--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিমধ্যে ভাৰতৰ সৈতে সীমান্তৰ দীৰ্ঘদিনীয়া বিবাদত আবদ্ধ হৈ পৰা চীনে উত্তৰাখণ্ডৰ গাতে লাগি সীমান্ত প্ৰতিৰক্ষা গাঁও নিৰ্মাণ কৰি আহিছে বুলি এটা সূত্ৰৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক জনায়। ২৫০টা ঘৰেৰে গঠিত এই সীমান্ত গাঁওসমূহ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা ১১ কিলোমিটাৰ দূৰত্বত নিৰ্মাণ কৰা হৈছে।

উত্তৰাখণ্ডৰ সংলগ্ন এল এ চিৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰত্বত প্ৰায় ৫৫-৫৬টা ঘৰ নিৰ্মাণৰ কামতো চীন জড়িত হৈ আছে, যিবোৰ ঘৰ পিপলছ লিবাৰেচন আৰ্মিৰ (পি এল এ)ৰ তত্বাৱধানত আছে। কেৱল সীমান্তত পূব খণ্ডৰ ৪০০ খন গাঁও নিৰ্মাণৰ পৰিকল্পনা আছে।ভাৰত-চীন সীমান্তৰ লিপুলেখ পাছৰ শেষ সীমান্ত চকীলৈ যোৱাৰ পথ অধিক মসৃণ কৰাৰ বাবে উত্তৰাখণ্ডৰ ঘটিয়াবাগৰ-লিপুলেখ পথত বুণ্ডী আৰু গৰবিয়াঙৰ মাজত ছয় কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ নিৰ্মাণ কৰা হ’ব বুলি বি আৰ অ’ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷২০০০ কোটি টকাৰ এই প্ৰকল্পটো চাৰি-পাঁচ বছৰৰ ভিতৰত আৰম্ভ হ’ব পাৰে বুলিও তেওঁ লগতে কয়।

তেওঁ কয় যে , ‘প্ৰস্তাৱিত সুৰংগটোৰ প্ৰতি লক্ষ্য ৰাখি বুণ্ডীৰ পৰা গৰবিয়াংলৈ সীমান্ত পথটো বি আৰ অ’ই চিংগল লেন ৰাখিছে, বাকীখিনি ডাবল লেন হ’বলৈ গৈ আছে।সীমান্ত পথ সংস্থাৰ বিষয়াগৰাকীয়ে জনোৱা মতে, ২০২০ চনত আৰম্ভ হোৱা সীমান্ত পথটোত বৰ্তমান ব্লেক টপ আৰু ডাবল লেন কৰা হৈছে।ডাবল লেনিঙৰ কামৰ অধিকাংশই প্ৰায় সম্পূৰ্ণ হোৱা বুলিও তেওঁ কয়।

ইয়াৰ পূৰ্বে এপ্ৰিল মাহত ভাৰতীয় সামৰিক বাহিনীয়ে ভূটানৰ আমো চু নদী উপত্যকাত চীনে ব্যাপকভাৱে নিৰ্মাণ কৰাক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছিল। আমো চু কৌশলগত ডোকলাম মালভূমিৰ কাষত আছে, য’ৰ পৰা ভাৰতৰ চিলিগুৰি কৰিড’ৰ চীনৰ পিএলএৰ প্ৰত্যক্ষ দৃষ্টিৰেখাত আছে।

২০২০ চনত গালৱান উপত্যকাৰ সংঘৰ্ষত ২০ জন ভাৰতীয় জোৱান নিহত হোৱাৰ পিছত ভাৰত আৰু চীনৰ সম্পৰ্ক অতি বেয়া হৈ পৰে৷ সীমান্তৰ সমস্যা সমাধান নকৰিলে চীনৰ সৈতে সম্পৰ্ক স্বাভাৱিক হ’ব নোৱাৰে বুলি ভাৰতে জোৰ দিছে আৰু ভাৰতৰ সৈতে সীমান্তৰ উত্তেজনা সমাধানৰ বাবে দুয়োখন দেশে কেইবাবাৰো সামৰিক আলোচনাত মিলিত হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী