--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সাম্প্ৰদায়িক মন্তব্যৰে প্ৰায়ে বিতৰ্কৰ সূত্ৰপাত কৰা হিন্দুত্ববাদী নেতা তথা মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ মুৰব্বী ৰাজ ঠাকৰে পুনৰ এবাৰ চৰ্চালৈ আহিছে। কিছুদিন পূৰ্বে পয়গম্বৰ মহম্মদ সম্পৰ্কে বিতৰ্কিত মন্তব্যৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা বিজেপিৰ মুখপাত্ৰ নুপুৰ শৰ্মালৈ সমৰ্থন আগবঢ়াই এইবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে ৰাজ ঠাকৰেই। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হিন্দুত্বাদী নেতাগৰাকীয়ে নুপুৰ শৰ্মালৈ প্ৰত্যক্ষ সমৰ্থন আগবঢ়ায়।

সাক্ষাৎকাৰটোত ৰাজ ঠাকৰেই কয় যে সকলোৱে নুপুৰ শৰ্মাক ক্ষমা বিচাৰিবলৈ দাবী কৰিছে। কিন্তু এই বিষয়ত তেওঁ মুকলিকৈ নুপুৰ শৰ্মাক সমৰ্থন কৰিব। “নূপুৰ শৰ্মাই যি মন্তব্য কৰিছিল, তেনে মন্তব্য পূৰ্বে জাকিৰ নায়েকেও কৰিছিল। জাকিৰ নায়েক এজন মুছলমান। কিন্তু নায়েকক এনে মন্তব্যৰ বাবে কোনেও ক্ষমা খুজিবলৈ দাবী কৰা কৰা নাই।”— ঠাকৰেই লগতে কয়।

স্মৰ্তব্য যে কিছুদিন পূৰ্বে পয়গম্বৰ মহম্মদ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্য কৰি দেশৰ লগতে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো চাঞ্চল্যৰ সৃষ্টি কৰিছিল নুপুৰ শৰ্মাই। টেলিভিচনত সম্প্ৰচাৰিত এক বিতৰ্কত নূপুৰ শৰ্মাই পয়গম্বৰৰ সন্দৰ্ভত নুপুৰ শৰ্মাই এক তীৰ্যক মন্তব্য কৰিছিল। এই মন্তব্যৰ বিৰুদ্ধে সমগ্ৰ দেশতে প্ৰতিবাদৰ সৃষ্টি হৈছিল। লগতে বিশ্বৰ ইছলামিক ৰাষ্ট্ৰসমূহেও নুপুৰ শৰ্মাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে ভাৰত চৰকাৰক দাবী জনাইছিল।

দেশৰ আভ্যন্তৰীণ প্ৰতিবাদৰ সমসাময়িকভাৱে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মুখীন হোৱা তীব্ৰ হেঁচাৰ ফলশ্ৰুতিত বিজেপিয়ে পৰৱৰ্তী সময়ত নূপুৰ শৰ্মাক দলৰ পৰা নিলম্বিত কৰিবলৈ বাধ্য হয়। ইফালে নুপুৰ শৰ্মাৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত বহুকেইটা গোচৰো ৰুজু হয়। অৱশ্যে যোৱা মাহত উচ্চতম ন্যায়ালয়ে নূপুৰ শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ সন্দৰ্ভত ১০ আগষ্টলৈকে গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰিছিল, যাৰ বাবে এনে বিতৰ্কিত মন্তব্যৰ পাছতো গ্ৰেপ্তাৰ নোহোৱাকৈ আছিল বিতৰ্কিত নেত্ৰীগৰাকী।

ইফালে কিছুদিন পূৰ্বে মছজিদৰ পৰা লাউডস্পিকাৰ আঁতৰ কৰিবলৈ দাবী কৰি তদানীন্তন শিৱসেনা চৰকাৰৰ বিৰুদ্ধে বাকযুদ্ধত লিপ্ত হোৱা ৰাজ ঠাকৰেই পুনৰ লাউডস্পিকাৰ বিতৰ্কৰ সূত্ৰপাত ঘটাইছে। আজিলৈকে কোনো এটা দলেই এই বিষয়ত জোৰ দিয়া নাই বুলি মন্তব্য কৰি ঠাকেই লাউডস্পীকা আঁতৰাবলৈ পুনৰ সকীয়নি দিয়ে। যদি এনে নকৰে, তেতিয়া মছজিদত প্ৰৱেশ কৰি হনুমান চালিচা জপ কৰা হ’ব বুলি এক সকীয়াই দিছে ঠাকৰেই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী