--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিমধ্যে ভাৰতৰ সৈতে সীমান্তৰ দীৰ্ঘদিনীয়া বিবাদত আবদ্ধ হৈ পৰা চীনে উত্তৰাখণ্ডৰ গাতে লাগি সীমান্ত প্ৰতিৰক্ষা গাঁও নিৰ্মাণ কৰি আহিছে বুলি এটা সূত্ৰৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক জনায়। ২৫০টা ঘৰেৰে গঠিত এই সীমান্ত গাঁওসমূহ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা ১১ কিলোমিটাৰ দূৰত্বত নিৰ্মাণ কৰা হৈছে।

উত্তৰাখণ্ডৰ সংলগ্ন এল এ চিৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰত্বত প্ৰায় ৫৫-৫৬টা ঘৰ নিৰ্মাণৰ কামতো চীন জড়িত হৈ আছে, যিবোৰ ঘৰ পিপলছ লিবাৰেচন আৰ্মিৰ (পি এল এ)ৰ তত্বাৱধানত আছে। কেৱল সীমান্তত পূব খণ্ডৰ ৪০০ খন গাঁও নিৰ্মাণৰ পৰিকল্পনা আছে।ভাৰত-চীন সীমান্তৰ লিপুলেখ পাছৰ শেষ সীমান্ত চকীলৈ যোৱাৰ পথ অধিক মসৃণ কৰাৰ বাবে উত্তৰাখণ্ডৰ ঘটিয়াবাগৰ-লিপুলেখ পথত বুণ্ডী আৰু গৰবিয়াঙৰ মাজত ছয় কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ নিৰ্মাণ কৰা হ’ব বুলি বি আৰ অ’ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷২০০০ কোটি টকাৰ এই প্ৰকল্পটো চাৰি-পাঁচ বছৰৰ ভিতৰত আৰম্ভ হ’ব পাৰে বুলিও তেওঁ লগতে কয়।

তেওঁ কয় যে , ‘প্ৰস্তাৱিত সুৰংগটোৰ প্ৰতি লক্ষ্য ৰাখি বুণ্ডীৰ পৰা গৰবিয়াংলৈ সীমান্ত পথটো বি আৰ অ’ই চিংগল লেন ৰাখিছে, বাকীখিনি ডাবল লেন হ’বলৈ গৈ আছে।সীমান্ত পথ সংস্থাৰ বিষয়াগৰাকীয়ে জনোৱা মতে, ২০২০ চনত আৰম্ভ হোৱা সীমান্ত পথটোত বৰ্তমান ব্লেক টপ আৰু ডাবল লেন কৰা হৈছে।ডাবল লেনিঙৰ কামৰ অধিকাংশই প্ৰায় সম্পূৰ্ণ হোৱা বুলিও তেওঁ কয়।

ইয়াৰ পূৰ্বে এপ্ৰিল মাহত ভাৰতীয় সামৰিক বাহিনীয়ে ভূটানৰ আমো চু নদী উপত্যকাত চীনে ব্যাপকভাৱে নিৰ্মাণ কৰাক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছিল। আমো চু কৌশলগত ডোকলাম মালভূমিৰ কাষত আছে, য’ৰ পৰা ভাৰতৰ চিলিগুৰি কৰিড’ৰ চীনৰ পিএলএৰ প্ৰত্যক্ষ দৃষ্টিৰেখাত আছে।

২০২০ চনত গালৱান উপত্যকাৰ সংঘৰ্ষত ২০ জন ভাৰতীয় জোৱান নিহত হোৱাৰ পিছত ভাৰত আৰু চীনৰ সম্পৰ্ক অতি বেয়া হৈ পৰে৷ সীমান্তৰ সমস্যা সমাধান নকৰিলে চীনৰ সৈতে সম্পৰ্ক স্বাভাৱিক হ’ব নোৱাৰে বুলি ভাৰতে জোৰ দিছে আৰু ভাৰতৰ সৈতে সীমান্তৰ উত্তেজনা সমাধানৰ বাবে দুয়োখন দেশে কেইবাবাৰো সামৰিক আলোচনাত মিলিত হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস