, আপ, TMC, JDUকে ধৰি ২০ টাকৈ বিৰোধী দলে। 

ৰাষ্ট্রপতি মুৰ্মুৰ দ্বাৰা সংসদ ভৱন উদ্বোধন নকৰাটো সংবিধান উলংঘন বুলি PILত মন্তব্য বিৰোধী দলসমূহৰ। ৰাষ্ট্রপতি মুৰ্মুক সংসদ ভৱন উদ্বোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ নকৰাকো গৰিহণা দিয়ে বিৰোধী দলসমূহে। সংসদ গঠন হৈছে ৰাষ্ট্রপতি আৰু লোকসভা আৰু ৰাজ্যসভাৰে। ৰাষ্ট্রপতিৰ আছে সংসদ ভংগ কৰাৰ ক্ষমতা। 

সেই ৰাষ্ট্রপতিকে উদ্বোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ নজনোৱাটো কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি মন্তব্য বিৰোধী পক্ষৰ। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চূড়ান্ত অগণতান্ত্ৰিক আখ্যা দিছে বিৰোধী দলসমূহে। সংসদৰ পৰা গণতন্ত্ৰৰ আত্মাক মোদীৰ কাৰ্যকালত উলিয়াই অনা হৈছে বুলি ক্ষোভ প্ৰকাশ কৰিছে বিৰোধী দলসমূহে। 

এইদৰেই এতিয়া সংসদ উদ্বোধনক লৈ শাসক আৰু বিৰোধীৰ মাজত অভূতপূৰ্ব সংঘাত। পাছ হুহুকিবলৈ ৰাজী নহয় কোনো এটা পক্ষ। এতিয়া উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ওপৰত নিৰ্ভৰ কৰিছে বিষয়টোৰ গতি-প্ৰকৃতি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা